ETV Bharat / state

অবৈধ ফেক্টৰীত অভিযান, সুৰাসহ ৪ জনক আটক - Illegal liquor factory

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 5:52 PM IST

Illegal liquor factory
অবৈধ ফেক্টৰীত অভিযান, সুৰাসহ ৪ জনক আটক

Illegal liquor factory: গোলাঘাট জিলাৰ বেঙেনাখোৱাত দীৰ্ঘদিন ধৰি চলি আছিল সুৰাৰ এটা অবৈধ ফেক্টৰী । ফেক্টৰীটোৰ পৰা আৰক্ষীয়ে ২০০০ৰো অধিক সুৰাৰ বটল জব্দ কৰে । ৪ জনক আটকো কৰিছে ।

অবৈধ ফেক্টৰীত অভিযান, সুৰাসহ ৪ জনক আটক

গোলাঘাট,৯ এপ্ৰিল : গোলাঘাট জিলাৰ বেঙেনাখোৱাত আৰক্ষীৰ বৃহৎ অভিযান । অভিযানত এটা অবৈধ সুৰা ফেক্টৰী উৎখাত কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষী । সুৰাসহ সুৰা প্ৰস্তুতকাৰী বহু সামগ্ৰীও জব্দ কৰে আৰক্ষীয়ে । নিৰ্বাচনৰ প্ৰাকক্ষণত গোপন সূত্ৰৰ খবৰৰ ভিত্তিত গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকা আৰু কমাৰবন্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে পুৰণা আমোলাপট্টিত থকা এটা হাট বজাৰৰ সামগ্ৰী থোৱা গুদামত অভিযান চলায় ।

অভিযানত অবৈধভাৱে সুৰা প্ৰস্তুত কৰা ফেক্টৰী আৰু বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । ফেক্টৰীৰ লগত জড়িত ৪ জন লোককো আৰক্ষীয়ে আটক কৰে । ধৃত লোকসকল ক্ৰমে ৰিমন সন্দিকৈ, ইয়াজুল আলী, অমৃতাভ চন্দ্ৰ আৰু মনোজ নাথ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

জানিব পৰা মতে উক্ত স্থানত বহুদিনৰ পৰাই অবৈধভাৱে সুৰা প্ৰস্তুত কৰি অহা হৈছিল আৰু তাৰ পৰাই সুৰাৰ ৰমৰমীয়া বেহা চলি আছিল । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ২০০০ৰো অধিক সুৰাৰ বটল, সুৰা প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰে । সেই স্থানৰ পৰা আৰক্ষীয়ে AS-05-AC-1576 নম্বৰৰ আৰু AS-05-H-1222 নম্বৰৰ দুখন বাহনো জব্দ কৰে ।

সম্প্ৰতি গোলাঘাট আৰক্ষীয়ে এই সুৰা প্ৰস্তুত কৰা ফেক্টৰীৰ লগত জড়িত ৪ জনক আটক কৰি সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে । অৱশ্যে এই সুৰা প্ৰস্তুত কৰা ফেক্টৰীৰ সৈতে আৰু কোন কোন জড়িত আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :আকৌ অসম ভূমিত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস, এইবাৰ গুলী ফুটাই অসমীয়াক ভাবুকি দি কাটি নিলে গো-মাংস - Assam Nagaland Border Violence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.