ETV Bharat / state

আকৌ অসম ভূমিত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস, এইবাৰ গুলী ফুটাই অসমীয়াক ভাবুকি দি কাটি নিলে গো-মাংস - Assam Nagaland Border Violence

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 10:35 AM IST

Terror of Naga miscreants
আকৌ অসম ভূমিত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস

Terror of Naga miscreants: নিবাৰ্চনৰ প্ৰাকমুহূৰ্তত উত্তপ্ত মেৰাপানী সীমান্ত । মেৰাপানী সীমান্তৰ দীঘলপানীত নিশা গুলীয়াই হত্যা কৰিলে গৰু, কাটি নিলে গো-মাংস । অসমীয়াকো হত্যাৰ ভাবুকি ৷

আকৌ অসম ভূমিত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস

গোলাঘাট, ৯ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসম নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস । সোমবাৰে নিশা অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ দীঘলীপানীত নগা দুৰ্বৃত্তই তিনি জাঁই গুলী বৰ্ষণ কৰি ৰমেন ৰাভা নামৰ ব্যক্তিজনৰ গোধন কাটি লৈ যোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নোমল মুছাহাৰী নামৰ ব্যক্তিজনৰ সন্মুখতে নগা দুৰ্বৃত্তই তিনি জাঁইকৈ গুলী ফুটাই অসমীয়া লোকক ভাবুকি প্ৰদানৰো অভিযোগ কৰিছে স্থানীয় লোকে ৷

তথ্য অনুসৰি, ৰমেন ৰাভাই পুৱাৰ ভাগত পোৱালি সৈতে এজনী গৰু চৰণীয়া পথাৰত চৰিবলৈ এৰি দিছিল যদিও সন্ধিয়া গৰু পোৱালিটো অকলে ঘৰলৈ ঘূৰি আহে ৷ ৰমেন ৰাভাই গৰুজনীক বিচাৰি বিচাৰ-খোঁচাৰ কৰাত নোমল মুছাহাৰী নামৰ বৃদ্ধজনে নগা দুৰ্বৃত্তই গৰুজনী মাৰি মাংস কাটি লৈ যোৱাৰ কথা জানিবলৈ দিয়ে । তাৰ পাছতে ৰমেন ৰাভাই ঘটনাস্থলীত উপস্থিত হৈ গৰুজনীৰ সামান্য অৱশিষ্ট সেই স্থানত পৰি থকা প্ৰত্যক্ষ কৰে ।

নোমল মুছাহাৰীয়ে উল্লেখ কৰা মতে, নগা দুৰ্বৃত্তই প্ৰথমতে মটৰ চাইকেলত আহি তিনি জাঁই গুলীবৰ্ষণ কৰি গৰুজনীক হত্যা কৰি উক্ত স্থান এৰি গুচি যায় ৷ প্ৰায় তিনি ঘণ্টাৰ পাচত পুনৰ নগা দুৰ্বৃত্তৰ দলটো পুনৰ উক্ত স্থানত উপস্থিত হৈ গৰুজনীক কাটি লৈ যায় । নগা দুৰ্বৃত্তই আনকি লোকজনক উক্ত স্থানলৈ আহিলে গুলীয়াই মৰাৰো ভাবুকি দিয়ে ৷

ইফালে ঘটনাস্থলীত বৰ্তমান পৰ্যন্ত আৰক্ষী তথা সীমান্তত নিয়োজিত চি আৰ পি এফ দল উপস্থিত হোৱা নাই ৷ যাৰ বাবে অঞ্চলটোৰ বৰ্তমান পৰিস্থিতিৰ সম্পৰ্কে জানিব পৰা হোৱা নাই । নগা দুৰ্বৃত্তই মেৰাপানী সীমান্তৰ বিভিন্ন অঞ্চলত বিভিন্ন সময়ত এনেধৰণৰ ঘটনা সংঘটিত কৰি আহিছে যদিও সীমান্তত নিয়োজিত নিৰাপত্তাৰক্ষী বাহিনী তথা চি আৰ পি এফৰ ভূমিকা এই ক্ষেত্ৰত ৰহস্যজনক ।

বিভিন্ন সময়ত নিৰাপত্তাৰক্ষী বাহিনীয়ে নগাৰ পক্ষৰ হৈ মাত মতাও কোনো নতুন কথা নহয় । এইক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে বুলি অঞ্চলটোৰ ৰাইজে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: অসমৰ ভূমিত সন্ত্ৰাস নগা দুৰ্বৃত্তৰ: বন্দুক লৈ নিধন পশু-পক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.