ETV Bharat / politics

মনোজ ধানোৱাৰে প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছিল লুৰীণজ্যোতিয়ে ! ভূপেন বৰাৰ বিস্ফোৰণ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 6:14 PM IST

ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা মনোজ ধানোৱাৰে প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছিল লুৰীণজ্যোতি গগৈয়ে ৷ শনিবাৰে এই বিস্ফোৰক মন্তব্য কৰিলে ভূপেন বৰাই ৷ মনোজ ধানোৱাৰক প্ৰতিদ্বন্দ্বিতা নকৰাৰ বাবে কংগ্ৰেছ নেতৃত্বই সৈমান কৰোৱাৰ পিচতো লুৰীণজ্যোতিয়ে ধানোৱাৰক নিৰ্বাচনত নমাটো বিচাৰিছিল কিয় ?

BHUPEN BORAH
মনোজ ধানোৱাৰ-লুৰীণজ্যোতি গগৈৰ সন্দৰ্ভত ভূপেন বৰা

গুৱাহাটী, ২৭ এপ্ৰিল : লোকসভা নিৰ্বাচনত প্ৰতিন্দ্বন্দ্বিতাৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ নিৰ্বাচনী বুজাবুজিত যে এক বৃহৎ ফাঁক আছিল সেয়া স্পষ্ট কৰিলে ভূপেন বৰাৰ এক বিস্ফোৰক মন্তব্যই ৷

উল্লেখ্য যে ডিব্ৰুগড় লোকসভা সমষ্টি কংগ্ৰেছ দলে অজাপৰ‌ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক এৰি দিছিল । ইপিনে আম আদমি পাৰ্টীৰ ‌হৈ সমষ্টিটোৰ পৰা মনোজ ধানোৱাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । শনিবাৰে গুৱাহাটীত এক সংবাদমেলত ভূপেন বৰাই বিৰোধীৰ মাজত ডিব্ৰুগড় লোকসভা সমষ্টিত ভোট বিভাজন সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয়, ‘‘ডিব্ৰুগড় লোকসভা সমষ্টি অজাপৰ‌ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক এৰি দিয়াৰ সিদ্ধান্ত কংগ্ৰেছ দলে দিল্লীত লৈছিল । ইপিনে আপৰ ‌হৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ‌ পৰা মনোজ ধানোৱাৰে প্ৰতিদ্বন্দ্বিতা নকৰাৰ‌ বাবে কংগ্ৰেছৰ‌ সাধাৰণ‌ সম্পাদক জীতেন্দ্ৰ সিঙে সৈমান‌ কৰাইছিল ।‌ কিন্তু লুৰীণজ্যোতি গগৈয়ে সমষ্টিটোৰ পৰা মনোজ ধানোৱাৰেও প্ৰতিদ্বন্দ্বিতা কৰাৰ‌ অনুমতি দিয়াৰ‌ বাবে কংগ্ৰেছ দলক আহ্বান‌ জনাইছিল ।’’

ডিব্ৰুগড় লোকসভা সমষ্টিৰ‌ পৰা মনোজ ধানোৱাৰে প্ৰতিদ্বন্দ্বিতা কৰাৰ‌ বাবে লুৰীণজ্যোতি গগৈয়ে কংগ্ৰেছ দলক আহ্বান‌ জনোৱাক লৈ এতিয়া ব্যাপক চৰ্চা হৈছে ৷ জীতেন্দ্ৰ সিঙে মনোজ ধানোৱাৰক সৈমান কৰোৱাৰ পিচতো লুৰীণজ্যোতি গগৈয়ে কিয় আপৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰতি আগ্ৰহী হৈছিল তাক লে সৃষ্টি হৈছে চৰ্চা ।

ইপিনে বৰপেটা লোকসভা সমষ্টিটো চি পি আই(এম) দলক এৰি নিদিয়াৰ নতুন যুক্তি প্ৰদৰ্শন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । সভাপতি ভূপেন বৰাই কয়, ‘‘বৰপেটা লোকসভা সমষ্টিত চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ঠাইত অন্য প্ৰাৰ্থী দিয়াৰ বাবে আৱেদন কৰিছিলো । কাৰণ বিধায়ক মনোৰঞ্জন তালুকদাৰ বিধানসভাত চি‌ পি আই এমৰ একমাত্ৰ বিধায়ক । তেওঁ যদি সাংসদ‌ হয়, বিধানসভাত চি‌ পি আই এমৰ বিধায়ক খালী‌ হৈ পৰিব ।‌ আমি বিধানসভাত চি‌ পি আই এমৰ বিধায়ক খালী‌ হৈ পৰাটো নিবিচাৰো । কাৰণ কংগ্ৰেছৰ সমৰ্থনতে মনোৰঞ্জন তালুকদাৰ বিধায়ক হৈছে । কিন্তু আমাৰ কথা তেওঁলোকে নুশুনিলে ।‌ গতিকে আমি কংগ্ৰেছৰ প্ৰাৰ্থী দিবলৈ ‌বাধ্য হ'বলগীয়া‌ হ’ল ৷’’

লগতে পঢ়ক: চিপিআই(এম)ৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক তীব্ৰ কটাক্ষ শ্বেৰমান আলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.