ETV Bharat / health

অপৈণতভাৱে জন্ম হোৱা শিশুৰ স্বাস্থ্যৰ যত্ন কিদৰে লোৱা উচিত ? কি কয় বিশেষজ্ঞই... - Preterm birth

author img

By ETV Bharat Health Team

Published : May 14, 2024, 1:42 PM IST

Preterm Birth: অপৈণত জন্ম হোৱা শিশু বা সময়ৰ আগতে জন্ম হোৱা শিশু বহুতো স্বাস্থ্যজনিত সমস্যা আৰু ৰোগৰ প্ৰতি অতি সংবেদনশীল । সেয়েহে তেওঁলোকক অধিক যত্ন লোৱাই নহয়, অহৰহ স্বাস্থ্যৰ নিৰীক্ষণৰো প্ৰয়োজন ।

Caring for a Premature Baby: What Parents Need to Know
অপৈণতভাৱে জন্ম হোৱা শিশুৰ স্বাস্থ্যৰ যত্ন কিদৰে লোৱা উচিত ? এনেদৰে জনালে বিশেজ্ঞই (IMAGE SOURCE: FREEPIK)

ন মাহ মাতৃৰ গৰ্ভত থকাৰ পাচত যেতিয়া সন্তান জন্ম হয়, তেতিয়া শিশুটিৰ সকলো আভ্যন্তৰীণ আৰু বাহ্যিক অংগ সম্পূৰ্ণৰূপে বহিঃজগতত জীয়াই থাকিবলৈ বিকশিত হৈ উঠে ৷ কিন্তু যদি কোনো কাৰণত শিশুটিয়ে নিৰ্দিষ্ট সময়ত অৰ্থাৎ ন মাহ সম্পূৰ্ণ কৰাৰ পূৰ্বে এই পৃথিৱীলৈ আহে, তেন্তে বেছিভাগ ক্ষেত্ৰতে শিশুটিয়ে স্বাস্থ্য সম্পৰ্কীয় বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় ৷ গতিকে এনে শিশুৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি কম বা দীঘলীয়া সময়ৰ বাবে অধিক যত্নৰ প্ৰয়োজন হয় ৷

কি কি সমস্যাই আমনি কৰিব পাৰে ?

নতুন দিল্লীৰ কিড কেয়াৰ ক্লিনিকৰ নৱজাতকৰ যত্ন বিশেষজ্ঞ ডাঃ গৰিমা ৰাৱে বুজাইছে যে যেতিয়া এটি শিশু ৩৬ সপ্তাহ সময়ৰ আগতে, শেষৰ ত্ৰিমাসিকৰ আগতে বা শেষৰ ত্ৰিমাসিকৰ ভিতৰত জন্ম হয় তেতিয়া এনে শিশুক অপৈণতভাৱে জন্ম হোৱা শিশু বুলি কোৱা হয় ৷ এনে শিশুৰ যত্ন লোৱাৰ ক্ষেত্ৰত বহু সাৱধানতাৰ প্ৰয়োজন কাৰণ অতি সোনকালে জন্ম হ’লে শিশুটিৰ ক্ষেত্ৰত প্ৰায়ে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী চিকিৎসাজনিত সমস্যাৰ সৃষ্টি হয় ৷ যিটো কেতিয়াবা অধিক জটিল হ’ব পাৰে ৷ গতিকে এনে শিশুক সাধাৰণতে জন্মৰ পাচত চিকিৎসালয়ত বিশেষ যত্ন ‘এন আই চি ইউ’ত ৰখা হয় ৷

Caring for a Premature Baby: What Parents Need to Know
অপৈণতভাৱে জন্ম হোৱা শিশুৰ স্বাস্থ্যৰ যত্ন কিদৰে লোৱা উচিত ? এনেদৰে জনালে বিশেজ্ঞই (IMAGE SOURCE: FREEPIK)

