ETV Bharat / entertainment

তিৰুপতিত ধনুষৰ ছবিৰ শ্বুটিং, যানজঁটৰ বাবে ভক্তই দিলে অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 1:48 PM IST

Dhanush In Trouble: তিৰুপতিত ধনুষৰ ছবি D51 ৰ শ্বুটিং চলি আছিল । কিন্তু এতিয়া হঠাৎ বন্ধ কৰি দিয়া হৈছে ছবিখনৰ শ্বুটিং ৷ কিন্তু কিয় বন্ধ কৰি দিয়া হৈছে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Dhanush Causes Massive Traffic in Tirupati Due to His Film shooting, Video Goes Viral
তিৰুপতীত ধনুষৰ ছবিৰ শ্বুটিঙত অঘটন

চিটাৰা ডেস্ক, ১ ফেব্ৰুৱাৰী: দক্ষিণৰ তাৰকা ধনুষৰ সন্দৰ্ভত এটা ডাঙৰ খবৰ আহিছে । আচলতে তিৰুপতি মন্দিৰৰ সমীপত অভিনেতাগৰাকীৰ আগন্তুক ছবি ‘D51’ ৰ শ্বুটিং চলি আছিল । যাৰ বাবে অভিনেতাজনক চাবলৈ বহু মানুহ গোট খাইছিল । ফলত যানজঁটৰ সৃষ্টি হয় । ইয়াৰ বাবেই একাংশ ভক্তই আৰক্ষী থানাত অভিযোগ দাখিল কৰি ছবিখনৰ শ্বুটিং বন্ধ কৰিবলৈ বাধ্য কৰায় । ইফালে চেটৰ পৰা ধনুষৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত তেওঁক পুৰণি, লেতেৰা আৰু ফটা কাপোৰ পৰিধান কৰি থকা দেখা গৈছে ।

ভাইৰেল হোৱা ভিডিঅ’টোত তিৰুপতিত বিপুল জনসমাগম দেখা গৈছে । ভিৰৰ মাজত কিছুমান ভক্ত ভগৱানৰ দৰ্শন কৰিবলৈ আহিছিল আৰু কিছুমানে ধনুষৰ শ্বুটিং চাবলৈ গোট খাইছিল । যাৰ বাবে যানজঁটৰ সৃষ্টি হৈছিল । যানজঁটৰ বাবে মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, ছবিখনৰ শ্বুটিঙৰ বাবে এটা পথ বন্ধ কৰি ভক্তসকলৰ বাবে আন এটা পথ খুলি দিয়া হৈছিল । শ্বুটিঙৰ বাবে আনটো পথো বন্ধ হৈ পৰে । পথটো বন্ধ হোৱাৰ বাবে সমস্যাৰ সন্মুখীন হৈছিল লোকসকলৰ । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি বহু ভক্তই বিচলিত হৈ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল । ইয়াৰ পিচতে আৰক্ষীয়ে দৃশ্যগ্ৰহণ বন্ধ কৰি দিছিল । অৱশ্যে ধনুষৰ ছবিখনৰ প্ৰযোজকসকলে শ্বুটিঙৰ বাবে অনুমতি লৈছিল ।

উল্লেখ্য যে, শেহতীয়াকৈ মুক্তি লাভ কৰিছিল ধনুষৰ ছবি ‘কেপ্টেইন মিলাৰ’ ৷ এই ছবিখন বক্স অফিচত সফল হৈছিল ৷ ছবিখন ১২ জানুৱাৰীত চিনেমাগৃহত মুক্তি লাভ কৰিছিল । শিৱ ৰাজকুমাৰ, প্ৰিয়ংকা অৰুণ মোহন, অদিতি বালান, সুদীপ কিষাণক সহ চৰিত্ৰত দেখা গৈছিল ছবিখনত । ছবিখন পৰিচালনা কৰিছিল অৰুণ মথেশ্বৰনে । ছবিখন এতিয়া অতি সোনকালেই OTT প্লেটফৰ্মত মুক্তি পাব ।

লগতে পঢ়ক: ডিপফেক ভিডিঅ’ৰ বিষয়ে সাক্ষাৎকাৰত কি ক’লে ৰশ্মিকাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.