ETV Bharat / entertainment

নিজতকৈ ১৯ বছৰ সৰু মান্যতাৰ প্ৰেমত কেনেকৈ পৰিছিল সঞ্জয় দত্ত ?

Sanjay Dutt-Manyata Marriage Anniversary: আজি সঞ্জয় দত্ত আৰু মান্যতা দত্তই উদযাপন কৰিছে ১৬ বছৰীয়া বিবাহ বাৰ্ষিকী । এই উপলক্ষে জানো আহক এই দম্পতীৰ প্ৰেম কাহিনীৰ বিষয়ে ...

Will Always Be by Your Side: Sanjay Dutt Wishes Wife Maanayata on 16th Wedding Anniversary
সঞ্জয় দত্ত-মান্যতাৰ বিবাহ বাৰ্ষিকী
author img

By ETV Bharat Assamese Team

Published : February 11, 2024 at 3:51 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ১১ ফেব্ৰুৱাৰী: বলীউডৰ অভিনেতা সঞ্জয় দত্ত এসময়ত পেছাদাৰী জীৱনতকৈ ব্যক্তিগত জীৱনৰ বাবে অধিক লাইমলাইটত আছিল । সঞ্জয় দত্তই তেওঁৰ বহু সাক্ষাৎকাৰত স্বীকাৰ কৰিছিল যে তেওঁৰ ৩০০ৰো অধিক যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল । কিন্তু এতিয়া তেওঁ মান্যতা দত্তৰ লগত নিজৰ জীৱনত থিতাপি লৈছে ৷ সঞ্জয় দত্ত আৰু মান্যতাৰ বিবাহৰ আজি ১৬ বছৰ হ’ল । বাতৰি অনুসৰি সঞ্জয় দত্তৰ জীৱনত যেতিয়া মান্যতাৰ প্ৰৱেশ ঘটিছিল, তেতিয়া অভিনেতাগৰাকী চাৰিওফালে সমস্যাত আগুৰি আছিল ।

খবৰ অনুসৰি সঞ্জয় দত্ত আৰু মান্যতাৰ মাজত প্ৰথম কথা-বতৰা আৰম্ভ হৈছিল যেতিয়া অভিনেতাজনে মান্যতাৰ ছবি ‘লাভাৰ্ছ লাইক আছ’ৰ অধিকাৰ ক্ৰয় কৰিছিল । ইয়াৰ পিচত সঞ্জয় আৰু মান্যতাৰ সঘনাই লগ হ’বলৈ ধৰিলে । ইয়াৰ পিচত দুয়োৰে মাজত গঢ়ি উঠে বন্ধুত্বৰ সম্পৰ্ক ৷ কোৱা হয় যে সেই সময়ত সঞ্জয় দত্তই নিজৰ মেনেজাৰৰ লগত ডেট কৰি আছিল । কিন্তু মান্যতা দত্তৰ কেয়াৰিং স্বভাৱ দেখি অভিনেতাজন তেওঁৰ প্ৰতি আকৰ্ষিত হ’বলৈ ধৰিলে আৰু দুয়োৰে মাজৰ বন্ধুত্ব প্ৰেমলৈ পৰিণত হয় । কিছুদিনৰ পাচত সঞ্জয় দত্তই মান্যতাক বিয়া কৰোৱাৰ সিদ্ধান্ত লয় ।

বাতৰি অনুসৰি সঞ্জয় দত্তই যেতিয়া মান্যতা দত্তক বিয়া কৰাইছিল তেতিয়া তেওঁৰ বয়স আছিল ৫০ বছৰ । আনহাতে মান্যতা তেওঁৰ তুলনাত ১৯ বছৰ সৰু । ২০০৮ চনৰ ১১ ফেব্ৰুৱাৰীত সঞ্জয় দত্ত আৰু মান্যতাৰ বিবাহ হয় । কিন্তু এই বিবাহ বলীউডৰ বাকী বিয়াতকৈ সম্পূৰ্ণ ব্যতিক্ৰম আছিল ৷ কাৰণ একেবাৰে সাধাৰণভাৱে বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো ৷ আজি এই দম্পতী দুটা সন্তানৰ পিতৃ-মাতৃ আৰু মান্যতা দত্ত সঞ্জয়ৰ প্ৰডাকশ্যন হাউচৰ চিইঅ’ ।

ইফালে আজি বিবাহ বাৰ্ষিকী উপলক্ষে সঞ্জয় দত্তই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা পোষ্ট ৷ পোষ্ট শ্বেয়াৰ কৰি সঞ্জয় দত্তই লিখিছে, ‘‘শুভ বাৰ্ষিকী মা, মোৰ জীৱনৰ শ্ৰেষ্ঠ অংশ হোৱাৰ বাবে ধন্যবাদ আৰু তুমি মোক দিয়া ২টা আটাইতকৈ সন্দৰ সন্তানৰ বাবে ধন্যবাদ, তোমাক আটাইতকৈ বেছি ভাল পাওঁ মা, পৃথিৱীৰ শেষৰ পিচতো মই সদায় তোমাৰ কাষত থাকিম, শুভ বাৰ্ষিকী @maanayata ৷’’

লগতে পঢ়ক: প্ৰথমে অনুষ্কাৰ গৰ্ভধাৰণৰ কথা ঘোষণা, এতিয়া এবি ডি ভিলিয়াৰ্ছে নাকচ কৰিলে নিজৰ কথা