তেওঁ কয় যে এনে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বাহিৰৰ পৰিৱেশৰ লগত খাপ খুওৱাব পৰা ক্ষমতা তুলনামূলকভাৱে কম হয় ৷ দৰাচলতে গৰ্ভাৱস্থাৰ শেষৰ তিনিমাহত শিশুৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সৰ্বাধিক বৃদ্ধি পায় ৷ কিন্তু শেষ ত্ৰিমাসিক সম্পূৰ্ণ নকৰাকৈ যদি সন্তান জন্ম হয়, তেন্তে তেনে শিশু দুৰ্বল হোৱাৰ বা ৰোগৰ চিকাৰ হোৱাৰ সম্ভাৱনা অধিক ৷

এনে পৰিস্থিতিত চিকিৎসালয়ৰ পৰা নিৰ্ধাৰিত সময়ৰ আগতে জন্ম লোৱা শিশু এটা ঘৰলৈ আহিলেও প্ৰথম কিছুদিন সাধাৰণতে দুবছৰ আৰু কিছুমান বিশেষ ক্ষত্ৰত তাতোকৈ বেছি সময় শিশুৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ আৰু যত্ন লোৱাৰ প্ৰয়োজন হয় ৷

ডাঃ গৰিমাই কয় যে সাধাৰণতে সময়ৰ আগতেই জন্ম লোৱা শিশুৰ বিকাশৰ গতি, জন্মৰ প্ৰথম দুবছৰত লেহেমীয়া হ’ব পাৰে ৷ একে সময়তে ইহঁতৰ ওজন আৰু আকাৰো স্বাভাৱিক শিশুতকৈ কম হ’ব পাৰে ৷ কিন্তু বেছিভাগ ক্ষেত্ৰতে প্ৰয়োজনীয় আৰু সঠিক যত্ন আৰু স্বাস্থ্যৰ নিৰীক্ষণে শিশুৰ বিকাশ ক্ষীপ্ৰ কৰিব পাৰে ৷

ইয়াৰ উপৰিও এনে শিশুৰ শ্বাস-প্ৰশ্বাস, বিকাশ আৰু দৃষ্টিশক্তি সম্পৰ্কীয় সমস্যাও থাকিব পাৰে ৷ শিশুটি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পাচত শিশুটিৰ চিকিৎসকে নিৰ্ধাৰিত সকলো প্ৰয়োজনীয় পৰীক্ষা কৰাব লাগে ৷ যাতে শিশুটিয়ে যদি কোনো বিশেষ পৰিস্থিতি বা সমস্যাৰ সন্মুখীন হৈছে, তেন্তে ইয়াৰ চিকিৎসা আৰু আনুষংগিক সাৱধানতাসমূহ মানি চলিব পৰা যায় ৷

কেনেকৈ ল’ব যত্ন

সৰু ল’ৰা-ছোৱালীয়ে খাদ্য হিচাপে মাকৰ দুগ্ধৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল বুলি কয় ৷ কিন্তু কেতিয়াবা শাৰীৰিক বিকাশৰ অভাৱত বা আন কাৰণত বহু অকালতে জন্ম লোৱা শিশুৱে স্তন বা নিপলৰ পৰা দুগ্ধপান কৰিবলৈ অসুবিধা পায় বা অকালতে জন্ম লোৱা বহু শিশুৱে মুখেৰে দুগ্ধপান কৰাৰ সময়ত একেলগে চুপা, গিলা আৰু উশাহ লোৱাত সমন্বয় সাধন কৰাত অসুবিধা পায় ৷

