ETV Bharat / politics

অখিল গগৈৰ সৈতে ই টিভি ভাৰত অসমৰ বিশেষ সাক্ষাৎকাৰ - Interview with Akhil Gogoi

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 9:58 PM IST

AKhil Gogoi: কিয় কেৱল হাৱাই ছেণ্ডেল পিন্ধে অখিল গগৈয়ে ? অৰ্কিড উদ্যানৰ পৰা কিমান টকা পায় ? বিজেপি ত্যাগ কৰিব নেকি হিমন্ত বিশ্ব শৰ্মাই ? এনে বহু প্ৰশ্নৰ উত্তৰ দিলে অখিল গগৈয়ে ৷ ই টিভি ভাৰত অসমৰ ব্যুৰ’ চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ সৈতে বিশেষ সাক্ষাৎকাৰ...

INTERVIEW WITH AKHIL GOGOI
অখিল গগৈৰ সৈতে ই টিভি ভাৰত অসমৰ বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

গুৱাহাটী, ২৫ মে’ : ৰাজপথৰ আন্দোলনৰ পৰা সংসদীয় ৰাজনীতিৰ পথাৰলৈ মানুহজনৰ আছে এক বৰ্ণিল জীৱন পৰিক্ৰমা ৷ মানুহজনক আপুনি সমালোচনা কৰিব পাৰে, কিন্তু জাতীয় জীৱনৰ প্ৰতিচ্ছবিৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে । ৰাজ্যৰ বিৰোধী ৰাজনীতিৰ এটা শক্তিশালী নাম অখিল গগৈ ৷

অখিল গগৈৰ সৈতে ই টিভি ভাৰত অসমৰ বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

সদায় থকাৰ দৰেই অসমত হৈ যোৱা লোকসভা নিৰ্বাচনতো চৰ্চাত থাকিল একালৰ কৃষক নেতা, বৰ্তমানৰ ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈ । শদিয়াৰ পৰা ধুবুৰীলৈ বিৰোধীৰ হৈ চলালে ব্যাপক প্ৰচাৰ অভিযান । লোকসভা নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতি আৰু সাম্প্ৰতিক ৰাজনীতি, ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ বিশেষ পৰিকল্পনা আদি সকলো বিষয়ে বিৱৰি ক’লে অখিল গগৈয়ে ৷ অখিল গগৈৰ সৈতে ই-টিভি ভাৰত অসমৰ ব্যুৰো চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ সৈতে বিশেষ সাক্ষাৎকাৰ ৷

অসমত কোন কেইখন আসন পাব বিৰোধী ঐক্যমঞ্চই ?

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মতে এইবাৰ অসমৰ ৰাজনীতিত বিৰোধী ঐক্যমঞ্চই বিজেপিৰ সৈতে শক্তিশালী যুঁজ দিছে ৷ ধুবুৰী, নঁগাও, যোৰহাট, ডিব্ৰুগড়, কৰিমগঞ্জ আৰু গুৱাহাটীকে ধৰি মুঠ ৬খন আসনত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীয়ে মাৰিব বিজয়ৰ হাঁহি । আন আটাইকেইখন আসনতে দিব শক্তিশালী যুদ্ধ ৷

লজিষ্টিক ছাপৰ্ট নথকাকৈ নিৰ্বাচন খেলাৰ কথা কৈ কিয় কংগ্ৰেছৰ ৰোষত পৰিছিল অখিল গগৈ ?

অখিল গগৈৰ মন্তব্য যে লজিষ্টিক ছাপৰ্ট নথকাকৈ এইবাৰ লোকসভা নিৰ্বাচন খেলিবলৈ বিৰোধীয়ে বাৰুকৈয়ে কষ্ট কৰিব লগা হয় ৷ এই কথা ব্যাখ্যা কৰিবলৈ গৈ কংগ্ৰেছৰ খঙৰ সন্মুখীন হ’বলগীয়া হয় অখিল গগৈ ৷ বিজেপিয়ে ব্যাপক ষড়যন্ত্ৰৰে সমগ্ৰ দেশতে কংগ্ৰেছৰ বেং একাউণ্টকে ধৰি বিৰোধীৰ ধনৰ আন সকলো উৎস বন্ধ কৰি দিয়ে । সেই কথাহে ব্যাখা কৰিছিল অখিল গগৈয়ে ৷

ভূপেন বৰাৰ চোকা সকীয়নি পত্ৰৰ পিচতো কিয় ৰক্ষণাত্মক ভূমিকা অখিল গগৈৰ ?

