ETV Bharat / entertainment

পণ্ডিত ধীৰেন্দ্ৰ শাস্ত্ৰীৰ আশীৰ্বাদ গ্ৰহণ অভিনেতা সঞ্জয় দত্তৰ; বাগেশ্বৰ ধামৰ বিষয়ে ক’লে এই ডাঙৰ কথা - Sanjay Dutt

Sanjay Dutt met Pandit Dhirendra Krishna Shastri: শনিবাৰে মধ্যপুৰৰ ছটৰপুৰৰ বাগেশ্বৰ ধামত উপস্থিত হয় বলীউডৰ অভিনেতা সঞ্জয় দত্ত । ইয়াত তেওঁ ধামৰ পীঠাধীশ্বৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক সাক্ষাৎ কৰি আশীৰ্বাদ লয় । উক্ত স্থানত উপস্থিত হৈ সঞ্জয় দত্তই কয় যে এইটো দেশৰ লগতে বিশ্ববাসীৰ বাবে বিশ্বাসৰ এক বৃহৎ কেন্দ্ৰ ।

ACTOR SANJAY DUTT MET BAGESHWAR DHAM PANDIT DHIRENDRA KRISHNA SHASTRI
পণ্ডিত ধীৰেন্দ্ৰ শাস্ত্ৰীৰ আশীৰ্বাদ গ্ৰহণ অভিনেতা সঞ্জয় দত্তৰ (ETV Bharat)
author img

By ETV Bharat Entertainment Team

Published : June 16, 2024 at 12:05 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 16 জুন : সঞ্জু বাবা নামেৰে সকলোৰে মনত এক সুকীয়া স্থান দখল কৰা চলচ্চিত্ৰ তাৰকা সঞ্জয় দত্ত এনে এজন ব্যক্তি, যাক চিনেমা চোৱা আৰু চলচ্চিত্ৰৰ জ্ঞান থকা প্ৰতিজন ব্যক্তিয়ে কম বেছি পৰিমাণে হ’লেও চিনি পায় ৷ যাক মানুহে এবাৰ ওচৰৰ পৰা চাবলৈ এটা আভাস পাবলৈ আগ্ৰহী হৈ থাকে ৷

Actor Sanjay Dutt met Bageshwar Dham Pandit Dhirendra Krishna Shastri
পণ্ডিত ধীৰেন্দ্ৰ শাস্ত্ৰীৰ আশীৰ্বাদ গ্ৰহণ অভিনেতা সঞ্জয় দত্তৰ; বাগেশ্বৰ ধামৰ বিষয়ে ক’লে এই ডাঙৰ কথা (ETV Bharat)

কিন্তু শনিবাৰে মধ্যপ্ৰদেশৰ ছটৰপুৰত হঠাৎ সঞ্জয় দত্তক দেখি ৰাইজ আচৰিত হৈ পৰিল অনুৰাগী ৷ শনিবাৰে বলীউডৰ অভিনেতা সঞ্জয় দত্ত বাগেশ্বৰ ধামত উপস্থিত হয় বালাজী মহাৰাজৰ দৰ্শন কৰিবলৈ ৷ ইয়াৰ পিচত বাগেশ্বৰ ধামৰ পীঠাধীশ্বৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে অভিনেতাজনে ৷ ভগৱান বালাজী প্ৰদক্ষিণ কৰি সঞ্জয়ে ভগৱান বালাজীৰ সন্মুখত আঁঠু কাঢ়ি মূৰ দোৱাই আশীৰ্বাদ গ্ৰহণ কৰে ৷

Actor Sanjay Dutt met Bageshwar Dham Pandit Dhirendra Krishna Shastri
পণ্ডিত ধীৰেন্দ্ৰ শাস্ত্ৰীৰ আশীৰ্বাদ গ্ৰহণ অভিনেতা সঞ্জয় দত্তৰ (ETV Bharat)

সঞ্জয় দত্তই সাক্ষাৎ কৰে ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক

সঞ্জয় দত্তই বিমানেৰে মুম্বাইৰ পৰা খাজুৰাহো বিমানবন্দৰলৈ যাত্ৰা কৰিছিল ৷ সন্ধিয়া ৬.৩০ বজাত উপস্থিত হোৱাৰ লগে লগে ধামবাসীয়ে অভিনেতাজনক আদৰণি জনায় ৷ ইয়াৰ পিচতে সঞ্জয় দত্ত চাৰিচকীয়া বাহনেৰে বাগেশ্বৰ ধাম পালেগৈ ৷ ইয়াৰ পিচত অভিনেতা সঞ্জয় দত্তই প্ৰথমে ভগৱান বালাজীক দেখি প্ৰদক্ষিণ কৰি মূৰ দোৱালে ৷

তাৰ পাচত ধামৰ পীঠাধীশ্বৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক সাক্ষাৎ কৰি তেওঁৰ আশীৰ্বাদ লয়৷ এই সময়ছোৱাত সঞ্জয় দত্ত আৰু ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ মাজত বহু সময় ধৰি বাৰ্তালাপ চলি থাকিল ৷

লগতে পঢ়ক: নিজতকৈ ১৯ বছৰ সৰু মান্যতাৰ প্ৰেমত কেনেকৈ পৰিছিল সঞ্জয় দত্ত ?

'বাগেশ্বৰ ধাম এখন আচৰিত ঠাই'

সঞ্জয় দত্তই বাগেশ্বৰ ধামলৈ আহি ক'লে, "এইটো দেশ আৰু বিশ্বৰ জনসাধাৰণৰ বিশ্বাসৰ এটা ডাঙৰ কেন্দ্ৰ ৷"

"ইয়াত ভক্তসকলৰ বিশ্বাস দেখি মই আপ্লুত হৈ পৰিছো ৷ মহাৰাজ জীক লগ পাই এনে লাগিল যেন মই তেওঁক বছৰ বছৰ ধৰি চিনি পাও, তেওঁৰ লগত কটোৱা সময়খিনি মোৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ সময় আছিল আৰু বাগেশ্বৰ ধামলৈ মই বাৰে বাৰে আহিম ৷ এইখন এখন অদ্ভুত ঠাই, বালাজী সৰকাৰৰ অদ্ভুত কৃপা এই স্থানত বিৰাজমান হৈ আছে ৷"

লগতে পঢ়ক: Munna Bhai 3: একেলগে দেখা গ’ল সঞ্জয় দত্ত আৰ্শ্বদ ৱাৰ্ছি ৰাজকুমাৰ হিৰানীক; আহি আছে নেকি মুন্না ভাই ৩ ?