জোনাইত দিন-দুপৰতে গাড়ীৰ আইনা ভাঙি চোৰে লুটিলে এক লাখ টকা - jonai robbery case

By ETV Bharat Assamese Team

Published : May 28, 2024, 11:05 PM IST

thumbnail
জোনাইত গাড়ীৰ আইনা ভাঙি লুটিলে ১ লাখ (ETV Bharat Assam)

জোনাই, ২৮ মে' : জোনাইত দিন-দুপৰতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । গাড়ীৰ আইনা ভাঙি চোৰে লুটি নিয়ে এক লাখ টকা ।  

জানিব পৰা মতে, জোনাইৰ চিমেন চাপৰি তথা এছ বি বড়ো হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক ভবেন্দ্ৰ দৈমাৰীয়ে ভাৰতীয় ষ্টেট বেংকৰ জোনাই শাখাৰ পৰা মঙলবাৰে এক লাখ টকা উলিয়ায় ৷ আনহাতে, বেংকৰ পৰা ওলাই আহি ভবেন্দ্ৰ দৈমাৰীয়ে জোনাই সীমান্তৰ ৰুকচিনত চাহ খাবৰ বাবে টকাখিনি গাড়ীৰ ড্ৰয়াৰত ৰাখি এখন হোটেলত সোমায় ৷  

কিন্তু হোটেলৰ পৰা ওলাই আহি গাড়ীৰ চালকৰ আসনৰ কাষৰ আইনাখন ভাঙি থকা দেখি তেওঁ সন্দেহ হয় । লগে লগে তেওঁ গাড়ীৰ ড্ৰয়াৰত ৰখা টকাখিনি চোৱাত এক লাখ টকা চোৰে লুটি নিয়া প্ৰত্যক্ষ কৰে ৷ লগে লগে তেওঁ আশে-পাশে থকা দোকানী, অটোচালক আদিক ঘটনা সন্দৰ্ভত সোধা-পোছা কৰে যদিও কোনো এজন ঘটনাৰ বিষয়ে একো নাজানো বুলি কয় ।  

ফলত উপায়ন্তৰ হৈ তেওঁ ওচৰতে থকা কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ চিচি টিভি কেমেৰাও পৰীক্ষা কৰে । কিন্তু তাতো চোৰৰ কোনো শুংসূত্ৰ লাভ কৰিব নোৱৰাত উপায়হীন হৈ পৰে ভুক্তভোগী লোকজন ৷ অৱশ্যে বাতৰি লিখা পৰলৈকে ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত কোনোধৰণৰ গোচৰ ৰুজু কৰা নাই ভবেন্দ্ৰ দৈমাৰীয়ে ৷

লগতে পঢ়ক :দুষ্প্ৰাপ্য উদ মেকুৰীৰ ছাল উদ্ধাৰ: এজনক আটক - Beavers SKIN RECOVERED

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.