বাথৰূমৰ পৰা ওলাল ৩০ টাতকৈও অধিক সাপৰ পোৱালি : খাৱন-শোৱন নাই ঘৰখনত - Snake cub rescue

By ETV Bharat Assamese Team

Published : May 27, 2024, 4:41 PM IST

thumbnail
বাথৰূমৰ পৰা ওলাল ৩০ টাতকৈও অধিক সাপৰ পোৱালি (ETV Bharat Assam)

কলিয়াবৰ, 27 মে’: কলিয়াবৰৰ এখন ঘৰত স্নানাগাৰত ভিতৰত ওলাইছে ৩০ টাতকৈও অধিক সাপৰ পোৱালি ৷ সাপৰ পোৱালি চাবলৈ ভিৰ বাঢ়িছে উৎসুক ৰাইজৰ ৷ ঘটনাৰ স্থান কলিয়াবৰৰ কুঁৱৰীটোল চাৰিআলি ৷ পুৱাতে স্নানাগাৰত ইমানবোৰ সাপৰ পোৱালিৰ অৱস্থিতি প্ৰত্যক্ষ কৰি শংকিত হৈ পৰে কুঁৱৰীটোলবাসী ৷

সাপ ওলোৱাক কেন্দ্ৰ কৰি ভয়ত চাহ-ভাত নোখোৱাকৈ থাকিল গৃহস্থ । অৱশেষত সাপৰ পোৱালিবোৰ উদ্ধাৰ কৰিবলৈ আহিল প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকা । একেলগে এটা বাল্টিত জমা কৰিলে কৰিলে ৩০ টাতকৈও অধিক সাপৰ পোৱালি ।

অৱশ্যে ঢোঁৰা সাপৰ পোৱালী বুলি চিনাক্ত কৰিছে সঞ্জীৱ ডেকাই । উল্লেখ্য যে সাপে স্নানাগাৰত কণী পাৰিছিল । সেই কণী ফুটি ওলোৱা ঢোঁৰা সাপৰ পোৱালিবিলাক পুনৰ সুৰক্ষিত স্থানত এৰি দিয়াৰ ব্যৱস্থা কৰে সঞ্জীৱ ডেকাই ।

লগতে পঢ়ক: 3500 টা সাপ ধৰি অভিলেখ গঢ়িলে সূৰ্যকান্তই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.