ETV Bharat / state

বেঁকী নৈত সলিল সমাধি: তিনি যুৱকৰ মৃতদেহ উদ্ধাৰ - DEATH BY DROWNING

3 youths drown in Beki river : শোকস্তব্ধ বৰপেটাৰোডবাসী ৷ বেঁকী নৈত গা ধুবলৈ গৈ বৰপেটাৰোডৰ তিনিজন যুৱকৰ সলিল সমাধি ৷ অৱশেষত তিনিও যুৱকৰে মৃতদেহ উদ্ধাৰ ৷

Bodies of three youths rescued in Barpetaroad
বেঁকী নৈত সলিল সমাধি: তিনি যুৱকৰ মৃতদেহ উদ্ধাৰ (সাংবাদিক)
author img

By ETV Bharat Assamese Team

Published : May 2, 2024 at 9:00 PM IST

2 Min Read
Choose ETV Bharat
বেঁকী নৈত সলিল সমাধি: তিনি যুৱকৰ মৃতদেহ উদ্ধাৰ (Bodies of three youths rescued in Barpetaroad)

বৰপেটাৰোড, 2 মে' : অৱশেষত উদ্ধাৰ কৰা হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত বেঁকী নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা 3 জন যুৱকৰ মৃতদেহ । আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে বুধবাৰৰ পুৱাৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখি বৃহস্পতিবাৰে পুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইফালে আন দুজন যুৱকৰ মৃতদেহ বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত নাৰায়নগুৰিৰ বেঁকী নৈৰ উক্ত স্থানৰ পৰাই উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

জানিব পৰা অনুসৰি, বৰপেটাৰোডৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ফুৰিবলৈ গৈছিল যুৱক তিনিজনে । যুৱক কেইজন হৈছে বৰপেটা ৰোডৰ দুই ভাতৃ দ্বীপ সাহা, ৰাজ সাহা আৰু বন্ধু অভিজিৎ কৰ্মকাৰ ।

উল্লেখ্য যে বৰপেটাৰোডৰ কৃষ্ণ নগৰৰ দ্বীপ সাহাই বিগত প্ৰায় এবছৰ পূৰ্বে পাঞ্জাৱ নেছনেল বেংকত চাকৰি লাভ কৰিছিল । চাকৰি পোৱাৰ পাচত ৰাজ সাহাই নতুনকৈ এখন আই টেন গাড়ী বাহন ক্ৰয় কৰিছিল ৷

বুধবাৰে মে’ দিৱসৰ বন্ধ হোৱাৰ হেতুকে হেতুকে ৰাজ সাহাই ভাতৃ দ্বীপ সাহা আৰু বন্ধু অভিজিৎ কৰ্মকাৰসহ তিনিওজনে গাড়ীৰে ফুৰিবলৈ গৈছিল মানাহলৈ ৷ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ যুৱক তিনিজনে নাৰায়নগুৰিৰ বেঁকী নৈত গা ধুবলৈ নামিছিল । কিন্তু সাঁতুৰিব নজনা তিনিওজন যুৱক নদীৰ গভীৰতাত সোমাই পৰে। ফলত দুৰ্ভাগ্যজনকভাৱে তিনিও যুৱকৰ বেঁকী নৈত একেলগে একে স্থানতেই ডুব যায় ।

এই দুৰ্ভাগ্যজনক খবৰ লাভ কৰি যুৱক তিনিজনৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোক শোকত ভাগি পৰে । বুধবাৰে বিয়লিৰে পৰাই যুৱক তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ দলে চেষ্টা অব্যাহত ৰাখিছিল যদিও আজি পুৱা ৰাজ সাহাৰ মৃতদেহ নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় পৰৱৰ্তী সময়ত সন্ধিয়ালৈ আন দুজন যুৱক দ্বীপ সাহা আৰু অভিজিৎ কৰ্মকাৰৰ মৃতদেহ উদ্ধাৰ কৰে । সম্প্ৰতি আৰক্ষীয়ে তিনিওগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰিছে ।

বৰপেটাৰোডৰ কৃষ্ণ নগৰৰ অভিজিৎ কৰ্মকাৰে এম এছ চি পাছ কৰি পি এইছ ডি কৰি আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ অকালতে যুৱক তিনিজনৰ আকস্মিক মৃত্যুত বৰপেটা আৰু বাক্সা জিলাত গভীৰ শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক: নদীত গা ধুবলৈ গৈ জীৱন্তে নাহিল ঘূৰি - DEATH BY DROWNING