ডেম্পলৈ কেনেদৰে আহিল ভগৱানৰ মূৰ্তি আৰু শিৱৰ ত্ৰিশূল ! - copper and metal item recovered

By ETV Bharat Assamese Team

Published : May 25, 2024, 11:02 PM IST

thumbnail
ডেম্পলৈ কেনেদৰে আহিল ভগৱানৰ প্ৰতিমূৰ্তি আৰু শিৱৰ ত্ৰিশূল ! (etv bharat assam)

যোৰহাট, ২৫ মে’: যোৰহাট নগৰৰ নিলগৰ চেঙেলী গাঁৱৰ চহৰ আলী নামৰ লোকজনৰ এটা ভঙা-ছিঙা ডেম্পত শনিবাৰে যোৰহাট আৰক্ষীয়ে অভিযান চলাই মূল্যবান কপাৰ, পিতলৰ আচবাব, মন্দিৰৰ ত্ৰিশূল, ভগৱানৰ মূৰ্তিকে ধৰি বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰে । এক গোপন সূত্ৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে অতৰ্কিতে এই অভিযান চলায় ৷ কিন্তু আৰক্ষীৰ চকুত ধূলি মাৰি ডেম্পৰ মালিক চহৰ আলী পলায়ন কৰিবলৈ সক্ষম হয় ।

জব্দ কৰা সামগ্ৰীসমূহ বজাৰ মূল্য আনুমানিক 70 লাখ টকা হ'ব বুলি আৰক্ষী এক বিশেষ সূত্ৰই জানিবলৈ দিয়ে । ইফালে চহৰ আলী, মনুৰুদ্দিন মালিকাধীন উক্ত ডেম্পত বিভিন্ন মন্দিৰৰ ভগৱান মূৰ্তিৰ লগতে ত্ৰিশূল উদ্ধাৰ হোৱা ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে ডেম্পটোৰ পৰা প্ৰায় 6 মেট্ৰিকটন সামগ্ৰী জব্দ কৰি ডেম্পটো ছীল কৰি যোৰহাট থানালৈ লৈ আনে ।

জানিব পৰা মতে উক্ত সামগ্ৰীখিনি আজিয়ে যোৰহাট পৰা গুৱাহাটীলৈ নিয়া পৰিকল্পনা কৰিছিল ডেম্পৰ দুই মালিকে ৷ উক্ত ডেম্পটোলৈ যোৰহাট সৰু-বৰ ডেম্পৰ পৰা বিভিন্ন সামগ্ৰী অনা হৈছিল আৰু ইয়াৰে বহু সামগ্ৰী চুৰি কৰা বুলি আৰক্ষী প্ৰাথমিক তদন্তত স্পষ্ট হৈ পৰিছে ৷

লগতে পঢ়ক: অবৈধ ফেক্টৰীত অভিযান, সুৰাসহ ৪ জনক আটক - Illegal liquor factory

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.