ETV Bharat / entertainment

দ্বিতীয়বাৰৰ বাবে পিতৃ-মাতৃ হ’ব বিৰাট-অনুষ্কা, প্ৰকাশ কৰিলে এই তাৰকাই

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 11:26 AM IST

Virat Kohli: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটছমেন বিৰাট কোহলী এইকেইদিন টিম ইণ্ডিয়াৰ পৰা আঁতৰি আছে । ইংলেণ্ড টেষ্ট শৃংখলাৰ প্ৰথম ৩খন মেচৰ পৰা তেওঁ নিজৰ নাম প্ৰত্যাহাৰ কৰিছিল । এতিয়া পোহৰলৈ আহিছে ইয়াৰ কাৰণ ।

AB de Villiers confirmed Virat Kohli Anushka Sharma become a parent for 2nd time
পিতৃ-মাতৃ হ’ব বিৰাট-অনুষ্কা

চিটাৰা ডেস্ক, ৪ ফেব্ৰুৱাৰী: বিৰাট কোহলীয়ে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্ট মেচত অংশগ্ৰহণ নকৰাৰ কাৰণ প্ৰকাশ ৷ দৰাচলতে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক তথা তেওঁৰ একালৰ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সতীৰ্থ এবি ডি ভিলিয়াৰ্ছে কয় যে ভাৰতীয় প্ৰাক্তন অধিনায়কৰ অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মাই দ্বিতীয় সন্তান জন্ম দিব । এবি ডি ভিলিয়াৰ্ছে নিজৰ ইউটিউব চেনেলত এটা ভিডিঅ’যোগে কয়, ‘‘বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই দ্বিতীয় সন্তানৰ আশা কৰিছে ৷ গতিকে বিৰাট কোহলীয়ে পৰিয়ালৰ সৈতে সময় উপভোগ কৰি আছে ।’’

উল্লেখ্য যে, ২০১৭ চনৰ ১১ ডিচেম্বৰত বিৰাট আৰু অনুষ্কাৰ বিবাহ হৈছিল । তেওঁলোকৰ প্ৰথম সন্তান কন্যা বামিকা ২০২১ চনৰ ১১ জানুৱাৰীত জন্ম হৈছিল । এতিয়া জানিব পৰা মতে এই তাৰকা দম্পতীৰ ঘৰত আগমন ঘটিব নতুন আলহীৰ ৷

আচলতে হায়দৰাবাদত শৃংখলাৰ প্ৰথমখন মেচ আৰম্ভ হোৱাৰ ঠিক আগতে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্ট মেচৰ পৰা কোহলীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰিছিল আৰু অধিনায়ক ৰোহিত শৰ্মা আৰু ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’লে এই কথা জনাইছিল ব্যক্তিগত কাৰণত তেওঁৰ নাম প্ৰত্যাহাৰ কৰা বুলি ব’ৰ্ডে (বিচিচিআই) কয় ।

বিচিচিআইয়ে ২২ জানুৱাৰীত প্ৰকাশ কৰা এক বিবৃতিত কয় যে, ‘‘ব্যক্তিগত কাৰণত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া আইডিএফচি ফাৰ্ষ্ট বেংক টেষ্ট ছিৰিজৰ প্ৰথম দুখন টেষ্টৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ বাবে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক বিৰাট কোহলীয়ে অনুৰোধ জনাইছে ।’’

তেওঁ মেচ নেখেলাৰ বাবেই ছ’চিয়েল মিডিয়াত তেওঁৰ এই সিদ্ধান্তৰ কাৰণ সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । কোনো কোনোৱে অনুমান কৰিছিল যে তেওঁ আৰু অনুষ্কাই আন এটা সন্তানৰ আশা কৰিছে ৷ আন বহুতে আকৌ অনুমান কৰিছিল যে তেওঁৰ পৰিয়ালৰ গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে তেওঁ দলৰ পৰা আঁতৰি আছে । অনুৰাগীসকলে তেওঁৰ মাতৃৰ অসুস্থতাৰ বিষয়েও জল্পনা-কল্পনা কৰিছিল ।

অৱশ্যে এই সন্দৰ্ভত কোহলী আৰু অনুষ্কাই মৌনতা অৱলম্বন কৰিছে ৷ কিন্তু ভাৰতীয় দল আৰু বিচিচিআইৰ সদস্যসকলে এই সন্দৰ্ভত সকলো কথা জানে আৰু তেওঁলোকে গোপনীয়তাও বজাই ৰাখিছে । কিন্তু অৱশেষত শনিবাৰে নিজৰ ইউটিউব চেনেলত ভিডিঅ’ পোষ্ট কৰি এবি ডি ভিলিয়াৰ্ছে এই গোপন কথা প্ৰকাশ কৰে ।

ভিডিঅ’টোত এবি ডি ভিলিয়াৰ্ছে কয়, ‘‘তেওঁ মোক মাত্ৰ কৈছিল, ‘আপুনি কেনে আছে, এতিয়া মই মোৰ পৰিয়ালৰ সৈতে থকাটো প্ৰয়োজন ।’’ পৰিয়াল আৰু আপোনাৰ বাবে যিটো গুৰুত্বপূৰ্ণ বস্তু আৰু যদি আপুনি নিজৰ প্ৰতি সঁচা আৰু বাস্তৱ নহয় তেন্তে আপুনি পাহৰি যায় যে আপুনি কিহৰ বাবে ইয়াত আছে ৷ আপুনি কিয় এই পৃথিৱীত আছে আৰু আপোনাৰ উদ্দেশ্য কি । মই ভাবো আমাৰ বেছিভাগেই পৰিয়ালৰ বাবেই ইয়াত আছো ।’’

ডি ভিলিয়াৰ্ছৰ এই প্ৰকাশে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে যদিও বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা দুয়োগৰাকীয়ে এই বিষয়ত মৌনতা অৱলম্বন কৰিছে । তেওঁলোকৰ ফালৰ পৰা এতিয়াও কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ পোৱা নাই ৷

লগতে পঢ়ক: প্ৰিয়ংকা চোপ্ৰাই এৰিলে নিজৰ বিলাসী সম্পত্তি, কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.