শেহতীয়াভাৱে অখিল গগৈলৈ ভূপেন বৰাৰ সকীয়নি ভৰা পত্ৰখন আছিল যথেষ্ট চোকা ভাষাৰ। কিন্তু সাধাৰণতে সকলো বিষয়তে তৎপৰ আৰু আক্ৰমণাত্মক উত্তৰ দিয়া অখিল গগৈক কিন্তু এইবাৰ ভূপেন বৰাৰ পত্ৰৰ ক্ষেত্ৰত দেখা গ’ল অতি ৰক্ষণাত্মক স্থিতিত ৷ কিয় এই ৰক্ষণাত্মক স্থিতি অখিল গগৈৰ ? ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থতেই এই সময়ত সকলো বিৰোধী একত্ৰিত হৈ থকাৰ পোষকতা কৰিছে অখিল গগৈয়ে ৷ গগৈৰ মতে ইমান সৰু কথাত বুজাবুজিত বাধা আহিব নোৱাৰে ।

কংগ্ৰেছে ২০২৬ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াই নিয়ন্ত্ৰণ কৰিব খুজিছে নেকি অখিল গগৈক ? এনেবোৰ প্ৰশ্নৰো উত্তৰ উত্তৰ দিলে অখিল গগৈয়ে ৷

২০২৬ত বিধানসভাত থাকিব ৰাইজৰ দলৰ বহুসংখ্যক বিধায়ক :

অসম বিধানসভাত এতিয়া ৰাইজৰ দলৰ একমাত্ৰ বিধায়কজনেই হ’ল অখিল গগৈ । সাক্ষাৎকাৰত অখিল গগৈয়ে সদৰী কৰিলে ২০২৬ৰ বাবে শদিয়াৰ পৰি ধুবুৰীলৈ সাজু হৈছে ৰাইজৰ দল ৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনত এজন নহয়, ৰাইজৰ দলৰ বহু বিধায়ক আহিব বিধানসভালৈ ৷ অখিল গগৈৰ মন্তব্য যে অসমত ২০২৬ত বিজেপিবিৰোধী চৰকাৰ গঠন হ’ব। সেই চৰকাৰত ৰাইজৰ দলৰ বৃহৎ অংশীদাৰিত্ব থাকিব ।

কেন্দ্ৰত অনা বিজেপি চৰকাৰ হ’লে অসমত কি কি ৰাজনৈতিক পৰিৱৰ্তন হ’ব ? কি কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ?

অখিল গগৈৰ মতে ৪ জুনৰ ফলাফলে দেশৰ ৰাজনীতিৰ লগতে অসমলৈ আনিব ৰাজনৈতিক আমূল পৰিৱৰ্তন। অনা বিজেপি চৰকাৰ হ’লে অসমত হিমন্ত বিশ্ব শৰ্মাই কিদৰে ৰাজনীতিৰ ধাৰা সলাব নিজৰ ? অখিল গগৈৰ মতে আৰ এছ এছ আৰু বি জে পিৰ দ্বাৰা ডেমেজ কণ্ট্ৰলৰ চেষ্টা চলাব হিমন্ত বিশ্ব শৰ্মাই ৷ সেয়া নোৱাৰিলে তেওঁ ইণ্ডি এলায়েন্সৰ নেতৃত্বৰ কাষ চাপি বুজাবুজি কৰিবলৈ চেষ্টা কৰিব । তাতো সফল নহ’লে বিৰোধী ঐক্যত চামিল হোৱাৰ চেষ্টা কৰিব হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে,

  • সঁচাকৈ গাড়ীত জোতা খুলি মানুহক দেখুৱাবলৈহে অখিল গগৈয়ে পিন্ধে নেকি হাৱাই চেণ্ডেল ?
  • ক’ত ক’ত বিশাল সম্পত্তি আছে অখিল গগৈৰ ?
  • কাজিৰঙাত অৰ্কিড পাৰ্কৰ মাটিবোৰ অখিল গগৈৰ নিজৰনে ? পাৰ্কৰ পৰা কিমান টকা পায় অখিল গগৈয়ে ?
  • আজিকালি কিয় নিজৰ পোচাক ইস্ত্ৰি কৰি পিন্ধে অখিল গগৈয়ে । দীঘল চাৰ্ট, হাৱাই চেণ্ডেল এৰি কেতিয়া কলেজত পিন্ধাৰ দৰে পোচাক পিন্ধিব অখিল গগৈয়ে ?

এনে চৰ্চিত সকলো কথাৰ উত্তৰ দিলে অখিল গগৈয়ে ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ কোনটো দিশ স্বীকাৰ কৰে ভূপেন বৰাই ? ই টিভি ভাৰতৰে বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.