ETV Bharat / entertainment

প্ৰিয়ংকা চোপ্ৰাই এৰিলে নিজৰ বিলাসী সম্পত্তি, কিন্তু কিয় ?

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 10:45 AM IST

Updated : Feb 2, 2024, 11:00 AM IST

Priyanka Chopra : নিক জ’নাছ আৰু প্ৰিয়ংকা চোপ্ৰাই নিজৰ মিলিয়ন ডলাৰৰ অট্টালিকা পৰিত্যাগ কৰিছে । কিন্তু কিয় ? সবিশেষ জানিবলৈ পঢ়ক প্ৰতিবেদন ৷

Priyanka Chopra and Nick Jonas forced to leave their fancy house, Know Why
প্ৰিয়ংকা চোপ্ৰাই এৰিলে নিজৰ বিলাসী সম্পত্তি

চিটাৰা ডেস্ক, ২ ফেব্ৰুৱাৰী : গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাই স্বামী নিক জ’নাছৰ সৈতে আমেৰিকাৰ লছ এঞ্জেলছত বাস কৰে । কিন্তু এতিয়া প্ৰিয়ংকাৰ সপোনৰ ঘৰখনক লৈ এটা ডাঙৰ খবৰ আহিছে । জানিব পৰা মতে, অসুবিধাৰ সন্মুখীন হৈ এই দম্পতীয়ে লছ এঞ্জেলছ স্থিত ঘৰখন খালী কৰিছে । কেৱল এয়াই নহয়, তেওঁলোকক এই ঘৰটো বিক্ৰী কৰা ব্যক্তিজনৰ বিৰুদ্ধেও অভিযোগ দাখিল কৰিছে ।

খবৰ অনুসৰি প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছে ২০১৯ চনত এই ঘৰটো ২০ মিলিয়ন ডলাৰত অৰ্থাৎ প্ৰায় ১৬৬ কোটি টকাত ক্ৰয় কৰিছিল । কিন্তু এই ঘৰটোত পানী নিসৰণৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ বাবে এই দম্পতী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল । ঘৰৰ বিভিন্ন ঠাইৰ পৰা পানী নিগৰিছিল, যাৰ বাবে সমস্যাৰ সৃষ্টি হৈছিল ৷ এই দম্পতীয়ে আৰক্ষী থানাত দাখিল কৰা নিজৰ গোচৰত কয় যে ইয়াৰ ফলত স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে ।

উল্লেখ্য যে, এই বিলাসী ঘৰটোত সাতটা বেডৰুম, নটা বাথৰুম, উষ্ণতা নিয়ন্ত্ৰিত ৱাইন চেলাৰ, পাকঘৰ, হোম থিয়েটাৰ, বলিং এলি, স্পা আৰু ষ্টীম শ্বাৱাৰ, জিম আৰু বিলিয়াৰ্ড ৰুম আছে । ২০২৩ চনৰ মে’ মাহত ঘৰটো বিক্ৰী কৰা বিক্ৰেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে প্ৰিয়ংকা-নিকে ।

এই অনুসৰি, সম্পত্তিটো ক্ৰয় কৰাৰ পিচৰে পৰা ইয়াৰ চুইমিং পুল আৰু স্পাৰ সমস্যা হ’বলৈ ধৰে । ৱাটাৰপ্ৰুফিঙৰ অসুবিধাৰ বাবে ঘৰৰ কিছু অংশত শৈবাল আৰু অন্যান্য সমস্যাৰ সৃষ্টি হৈছিল ।

অসুবিধাৰ সন্মুখীন হৈছিল

লগতে কোৱা হৈছে যে ঘৰৰ মজিয়াতো পানী লিক হোৱাৰ সমস্যা তেতিয়াৰে পৰাই আৰম্ভ হৈছিল । এই সমস্যাৰ বাবে হোৱা লোকচানৰ ক্ষতিপূৰণ বিচাৰিছে প্ৰিয়ংকা আৰু নিকে । খবৰ অনুসৰি গোচৰটোত উল্লেখ আছে যে দম্পতীয়ে মেৰামতিৰ ধন ঘূৰাই দিবলৈ দাবী জনাইছে । ইয়াৰ উপৰিও তেওঁলোকৰ যি ক্ষতি হৈছে তাৰ ক্ষতিপূৰণ দিব লাগিব বুলি উল্লেখ আছে । লগতে কোৱা হৈছে যে সম্পত্তিটো মেৰামতিৰ বাবে ১৫ লাখৰ পৰা ২৫ লাখ ডলাৰ ৷ অৰ্থাৎ প্ৰায় ১৩ ৰ পৰা ২০ কোটি টকা খৰচ হ’ব ।

ইফালে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছে কন্যা মালতী মেৰীৰ সৈতে আন এটা ঘৰলৈ স্থানান্তৰিত হৈছে । যেতিয়ালৈকে তেওঁলোকৰ সম্পত্তি মেৰামতি নহয় ৷ তেতিয়ালৈকে দুয়োগৰাকী কন্যাৰ সৈতে তাতেই থাকিব । কৰ্মৰ বাবে এই দম্পতীয়ে সমগ্ৰ বিশ্ব ভ্ৰমণ কৰে যদিও তেওঁলোকৰ ঘৰ লছ এঞ্জেলছত, য’ত তেওঁলোক থাকে ।

শেহতীয়াকৈ নিক জ’নাছে ভাতৃদ্বয় জো জ’নাছ আৰু কেভিন জ’নাছৰ সৈতে ভাৰতলৈ আহিছিল ৷ মুম্বাইত অনুষ্ঠিত সংগীত উৎসৱ লোলাপালুজা ইণ্ডিয়াত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছিল নিক । ভাৰতীয় অনুৰাগীয়ে তেওঁক আন্তৰিকতাৰে আদৰণি জনাই কনচাৰ্টৰ মাজতে ‘জিজু’ চিঞৰিব ধৰিছিল ৷ ইফালে হলিউডৰ প্ৰজেক্টত ব্যস্ত হৈ আছে প্ৰিয়ংকা চোপ্ৰা ।

লগতে পঢ়ক : তিৰুপতিত ধনুষৰ ছবিৰ শ্বুটিং, যানজঁটৰ বাবে ভক্তই দিলে অভিযোগ

Last Updated : Feb 2, 2024, 11:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.