ETV Bharat / entertainment

প্ৰথমে অনুষ্কাৰ গৰ্ভধাৰণৰ কথা ঘোষণা, এতিয়া এবি ডি ভিলিয়াৰ্ছে নাকচ কৰিলে নিজৰ কথা

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 1:21 PM IST

Anushka Sharma Pregnancy : অভিনেত্ৰী অনুষ্কা শৰ্মাৰ গৰ্ভধাৰণৰ খবৰ দীৰ্ঘদিন ধৰি চলি আহিছে । অৱশ্যে এতিয়ালৈকে বিৰাট কোহলী বা অনুষ্কাই গৰ্ভধাৰণৰ কথা ঘোষণা কৰা নাই । শেহতীয়াকৈ এ বি ডি ভিলিয়াৰ্ছে অনুষ্কা শৰ্মাৰ গৰ্ভাৱস্থাৰ সন্দৰ্ভত এক বিবৃতি দিছিল । এতিয়া ক্ৰিকেটাৰজনে নিজৰ কথা নাকচ কৰিছে ৷

Anushka Sharma Pregnancy: I mistakenly shared incorrect information- AB de Villiers
এবি ডি ভিলিয়াৰ্ছে নাকচ কৰিলে নিজৰ কথা

চিটাৰা ডেস্ক, ৯ ফেব্ৰুৱাৰী: বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু ক্ৰিকেটাৰ বিৰাট কোহলীৰ যুটিটো অনুৰাগীয়ে ভাল পায় । ছবি আৰু ক্ৰিকেটৰ সংমিশ্ৰণ থকা এই দম্পতীৰ প্ৰতিটো লাইফ আপডেট অনুৰাগীয়ে জানিব বিচাৰে । দুয়োৰে বিবাহৰ ৬ বছৰ হ’ল আৰু দুয়োগৰাকীয়ে এগৰাকী কন্যা বামিকাৰ পিতৃ-মাতৃ ।

ইয়াৰ মাজতে শেহতীয়াকৈ অনুষ্কা শৰ্মা দ্বিতীয়বাৰৰ বাবে গৰ্ভৱতী হোৱাৰ খবৰ আহিছিল । অৱশ্যে গৰ্ভধাৰণৰ কথা মুকলিকৈ প্ৰকাশ কৰা নাই অভিনেত্ৰীগৰাকীয়ে ৷ কিন্তু অনুষ্কাৰ বেবী বাম্প বহুবাৰ স্পষ্টকৈ দেখা পোৱা গৈছিল ৷ ইয়াৰ পিচতো দুয়োগৰাকীয়ে কেতিয়াও গৰ্ভাৱস্থাৰ কথা কোৱা নাছিল ৷ কিন্তু শেহতীয়াকৈ ক্ৰিকেটাৰ এ বি ডি ভিলিয়াৰ্ছে অভিনেত্ৰীগৰাকীৰ গৰ্ভাৱস্থাৰ কথা ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছিল । কিন্তু এতিয়া এই কথা নাকচ কৰিছে ক্ৰিকেটাৰগৰাকীয়ে ।

বিৰাটৰ ঘনিষ্ঠ বন্ধু এ বি ডি ভিলিয়াৰ্ছে কৈছিল যে অনুষ্কা-বিৰাটৰ ঘৰত আকৌ এবাৰ হাঁহি বিৰঙাবলৈ আহি আছে নতুন আলহী ৷ ডি ভিলিয়াৰ্ছে নিজৰ ইউটিউব চেনেলত এজন অনুৰাগীৰ সৈতে কথা পাতি তেওঁ কৈছিল, ‘‘বিৰাট কোহলীৰ বাবে এয়া পাৰিবাৰিক সময়। তেওঁলোকৰ ঘৰলৈ আহিব দ্বিতীয় সন্তান ।’’

