দুষ্প্ৰাপ্য উদ মেকুৰীৰ ছাল উদ্ধাৰ: এজনক আটক - beavers SKIN RECOVERED

By ETV Bharat Assamese Team

Published : May 23, 2024, 10:34 PM IST

thumbnail
দুষ্প্ৰাপ্য উদ মেকুৰীৰ ছাল উদ্ধাৰ, এজনক আটক আটক (ETV BHARAT ASSAM)

জোনাই, 23 মে’ : ধেমাজি জিলাৰ জোনাইত জোনাই আঞ্চলিক বন বিভাগ আৰু WCCB য়ে এক যুটীয়া অভিযান চলাই বন্যপ্ৰাণীৰ ছাল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বৃহস্পতিবাৰে দুপৰীয়া ভাগত চলোৱা এই অভিযানত জোনাই নেপালী বস্তিৰ এজন ব্যক্তিৰ পৰা দুষ্প্ৰাপ্য উদ মেকুৰীৰ চাৰিখনকৈ ছাল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ পৰা জোনাইলৈ বিক্ৰীৰ বাবে আনি থকা সময়ত WCCB ৰ পৰা পোৱা এক গোপন খবৰৰ ভিত্তিত বন বিভাগৰ এটা দল আৰু WCCB ৰ সহযোগত জোনাই নেপালী বস্তি  অঞ্চলত এজন ব্যক্তিৰ পৰা এই দুষ্প্ৰাপ্য উদ মেকুৰীৰ ছাল উদ্ধাৰ কৰে ৷ লগতে অভিযানকাৰী দলটোৱে অৰুণাচলৰ মেৱৰ টামা টাচ নামৰ ব্যক্তিজনক আটক কৰিবলৈ সক্ষম হয় ৷ ব্যক্তিজনৰ পৰা জানিব পৰা মতে, এই দুষ্প্ৰাপ্য উদ মেকুৰীৰ ছালসমূহ গোগামুখৰ কোনোবা এজন ব্যক্তিক বিক্ৰীৰ বাবে লৈ অনা হৈছিল ৷ প্ৰায় ১ কিলো ৬০ গ্ৰাম ওজনৰ এই দুষ্প্ৰাপ্য প্ৰাণীৰ ছালৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য বহু পৰিমাণৰ হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: সাপ মাৰি নেজত বিষ থৈ বিপদত ৰুস্তুম - Killing snake cubs

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.