যোৰহাটত প্ৰায় ১.২ কোটি টকাৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী - Drive against drugs

🎬 Watch Now: Feature Video

thumbnail
যোৰহাটত প্ৰায় ১.২ কোটি টকাৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 17, 2024 at 10:33 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট, ১৭ জুন: যোৰহাটৰ মধুৱন সমীপৱতী ১৩ নং ৱাৰ্ডত সোমবাৰে এটা ভাৰাঘৰত যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক আৰু সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ আৰক্ষীৰ দলে পঞ্চাশটা চাবোনৰ বাকচত মজুত কৰি ৰখা ৫০০.৯৭ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰা লগতে আমগুৰিৰ বাবা হাজৰিকা নামৰ এটা সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: আমগুৰিৰ বৰবাম গ্ৰাণ্টত জব্দ চাৰি কোটি টকাৰ ড্ৰাগছ - Drugs seized in Amguri

আমগুৰিৰ এটা ড্ৰাগছ সৰবৰাহকাৰীৰ তথ্যৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে সোমবাৰে বিয়লি ১৩ নং ৱাৰ্ডৰ চোলাধৰা মধুৱনত থকা এটা তিনিমহলীয়া ঘৰৰ এটা বন্ধ কোঠাত পঞ্চাশটা চাবোনৰ বাকচত মজুত কৰি থোৱা অৱস্থাত ৫০০.৯৭ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে ড্ৰাগছসহ সৰবৰাহকাৰীটোক আটক কৰি যোৰহাট আৰক্ষীয়ে সদৰ থানালৈ আনিছে ৷ অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে । 

লগতে পঢ়ক: বৰপথাৰত চাৰি কোটি টকাৰ মৰফিন জব্দ : আটক মণিপুৰৰ সৰবৰাহকাৰী - Drugs seized in Barpathar

যিটো ঘৰৰ পৰা ড্ৰাগছখিনি উদ্ধাৰ কৰা হৈছে, সেই ঘৰটোৰ গৰাকীৰ ঘৰ শিৱসাগৰত । অধিক ভাৰা পোৱাৰ আশাত ঘৰটোৰ গৰাকীয়ে যিকোনো লোকক ঘৰ ভাৰালৈ দি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ মতে, উক্ত ঘৰটোত বিভিন্ন সময়ত বিভিন্ন অসামাজিক কাৰ্যাকলাপ সংঘটিত হৈ আহিছে । বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে হতবাক হৈ পৰিছে অভিযানকাৰী যোৰহাট আৰক্ষীও ৷

লগতে পঢ়ক: গোলাঘাটৰ ফৰকাটিঙত ড্ৰাগছসহ আটক দুই