কিছুমান অধিক স্পৰ্শকাতৰ ক্ষেত্ৰত চিকিৎসকে কিছু সময়ৰ বাবে বিশেষ নলী বা IEV ৰ সহায়ত তেওঁলোকৰ শৰীৰত খাদ্য বা পুষ্টি যোগান ধৰাৰ ব্যৱস্থা কৰে ৷ কিন্তু সম্ভৱ হ’লে চিকিৎসকে বাহ্যিক উপায়েৰে শিশুক দুগ্ধ আৰু অন্যান্য অত্যাৱশ্যকীয় পুষ্টি দিয়াৰ পৰামৰ্শ দিয়ে ৷ ইয়াৰ বাবে মাতৃয়ে Feeding Pump ৰ সহায়ত গাখীৰ পাম্প কৰি বা হাতেৰে চেপি উলিয়াই সৰু বটল বা চামুচৰ সহায়ত শিশুক দুগ্ধপান কৰাব পাৰে ৷ কিন্তু কেতিয়াবা সন্তানৰ সোনকালে জন্ম হ’লে মাতৃয়ে তৎক্ষণাৎ দুগ্ধ উৎপাদন কৰিবলৈ সক্ষম নহয়, তেনে ক্ষেত্ৰত চিকিৎসকে শিশুটিক কৃত্ৰিম দুগ্ধ খুওৱাবলৈ পৰামৰ্শ দিব পাৰে ৷

  1. ইয়াৰ উপৰিও আন বহুতো কথা আছে যিবোৰ অকালতে জন্ম লোৱা শিশুৰ যত্ন লোৱাৰ সময়ত মনত ৰখাটো অতি প্ৰয়োজনীয় ৷ ইয়াৰে কিছুমান তলত দিয়া ধৰণৰ-
  • অভিভাৱকসকলে শিশুৰ স্বাস্থ্য আৰু চলন-ফুৰণ দক্ষতা যেনে সঁহাৰি, তেওঁলোকৰ কাৰ্যকলাপৰ মাত্ৰা, কান্দোন আৰু হাঁহি আদিৰ প্ৰতি সচেতন হৈ থকাটো অতি প্ৰয়োজনীয় ৷ ইয়াৰ বাবে শিশুৰ বিকাশৰ এখন চাৰ্টও প্ৰস্তুত কৰিব পাৰি যাতে শিশুটিৰ দৈনন্দিন কাম-কাজৰ মূল্যায়ন কৰিব পৰা যায় ৷
  • অকালতে জন্ম হোৱা শিশুৱে সাধাৰণতে বেছি শুই থাকে ৷ কিন্তু এনে শিশুৰ ক্ষেত্ৰত Sudden Infant Death Syndrome/SIDS ৰ আশংকাও বেছি ৷ দৰাচলতে Sudden Infant Death Syndrome ৰ ফলত এবছৰৰ কম বয়সৰ শিশুৰ হঠাৎ মৃত্যু হ’ব পাৰে ৷ ইয়াৰে বেছিভাগেই টোপনিৰ সময়ত হয় ৷ এনে পৰিস্থিতিত তেওঁলোকৰ টোপনিৰ লগত জড়িত কিছুমান কথাৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় ৷ যেনে, তেওঁলোকৰ বাবে অলপ কঠিন বিচনা ব্যৱহাৰ কৰক কিন্তু গাৰু ব্যৱহাৰ কৰিব নালাগে আৰু পেটত বলত নহয় পিঠিত বল দি শুবলৈ দিয়া ইত্যাদি ৷
  • এনে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পূৰ্ণৰূপে বিকশিত হোৱা নাই, সেয়েহে সংক্ৰমণ আৰু ৰোগৰ পৰা ৰক্ষা পাবলৈ প্ৰয়োজনীয় সকলো ভেকচিন সঠিক সময়ত প্ৰয়োগ কৰিব লাগে ৷
  • অতি সৰু অকালতে জন্ম লোৱা শিশুক ঘৰৰ বাহিৰৰ ৰাজহুৱা স্থানলৈ বেছি দিনলৈ নিয়াৰ পৰা বিৰত থাকিব লাগে ৷
  • আনৰ বা অচিনাকি মানুহৰ লগত অত্যধিক সংস্পৰ্শলৈ অহাৰ পৰা ৰক্ষা কৰিব লাগে ৷
  • শিশুৰ চৌপাশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে ৷ উদাহৰণস্বৰূপে শিশুসকলক সদায় পৰিষ্কাৰ ধুই লোৱা কাপোৰ পিন্ধিব লাগে, চাবোনেৰে ভালকৈ হাত ধোৱাৰ পিছত বা চেনিটাইজ কৰাৰ পিছত সদায় চুই বা তুলি ল’ব লাগে ৷
  • যদি শিশুটিৰ বয়স ছমাহতকৈ অধিক হয়, তেন্তে তেওঁক যিকোনো বস্তু ইত্যাদি খুওৱাবৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক ৷

