ETV Bharat / bharat

3500 টা সাপ ধৰি অভিলেখ গঢ়িলে সূৰ্যকান্তই

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 8:20 PM IST

Man Rescues 3500 Snakes: সাপ ধৰি নাম উজ্বলালে এজন ব্যক্তিয়ে ৷ সূৰ্যকান্তই এতিয়ালৈকে উদ্ধাৰ কৰিছে 3500 টা সাপ ৷ কোন এই সূৰ্যকান্ত ? পঢ়ক সবিশেষ...

Man Rescues 3,500 Snakes
3,500 টা সাপ ধৰি অভিলেখ গঢ়িলে সূৰ্যকান্তই

নেশ্যনেল ডেস্ক, 11 ফেব্ৰুৱাৰী : সাপ ধৰি নাম উজলালে সূৰ্যকান্তই ৷ ছত্তীশগড়ৰ ধামতাৰীৰ ৰুদ্ৰী অঞ্চলত ঘৰ সূৰ্যকান্তৰ ৷ অঞ্চলটোৰ যিকোনো ঘৰত সাপে প্ৰৱেশ কৰিলেই, সাপ উদ্ধাৰৰ একমাত্ৰ সহায় হৈছে সূৰ্যকান্ত ৷ তেওঁ সাপ ধৰাত ইমানেই পাকৈত যে, কেৱল স্থানীয় লোকেই নহয় আনকি বন বিভাগৰ লোকেও সহায়ৰ বাবে সূৰ্যকান্তৰ ওচৰলৈ যায় । এতিয়ালৈকে চহৰখনৰ ৰুদ্ৰী ৰোড এলেকাত এই ব্যক্তিজনে 3,500 ৰো অধিক বিষাক্ত সাপ ধৰিছে ৷

স্থানীয় লোকসকলৰ অনুসৰি, কেইবা দশক ধৰি ৰুদ্ৰী বিষাক্ত সাপৰ বাসস্থান । এই অঞ্চলত গ্ৰীষ্মকালত প্ৰায়েই বিষাক্ত সাপে ঘৰত প্ৰৱেশ কৰে ৷ অঞ্চলটোত কেতিয়াবা সাপৰ খোঁটাৰ ফলত মানুহৰ মৃত্যু হোৱা ঘটনাও সংঘটিত হৈছে ৷

সূৰ্যকান্তই এই ঘটনা সন্দৰ্ভত কয় যে, তেওঁ মোবাইলত এটা ইউটিউব ভিডিঅ’ চাই সাপ উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰিছিল । "ভিডিঅ’টো চোৱাৰ সময়ত মই দেখিছিলো যে এজন সাপ ধৰা মানুহে কিমান সহজে সাপ এটা ধৰিছিল । এই ভিডিঅ’টোৱে মোক মোক সাপ ধৰিবলৈ অনুপ্ৰাণিত কৰিছিল ৷ কিয়নো প্ৰতিদিনে অঞ্চলটোত সাপে চিন্তাৰ কাৰণ হৈ আহিছে । মই অনুভৱ কৰিছিলো যে, মই সাপ ধৰিবলৈ সক্ষম হ’লে মানুহৰ প্ৰাণৰক্ষা কৰাৰ লগতে সাপক লোকে আক্ৰমণ কৰাৰ পৰাও বচাব পাৰি ৷" তেওঁ কয় ৷

সাপ যিমানেই বিষাক্ত নহওক কিয়, সূৰ্যকান্তই চকুৰ পলকতে বাকচৰ ভিতৰত সাপ ভৰাই দিবলৈ সক্ষম হয় । সূৰ্যকান্তই কয় যে, তেওঁ বহুতো ৰাছেল ভাইপাৰ ধৰিছে, ৰাছেল ভাইপাৰ এনেকুৱা এটা সাপ যিয়ে এজন লোকক কেইমিনিটমানৰ ভিতৰতে হত্যা কৰিব পাৰে । উল্লেখ্য যে, সূৰ্যকান্তই সাপ ধৰাৰ বিনিময়ত কোনো ধন নলয় । সাপটো উদ্ধাৰৰ পিচত তেওঁ সাপটোক অৰণ্যত এৰি দিয়ে ৷

এই সাপ ধৰা প্ৰক্ৰিয়াত সূৰ্যকান্তই সাপটোৱে যাতে আঘাত নাপায় তাৰ ওপৰত বিশেষ মনোযোগ দিয়ে । তেওঁ গাঁওবাসীক সাপ নামাৰিবলৈ আহ্বান জনোৱাৰ লগতে কৈছিল যে সাপবোৰ আমাৰ বন্ধু ৷ কিয়নো সাপে শস্যৰ ক্ষতি কৰা পোক-পতংগ খাই খেতি ৰক্ষা কৰে ।

লগতে পঢ়ক: আলোচনাৰ বাবে মাতিও সীমান্তত চৰকাৰৰ যুদ্ধংদেহি পদক্ষেপ, ক্ষোভিত কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.