ETV Bharat / state

সাপ মাৰি নেজত বিষ থৈ বিপদত ৰুস্তুম - Killing snake cubs

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 2:04 PM IST

Snake Bite : বন বিভাগৰ নিৰ্দেশনাৰ ভিত্তিতে এটা দুটা নহয়, 25/26 টাকৈ সাপৰ পোৱালি হত্যা কৰিছে কছাৰী গাঁৱৰ ৰুস্তুম আলীৰ লগতে আন কেবাজনো লোকে ৷ এই বাতৰি বিয়পি পৰাৰ পাচতে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীসকলে ৷ ইফালে সাপৰ পোৱালি হত্যা কৰাৰ পাচতেই সৰ্প দংশনত অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে ৰুস্তুম ৷

Many snake cubs rescued in Samaguri
সাপ মাৰি নেজত বিষ থৈ বিপদত ৰুস্তুম (ETV Bharat Assam)

25/26 টাকৈ সাপৰ পোৱালি হত্যা (ETV Bharat Assam)

চামগুৰি, 23 মে’ : ‘‘সাপ ওলাইছে ৷ একো নহয়, ভয় খাব নালাগে ৷ মাৰি পেলা ৷’’ এয়া ভাষ্য আমাৰ নহয় ৷ এয়া নগাঁও বন বিভাগৰ ভাষ্য ৷ নগাঁও জিলাৰ জুৰীয়াৰ ৰুস্তুম আলীৰ লগতে আন একাংশ স্থানীয় ৰাইজে উত্থাপন কৰিছে এই অভিযোগ ৷ বন বিভাগৰ বিৰুদ্ধে এই অভিযোগৰ আঙুলিৰ পাচতেই সচেতন মহলৰ মাজৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ঘটনাৰ বিৱৰণি অনুসৰি, নগাঁও জিলাৰ জুৰীয়াৰ কছাৰী গাঁৱৰ ৰুস্তুম আলী নামৰ লোকৰ ঘৰৰ শোৱনী কোঠাৰ মাটিৰ তলৰ পৰা বুধবাৰে দিনৰ ভাগত উদ্ধাৰ হৈছিল 25/26 টাকৈয়ো সাপৰ পোৱালি । এই বাতৰি বিয়পি পৰাৰ লগতে সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰে এক আতংকময় পৰিৱেশৰ ৷ আনকি ভয়ত বিতত হৈ নিজৰ ঘৰ সম্পূৰ্ণৰূপে খালী কৰি দিছিল ৰুস্তুম আলীয়ে ৷

ইফালে বিষাক্ত সাপ উদ্ধাৰ হোৱাৰ পাচতে ৰুস্তুম আলীয়ে খবৰ দিয়ে লাওখোৱা বন বিভাগৰ ৰৌমাৰী বন শিবিৰৰ লোকক ৷ কিন্তু বন্যপ্ৰাণীক ৰক্ষণাবেক্ষণ দিয়াৰ পৰিৱৰ্তে উদ্ধাৰ হোৱা সাপৰ পোৱালি কেইটা হত্যা কৰিবলৈহে পৰামৰ্শ দিয়াৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে ৷

লগতে পঢ়ক : অন কেমেৰা সৰ্প দংশনত গোলাঘাটৰ ব্যক্তিৰ মৃত্যু - MAN DIES FROM SNAKE BITE

উপায়ন্তৰ হৈ ভুক্তভোগী ৰুস্তুম আলীৰ লগতে স্থানীয় ৰাইজে তেওঁৰ ঘৰৰ সকলো কোঠালিৰ পৰা মাটি খান্দি সাপৰ পোৱালি বাহিৰ কৰি হত্যা কৰে ৷ লগতে তেওঁৰ ঘৰৰ চাৰিওফালে পানীৰ সৈতে বিষ মিহলি কৰি সাপৰ পোৱালি উদ্ধাৰ হোৱা গাঁতবোৰত ঢালি দিয়ে ৷

আনহাতে, সাপৰ পোৱালি হত্যা কৰাৰ পাচতে বুধবাৰে নিশা ৰুস্তুম আলীক দংশন কৰে সাপে ৷ তাৰ পাচতেই অসুস্থ হৈ পৰে ৰুস্তুম আলী ৷ নিশাই ৰুস্তুম আলীক জুৰীয়াৰ দগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৰুস্তুম ৷ ইফালে প্ৰায় 25/26 টাকৈ বিষাক্ত সাপৰ পোৱালিক হত্যা কৰাৰ বাবেই সাপে প্ৰতিশোধ লোৱা বুলি একাংশই মত প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : বাসুকী ইণ্ডিকাছ : কোটি কোটি বছৰৰ পূৰ্বৰ পৃথিৱীত পোৱা আটাইতকৈ ডাঙৰ সাপৰ জীৱাশ্ম উদ্ধাৰ - Prehistoric snake discovered

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.