ABCDDH ৰ বিষয়ে সজাগ হওক

তেওঁ কয় যে, অকালতে জন্ম লোৱা শিশুৰ যত্ন আৰু স্বাস্থ্য নিৰীক্ষণৰ বাবে ABCDDH ৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় ৷ আচলতে ABCDDH হৈছে এনে চিন যিয়ে আপোনাক সতৰ্ক কৰি দিব পাৰে যে কোন পৰিস্থিতিত শিশুটিক চিকিৎসাৰ পৰামৰ্শৰ প্ৰয়োজন ৷ এই লক্ষণসমূহ তলত দিয়া ধৰণৰ-

A – এপনিয়া– উশাহ-নিশাহত বাধা ৷

B – উশাহ- উশাহ-নিশাহৰ হাৰ বৃদ্ধি বা হ্ৰাস ৷

C – ঠাণ্ডা– হাত-ভৰি ঠাণ্ডা হোৱা ৷

D – খাদ্যৰ পৰিমাণ হ্ৰাস হোৱা– কম পৰিমাণৰ খাদ্য বা দুগ্ধ খোৱা ৷

Dহ্ৰাসমান কাৰ্যকলাপ– শিশুটিৰ সঞ্চালন অৰ্থাৎ চুহি খোৱা, গিলি খোৱা আৰু অন্যান্য কাৰ্যকলাপ হ্ৰাস পোৱা ৷

H– হাইপোথাৰ্মিয়া– শ্বাস-প্ৰশ্বাসৰ সমস্যা আৰু তেজত চেনিৰ মাত্ৰা হ্ৰাস ৷

ডাঃ গৰিমা ৰাৱে কয় যে অকালতে জন্ম লোৱা শিশুৰ হাওঁফাওঁ, শ্বাস-প্ৰশ্বাস, হৃদযন্ত্ৰ আৰু মগজুৰ বিকাশ, বিপাকীয় ক্ৰিয়া, ৰক্তহীনতা আৰু শৰীৰৰ উষ্ণতা কম হোৱাৰ লগত জড়িত বহু সমস্যা সাধাৰণতে দেখা যায় ৷ শিশুটিক চিকিৎসালয়ৰ পৰা ঘৰলৈ নিয়াৰ আগতে পিতৃ-মাতৃয়ে শিশুটিৰ অৱস্থা, যত্ন আৰু প্ৰয়োজনীয় সাৱধানতা সম্পৰ্কীয় সকলো গুৰুত্বপূৰ্ণ কথা চিকিৎসকৰ পৰা জানিব আৰু ভালদৰে বুজিব লাগে ৷

কেৱল এয়াই নহয়, নিয়মীয়াকৈ চিকিৎসকৰ পৰা পৰীক্ষা কৰাৰ উপৰিও ওপৰত উল্লেখ কৰা কোনো লক্ষণ দেখা গ’লে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰাটো গুৰুত্বপূৰ্ণ ৷

লগতে পঢ়ক : মাতৃ দিৱস উদযাপন কৰাৰ কাৰণ কি ? ইয়াৰ ইতিহাস তথা তাৎপৰ্য জানি লওক - MOTHERS DAY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.