ETV Bharat / state

‘যদি চৰকাৰে চলাব নোৱাৰে তেন্তে হাত দাঙি দিয়ক’; কিয় খং উঠিছে কুলদা কুমাৰ ভট্টাচাৰ্যৰ ? - lease out Cotton University land

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 4:07 PM IST

Cotton University issue: কটন বিশ্ববিদ্যালয়ৰ চৌহদ ভাৰাত দিব বিচৰাৰ প্ৰসংগক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া । ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত প্ৰাক্তন কটনিয়ান তথা অনাতাঁৰ শিল্পী, বিশিষ্ট অভিনেতা, পৰিচালক, লেখক কুলদা কুমাৰ ভট্টাচাৰ্যই ব্যক্ত কৰিলে নিজৰ প্ৰতিক্ৰিয়া...

Special interview with Kulada Kumar Bhattacharya regarding lease out Cotton University land to generate revenue
বিশিষ্ট অসমীয়া কুলদা কুমাৰ ভট্টাচাৰ্যৰ সৈতে সাক্ষাৎকাৰ (Etv bharat assam)

বিশিষ্ট অসমীয়া কুলদা কুমাৰ ভট্টাচাৰ্যৰ সৈতে সাক্ষাৎকাৰ (Etv bharat assam)

গুৱাহাটী, 15 মে': ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ চৌহদ অৰ্থাৎ ভূ-সম্পত্তি ভাৰাত দিব বিচৰা বিষয়টো পোহৰলৈ অহাৰ লগে লগে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অসমীয়াৰ আবেগ-অনুভূতি জড়িত হৈ থকা উচ্চ শিক্ষাৰ ঐতিহাসিক শিক্ষানুষ্ঠানখনৰ চৌহদ ভাৰাত দিয়াৰ প্ৰস্তাৱিত বিষয়টোৱে সৰ্বত্রে জোকাৰণিৰ সৃষ্টি কৰিছে । কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা এই সিদ্ধান্তক লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন কটনিয়ান তথা বিশিষ্ট অনাতাঁৰ শিল্পী, অভিনেতা, পৰিচালক, লেখক তথা বিশিষ্ট অসমীয়া কুলদা কুমাৰ ভট্টাচাৰ্যই ।

ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত প্ৰাক্তন কটনিয়ানগৰাকীয়ে এই সন্দৰ্ভত কয়, "এই কাৰ্য কোনো কাৰণতে মানি ল'ব নোৱাৰি । চৰকাৰৰ দ্বাৰা পৰিচালিত এখন শিক্ষানুষ্ঠানে এনেদৰে ৰাজহ সংগ্ৰহৰ বাবে চৌহদটোত ভাড়াৰ ব্যৱস্থা কৰাটো চৰম দুৰ্ভাগ্যজনক কথা । যদি চৰকাৰে চলাব নোৱাৰে তেন্তে হাত দাঙি দিয়ক ৷ কটনৰ গৰিমাত আঘাত সনা কোনো কাৰ্য গ্ৰহণযোগ্য হ'ব নোৱাৰে ।"

বিশিষ্ট শিল্পীগৰাকীয়ে কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ব্যৱসায়-বাণিজ্যৰে বিঘ্নিত নকৰিবলৈ সংশ্লিষ্ট সকলো পক্ষলৈ আহ্বান জনায় । কটন বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্তত প্ৰাক্তন কটনিয়ান হিচাপে উদ্বিগ্নতা প্ৰকাশ কৰি ভট্টাচাৰ্যই চৰকাৰখনকো কঠোৰ ভাষাৰে সমালোচনা কৰে । প্ৰাক্তন কটনিয়ান হিচাপে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাক তথা মুখ্যমন্ত্ৰীগৰাকীৰ নীতিকো কঠোৰ ভাষাৰে সমালোচনা কৰি বৰ্ষীয়ান শিল্পীগৰাকীয়ে কয়, "হিমন্তই কোৱা কথাবোৰ পালন নকৰে । তেওঁ কেৱল ঘোষণাহে কৰে ৷"