আচলতে যেতিয়া ডি ভিলিয়াৰ্ছে ইউটিউবত অনুৰাগীৰ প্ৰশ্নৰ উত্তৰ দি আছিল, তেতিয়া এজন অনুৰাগীয়ে তেওঁক বিৰাটৰ বিষয়ে সুধিছিল আৰু মেছেজৰ জৰিয়তে বিৰাটৰ সৈতে হোৱা আলোচনাৰ কথা উল্লেখ কৰিছিল, য’ত ডি ভিলিয়াৰ্ছে উত্তৰ দিছিল, ‘‘ মই তেওঁক লিখিলোঁ যে মই আপোনাক লগ কৰিব বিচাৰিছো । আপোনাৰ খবৰ কি ?’ ইয়াৰ প্ৰত্যুত্তৰত বিৰাটে তেওঁক ক’লে, ‘এতিয়া মোৰ পৰিয়ালৰ লগত থকাটো প্ৰয়োজন । মই ভালে আছো ।’’ এই সন্দৰ্ভত ডি ভিলিয়াৰ্ছে ক’লে, ‘‘হয়, তেওঁৰ ঘৰত দ্বিতীয় সন্তানৰ আগমন ঘটিব ৷ পৰিয়ালৰ সময় আৰু তেওঁলোকৰ বাবে এই বিষয়টো অতি গুৰুত্বপূৰ্ণ । মই ভাবো বেছিভাগ মানুহৰ প্ৰাধান্য পৰিয়াল, ইয়াৰ বাবে বিৰাটক দোষ দিব নোৱাৰি ।’’

এতিয়া নিজে কোৱা কথা নাকচ কৰিলে ডি ভিলিয়াৰ্ছে

অৱশ্যে এতিয়া ডি ভিলিয়াৰ্ছে ভুল কৰা বুলি দাবী কৰিছে । তেওঁ কয়,‘‘বিৰাট আৰু অনুষ্কাই দ্বিতীয় সন্তানৰ আশা কৰা খবৰ সঁচা নহয় । প্ৰথমে পৰিয়াল আৰু তাৰ পিচত ক্ৰিকেট । মোৰ ইউটিউব চেনেলত মই এটা ডাঙৰ ভুল কৰিলোঁ । সেই তথ্য ভুল আছিল আৰু একেবাৰে সঁচা নাছিল । মই ভাবো বিৰাটৰ পৰিয়ালৰ বাবে যি ভাল, সেইটোৱেই প্ৰথম । বাহিৰত কি হৈছে কোনেও নাজানে, মই মাত্ৰ সেইটোৱেই কৰিব পাৰো । তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ । তেওঁৰ বিৰতিৰ কাৰণ যিয়েই নহওক কিয়, আশাকৰোঁ তেওঁ শক্তিশালী, ভাল আৰু সতেজ হৈ ঘূৰি আহিব ।’’

অনুষ্কাৰ দ্বিতীয়বাৰ গৰ্ভধাৰণৰ কথা বহু দিনৰে পৰা চলি আছিল

উল্লেখ্য যে, অভিনেত্ৰী অনুষ্কা শৰ্মাৰ গৰ্ভধাৰণৰ খবৰ ছ’চিয়েল মিডিয়াত বহু দিনৰে পৰা চলি আছিল । বহুবাৰ অভিনেত্ৰীগৰাকীক বেবী বাম্পৰ সৈতে দেখা গৈছিল যদিও আজিলৈকে দম্পতীয়ে ইয়াৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । ভাৰত বনাম অষ্ট্ৰেলিয়া ক্ৰিকেট মেচতো অনুষ্কাক বিৰাটৰ হৈ উল্লাস কৰা দেখা গৈছিল । এই মেচতো তেওঁ পৰিধান কৰিছিল ঢিলা বগা ড্ৰেছ, য’ত মানুহে অভিনেত্ৰীগৰাকীৰ বেবী বাম্প দেখা পাইছিল । ইয়াৰ পূৰ্বেও অভিনেত্ৰীগৰাকীয়ে একেধৰণৰ ঢিলা পোছাক পৰিধান কৰিছিল আৰু ইয়াৰ পিচত গৰ্ভাৱস্থাৰ উৰাবাতৰি আৰু অধিক বিয়পিবলৈ ধৰে ৷ অৱশ্যে এই দম্পতীয়ে এই খবৰ এতিয়ালৈকে নিশ্চিত কৰা নাই ৷

লগতে পঢ়ক: দ্বিতীয়বাৰৰ বাবে পিতৃ-মাতৃ হ’ব বিৰাট-অনুষ্কা, প্ৰকাশ কৰিলে এই তাৰকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.