ধুবুৰীৰ ৰাইজে কংগ্ৰেছক মৰম দিছে : ক'লে ৰকিবুল হুছেইনে - lok sabha election results 2024 - ASSAM LS ELECTION RESULTS 2024

🎬 Watch Now: Feature Video

thumbnail
অভয়াপুৰীত ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 1:32 PM IST

2 Min Read
Choose ETV Bharat

৪ জুন, বঙাইগাঁও : অসমৰ লোকসভা আসনৰ ভোটগণনাৰ শেহতীয়া ফলাফলে আকৰ্ষণীয় ৰূপ লৈছে । বিজেপিৰ দাবীৰ বিপৰীতে বিৰোধীয়ে এই পৰ্যন্ত যথেষ্ট অগ্ৰগতি লাভ কৰিছে । আনহাতে, ধুবুৰী লোকসভা সমষ্টিত এইবাৰ নাও ডুবো ডুবো অৱস্থা হৈছে এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলৰ । বিপৰীতে আকৰ্ষণীয় উত্থান হৈছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ ।

ইফালে ভোটগণনাৰ মাজতে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ভোটগণনা কেন্দ্ৰত উপস্থিত হয় ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন । অভয়াপুৰীত উপস্থিত হৈ ৰাইজক ধন্যবাদ জনায় ৰকিবুল হুছেইনে । অভয়াপুৰীত উপস্থিত হৈ ৰাইজক ধন্যবাদ জনায় ৰকিবুল হুছেইনে । ধুবুৰীৰ ৰাইজে কংগ্ৰেছ দলক যি মৰম দিছে তাৰ বাবে সকলো ৰাইজক সেৱা জনায় ৰকিবুল হুছেইনে ।  

লগতে পঢ়ক :কাৰ কপালত আছে ৰাজভোগ ? ভাগ্য নিৰ্ণয় হ’ব অসমৰ ১৪ টা লোকসভা সমষ্টিৰ মুঠ ১৪৩ গৰাকী প্ৰাৰ্থীৰ - Lok Sabha Election Results 2024

উল্লেখ্য, ইতিমধ্যে ধুবুৰীৰ পৰা অগ্ৰগতি লাভ কৰিছে ৰকিবুল হুছেইনে । আনহাতে, কংগ্ৰেছ দলক ভোট দিয়াৰ লগতে নিদিয়াসকলকো ধন্যবাদ জনায় ৰকিবুলে ।

আনহাতে, নিৰ্বাচনৰ ফলাফলৰ দিনটোতে মূল্যবৃদ্ধিক লৈ সৰৱ হৈ পৰে ৰকিবুল হুছেইন । টোল গে'টৰ কৰ বৃদ্ধি, গাখীৰৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰকিবুল হুছেইনে । মূল্যবৃদ্ধিৰ বাবে ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে । অৱশ্যে ধুবুৰীত এইবাৰ কোনে শেষ হাঁহি মাৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details