মুখ্যমন্ত্রীগৰাকীক ডলাৰ বগৰী আখ্যা দি চৰকাৰখনৰ হিতাধিকাৰী আঁচনিক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয়,"হিতাধিকাৰী সৃষ্টি মানে এলেহুৱাৰ সৃষ্টি কৰা ৷ পাৰিলে তেওঁ কৰ্ম সংস্থাপন দিয়ক...৷"

উল্লেখ্য যে ৰাজহ সংগ্ৰহৰ বাবে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ভাৰাত দিব ঐতিহমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ চৌহদ । ইয়াৰ বাবে ইতিমধ্যেই গঠন কৰা হৈছে ছয়জনীয়া কমিটী । এই কমিটীখনে সকলো দিশ চালি-জাৰি চাই ইয়াৰ ৰূপৰেখা প্ৰস্তুত কৰিব । স্বাভাৱিকতে কটন বিশ্ববিদ্যালয়ৰ এনে হতচকিত কাণ্ডত স্তম্ভিত হৈ পৰিছে ৰাজ্যৰ সচেতন মহল ।

লক্ষণীয় বিষয় যে চৰকাৰী অনুদান নোপোৱাৰ পৰিপ্ৰেক্ষিত চৌহদ ভাৰা দিবলৈ ওলাইছে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । মূলতঃ অসম চৰকাৰৰ চৰম দায়িত্বহীনতাৰ বাবেই ৰাজ্যৰ অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠানখনে এনে সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে বুলি জানিব পৰা গৈছে । গুৱাহাটীৰ মাজমজিয়াত থকা উচ্চ শিক্ষাৰ এই প্ৰতিষ্ঠানখনৰ নিজা ৰাজহ বৃদ্ধিৰ বাবে চৰকাৰৰ হেঁচাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ ভূমি বাহিৰা ব্যক্তি বা প্ৰতিষ্ঠানলৈ হস্তান্তৰ কৰিব ওলাইছে । বিশ্ববিদ্যালয়খনৰ এই হঠকাৰী সিদ্ধান্ত পোহৰলৈ অহাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে 1901 চনত স্থাপন কৰা কটন মহাবিদ্যালয়ক 2017 চনত বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হয় । উন্নীতকৰণ কৰা হয় যদিও শিক্ষানুষ্ঠানখনৰ প্ৰয়োজনীয় আন্তঃগাঁথনি, শিক্ষককে ধৰি বিভিন্ন সমস্যাৰ আজিলৈকে সমাধান কৰা নহ'ল । চৰকাৰখনৰ উদাসীনতাৰ বাবে আজি এনেদৰে বিশ্ববিদ্যালয়খনৰ ভূ-সম্পত্তি এনেদৰে ভাৰাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

বিশ্ববিদ্যালয়খনৰ ভূমি বাহিৰা ব্যক্তি তথা প্ৰতিষ্ঠানলৈ হস্তান্তৰ কৰিবলৈ কাৰ্যবাহী পৰিষদৰ অনুমোদন সাপেক্ষে 13 মে'ত এখন ছয়জনীয়া কমিটী গঠন কৰা হৈছে । এই কমিটীয়ে বিশ্ববিদ্যালয়ৰ ভিতৰৰ ভূমি বাহিৰা পাৰ্টিক হস্তান্তৰ কৰিব আৰু এই সন্দৰ্ভত এক মাষ্টাৰ প্লেন প্ৰস্তুত কৰিব । এই কমিটীখনৰ অধ্যক্ষৰ দায়িত্বত আছে বিশ্ববিদ্যালয়খনৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অৰূপ কুমাৰ হাজৰিকা ।

আনহাতে, ছয়জনীয়া এই কমিটীখনত সদস্য হিচাপে আছে ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ৰাখী কলিতা মৰল, ছাত্ৰ কল্যাণ পৰিষদৰ ডীন মনজিৎ কুমাৰ ভট্টাচাৰ্য, অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা ডেইজী দাস, কাৰ্যবাহী অভিযন্তা ৰাজীৱ লোচন শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ মুখ্য সহায়ক ৰাম চন্দ্ৰ দাস । এই কমিটীখনে চৌহদ আবণ্টনক লৈ প্ৰস্তুত কৰিব মাষ্টাৰ প্লেন ।

লগতে পঢ়ক: পুঁজিৰ অভাৱ: ভাৰাত দিয়া হ'ব ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ চৌহদ - COTTON UNIVERSITY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.