ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাৰ কোনটো দিশ স্বীকাৰ কৰে ভূপেন বৰাই ? ই টিভি ভাৰতৰে বিশেষ সাক্ষাৎকাৰ - Interview with Bhupen Borah

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 7:52 PM IST

Updated : May 22, 2024, 8:00 PM IST

Bhupen Borah: অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সৈতে নিৰ্বাচনোত্তৰ এক বিশেষ সাক্ষাৎকাৰ । ই টিভি ভাৰত অসমৰ ব্যুৰো চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ সৈতে বিশেষ সাক্ষাৎকাৰ...

INTERVIEW WITH BHUPEN BORAH
ভূপেন বৰাৰ সৈতে ই টিভি ভাৰতৰ সাক্ষাৎকাৰ (ETV Bharat Assam)

ভূপেন বৰাৰ সৈতে ই টিভি ভাৰতৰ সাক্ষাৎকাৰ (ETV Bharat Assam)

গুৱাহাটী, ২২ মে’ : সমগ্ৰ দেশৰ লগতে অসমতো কংগ্ৰেছৰ ফলাফল ভাল হ’ব ৷ কিন্তু এইবাৰ ৪ জুনত ভোজৰ আয়োজন নকৰে অসম কংগ্ৰেছে ৷

কংগ্ৰেছক লৈ নিৰ্বাচনৰ পিছৰ প্ৰত্যাশা কি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ?

লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কালত ভূপেন বৰা কিয় হৈ পৰিছিল মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপি নেতা-মন্ত্ৰী তথা বদৰুদ্দিন আজমললৈকে আক্ৰমণৰ মূল লক্ষ্য ? বিজেপিলৈ কংগ্ৰেছ নেতাৰ শাৰী বওঁতে কেনে অৱস্থা হৈছিল অসমত কংগ্ৰেছক নেতৃত্ব দিয়া ভূপেন বৰাৰ ?

মুঠ তিনিটা পৰ্যায়ত লোকসভা নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত অসমত এতিয়া ভোটৰ হিচাপ-নিকাচ । এতিয়া অপেক্ষা ৪ জুনলৈ । দেশত এতিয়াও বাকী আছে ২ টা পৰ্যায়ৰ নিৰ্বাচন ৷ অসমৰ ১৪ খন আসনৰ ফলাফলক লৈ বিজেপিয়ে দাবী কৰিছে কমেও ১১ খন আসন ৷

লগতে পঢ়ক: ‘যদি চৰকাৰে চলাব নোৱাৰে তেন্তে হাত দাঙি দিয়ক’; কিয় খং উঠিছে কুলদা কুমাৰ ভট্টাচাৰ্যৰ ?

বিজেপিয়ে নিৰ্দিষ্ট সংখ্যা কোৱাৰ বিপৰীতে অসম কংগ্ৰেছে ৩খনৰ বাদে সকলোতে তুমুল যুদ্ধ দিব বুলি দাবী কৰিছে । কিন্তু কংগ্ৰেছে সংখ্যা কোৱা নাই কিয় ? কোনকেইটা সমষ্টিত জয়ৰ পূৰ্ণ সম্ভাৱনা দেখিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ?

হাইকমাণ্ডে কিমান বিশ্বাস কৰে ভূপেন বৰাক ? ভূপেন বৰাৰ কথা মতেই AIUDFৰে মিত্ৰতা ভংগৰ দৰে এক প্ৰত্যাহ্বান কিয় গ্ৰহণ কৰিছিল হাইকমাণ্ডে ? এইবাৰ আজমলৰ পৰাজয়ে অসমৰ ৰাজনীতিত পুনৰ এক নতুন দিগন্তৰ সূচনা কৰিব বুলি কিয় ভাবে ভূপেন বৰাই ?

লগতে পঢ়ক: দহ বছৰে সংবাদমেল সম্বোধন নকৰিলে কিয় প্ৰধানমন্ত্ৰী মোদীয়ে ? প্ৰশ্ন বি এম সন্দীপ কুমাৰৰ

এইবাৰৰ নিৰ্বাচনটোত কংগ্ৰেছৰ বাবে আটাইতকৈ বৃহৎ প্ৰত্যাহ্বান কি আছিল ? আজমলৰ বাবেই অসমত RSSৰ উত্থান হ’ল বুলি কি ব্যাখা আগবঢ়ালে ভূপেন বৰাই ? ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত কংগ্ৰেছীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰবোৰৰ কি হ’ল ?

নিৰ্বাচনৰ সময়ত ভূপেন বৰাৰ শৰীৰ চৰ্চাৰ এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছিল । শৰীৰ চৰ্চা কৰেনে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ?

লগতে পঢ়ক: মনোজ ধানোৱাৰে প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছিল লুৰীণজ্যোতিয়ে ! ভূপেন বৰাৰ বিস্ফোৰণ

Last Updated : May 22, 2024, 8:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.