ETV Bharat / sports

টি-২০ বিশ্বকাপ হ'ব ভাৰতীয় দলৰ সৈতে দ্ৰাবিড়ৰ অন্তিম অভিযান - Indian Cricket Team Head Coach

Indian Cricket Team Head Coach: ভাৰতীয় পুৰুষ দলৰ মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে পুনৰ আবেদন কৰা নাই ৰাহুল দ্ৰাবিড়ে । ফলস্বৰূপে তেওঁৰ এই যাত্ৰা টি-২০ বিশ্বকাপৰ লগে লগে সমাপ্ত হোৱাটো নিশ্চিত হৈ পৰিছে । দ্ৰাবিড়ে নিজে এই কথা উল্লেখ কৰিছে ।

Indian Cricket Team Head Coach
টি-২০ বিশ্বকাপে হ'ব ভাৰতীয় দলৰ সৈতে দ্ৰাবিড়ৰ অন্তিম অভিযান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 9:24 AM IST

স্পৰ্টছ ডেস্ক,৪ জুন : টি-২০ বিশ্বকাপৰ পিচতে মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল সমাপ্ত হ'ব । ইতিমধ্যে বিচিচিআই মুখ্য প্ৰশিক্ষকৰ সন্ধানত আছে । প্ৰশিক্ষকৰ বাবে আবেদনৰ তাৰিখো উকলি গৈছে । ইয়াৰ মাজতে ৰাহুল গান্ধীয়ে ঘোষণা কৰিছে যে মুখ্য প্ৰশিক্ষক হিচাপে টি-২০ বিশ্বকাপ ভাৰতীয় দলৰ সৈতে তেওঁৰ অন্তিম যাত্ৰা হ'ব । তেওঁ নিশ্চিত কৰিছে যে ভাৰতৰ মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে আবেদন কৰা নাই আৰু চলিত বিশ্বকাপ তেওঁৰ অন্তিম দায়িত্ব হ'ব ।

বিচিচিআইয়ে জনাইছিল যে ৰাহুল দ্ৰাবিড়ে বিচাৰিলে পুনৰ আবেদন কৰিব পাৰিব । কিন্তু ২০২১ চনৰ টি-২০ বিশ্বকাপৰ পিচত দলটোৰ দায়িত্ব গ্ৰহণ কৰা দ্ৰাবিড়ে নিশ্চিত কৰিছে যে তেওঁ পুৰুষ দলৰ মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে পুনৰ আবেদন কৰা নাই ।

সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিল যে এই প্ৰতিযোগিতাখন তেওঁৰ বাবে অধিক গুৰুত্বপূৰ্ণ নেকি কিয়নো এইটো দলটোৰ দায়িত্বত তেওঁৰ অন্তিমটো প্ৰতিযোগিতা । এই প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "প্ৰতিটো প্ৰতিযোগিতা গুৰুত্বপূৰ্ণ । মই ভাৰতৰ বাবে প্ৰশিক্ষণ দিয়া প্ৰতিখন খেল মোৰ বাবে অতি গুৰুত্বপূৰ্ণ । গতিকে মোৰ বাবে এই প্ৰতিযোগিতা পৃথক নহয় ।"

তেওঁ লগতে কয়,"মই এই কামটো কৰিবলৈ ভাল পাওঁ । মই সঁচাকৈয়ে ভাৰতক প্ৰশিক্ষণ দিয়া কামটো উপভোগ কৰিছো আৰু মই ভাবো এইটো সঁচাকৈয়ে এক বিশেষ কাম । কিন্তু মই নাভাবো যে মই পুনৰ আবেদন কৰিব পাৰিম ।"

ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা বেটছমেন ৰাহুল দ্ৰাবিড়ে প্ৰথমে বেংগালুৰুস্থিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ তত্বাৱধান কৰিছিল আৰু তাৰ পিচত জ্যেষ্ঠ পুৰুষ দলত মুখ্য প্ৰশিক্ষক হিচাপে যোগদান কৰিছিল । ২০২৩ চনৰ নৱেম্বৰত সমাপ্ত হোৱা আইচিচি এদিনীয়া বিশ্বকাপৰ পিচত ৫১ বছৰীয়া দ্ৰাবিড়ৰ চুক্তি সম্প্ৰসাৰিত কৰা হৈছিল ।

ভাৰতৰ প্ৰাক্তন অধিনায়কজনে যুৱ খেলুৱৈসকলৰ সৈতে তেওঁৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে আৰু নিশ্চিতভাৱে গোটেই দলটোৱে আইচিচি টি-২০ বিশ্বকাপ জয়ী হৈ টেষ্ট বিশেষজ্ঞ ৰাহুল দ্ৰাবিড়ক এক গুৰুত্বপূৰ্ণ উপহাৰ দিবলৈ আগ্ৰহী হ'ব ।

ইতিমধ্যে বিচিচিআইয়ে এই পদৰ বাবে আন এগৰাকী প্ৰাৰ্থী বিচাৰিব লাগিব আৰু সম্ভৱত ভাৰতৰ প্ৰাক্তন অপেনাৰ গৌতম গম্ভীৰে এই দায়িত্ব ল'ব । ৰবি শাস্ত্ৰীৰ পিচতে দ্ৰাবিড়ে ভাৰতৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লৈছিল ।

লগতে পঢ়ক :শ্ৰীলংকাৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ বৃহৎ জয়, নায়কৰ ৰূপ আনৰিচ নৰ্টজে - ICC T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.