কলকাতা অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ সংঘৰ্ষ : 10 জনৰ মৃত্যু - KANCHANJUNGHA EXPRESS ACCIDENT
Train accident in West Bengal : ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ এবছৰ হৈছিলহে, এইবাৰ পশ্চিবংগত ভয়াৱহ ৰে’ল দুৰ্ঘটনা ৷ সোমবাৰে পুৱা শিলিগুৰিৰ ফানচিডেৱা খণ্ডৰ ঘোষপুকুৰত কলকাতা অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুটা দবা লাইনচ্যুত হয় ৷ এই দুৰ্ঘটনাত 10 গৰাকী লোকৰ মৃত্যু হোৱা বুলি খবৰ লাভ কৰা হৈছে ৷

Published : June 17, 2024 at 11:48 AM IST
|Updated : June 18, 2024 at 9:13 AM IST
নেশ্যনেল ডেস্ক, 17 জুন : সোমবাৰে পুৱা পশ্চিম বংগৰ দাৰ্জিলিং জিলাত কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে'লৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয় ৷ ৰে’ল বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি, এই সংঘৰ্ষত 10 গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 44 গৰাকীতকৈ অধিক লোক আহত হৈছে ।
কাঞ্চনজংঘা এক্সপ্ৰেছখনে অসমৰ শিলচৰৰ পৰা কলকাতাৰ শিয়ালদহলৈ যাত্ৰা কৰি থকাৰ সময়তে নিউ জলপাইগুৰিৰ সমীপৰ ৰণগাপানি ষ্টেচনৰ ওচৰত এখন মালবাহী ৰে’লে পিচফালৰ পৰা খুন্দা মৰাৰ ফলত কাঞ্চনজংঘা এক্সপ্ৰেছ লাইনচ্যুত হৈ পৰে । এই দুৰ্ঘটনাটোত এতিয়ালৈ 10 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাগৰাকী যাত্ৰী আহত হয় ৷
ইতিমধ্যে ঘটনাস্থলীত উদ্ধাৰ অভিযান আৰম্ভ হৈছে । দুৰ্ঘটনাগ্ৰস্ত হোৱা কম্পাৰ্টমেণ্টটো আঁতৰোৱাৰ কাম আৰম্ভ কৰা হৈছে । উদ্ধাৰকাৰী দল ইতিমধ্যে নিউ জলপাইগুৰি ৰে’ল ষ্টেচনৰ পৰা ঘটনাস্থলীত উপস্থিত হৈছে । আহতসকলক উদ্ধাৰ কৰি উত্তৰ বংগ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

এই দুৰ্ঘটনা সন্দৰ্ভত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, "দাৰ্জিলিং জিলাৰ ফানচিডেৱা অঞ্চলত সংঘটিত হোৱা শোকাৱহ ৰে'ল দুৰ্ঘটনাৰ কথা শুনি মৰ্মান্তিক হৈ পৰিছো । কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ হৈছিল । ঘটনাস্থলীলৈ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, চিকিৎসক, এম্বুলেন্স আৰু দুৰ্যোগ ব্যৱস্থপনা দল প্ৰেৰণ কৰা হৈছে । শেহতীয়াকৈ নিউ জলপাইগুৰি-শিয়ালদহ পথত ৰে’ল সেৱা স্থগিত ৰখা হৈছে ।"
ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে X ত উল্লেখ কৰে, "উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বাবে ই এক দুৰ্ভাগ্যজনক ঘটনা । যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ কাৰ্য চলি আছে ৷ এন ডি আৰ এফ আৰু এছ ডি আৰ এফে যুটীয়াভাৱে কাম কৰি আছে । আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ ৰে’লৱে বিভাগৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে ৷"
ৰে’লৱেই ইতিমধ্যে হেল্পলাইন নম্বৰ জাৰী কৰিছে । হেল্পলাইন নম্বৰ হৈছে -
- শিয়ালদহ ষ্টেচন- (033)23508794,
- হাওৰা ষ্টেচন - (033)26413660,
- মালদা ষ্টেচন - (03512)284264
- কাটিহাৰ ষ্টেচন - 9002041952
এন এফ ৰে’লৱেৰ বিষয়াসকলে এতিয়ালৈকে দুৰ্ঘটনাটোৰ আঁৰৰ সঠিক কাৰণ নিশ্চিত কৰা নাই । মালবাহী ৰে’লখন কেনেদৰে একেটা লাইনত পিচফালৰ পৰা কাঞ্চনজংঘা এক্সপ্ৰেছৰ ওচৰলৈ আহিছিল, নে এক্সপ্ৰেছ ৰে’লখনে অনিৰ্ধাৰিত ষ্টপেৰে আহিছিল নেকি নে কোনো চিগনেলিং চিষ্টেম বিকল হৈছিল নে প্ৰতিকুল বতৰৰ বাবে এই ভয়াবহ দুৰ্ঘটনা হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ, ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘটনাটোক লৈ ক্ষোভ আৰু উদ্বেগ প্ৰকাশ কৰিছে । ৰে'ল মন্ত্ৰীগৰাকীয়ে ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় ৷
লগতে পঢ়ক: Odisha train tragedy: কিয় হ’ল দুৰ্ঘটনা ? যান্ত্ৰিক বিজুতি নে ৰে’ল কৰ্মীৰ ভুল ?

