ETV Bharat / entertainment

ডিপফেক ভিডিঅ’ৰ বিষয়ে সাক্ষাৎকাৰত কি ক’লে ৰশ্মিকাই ?

Rashmika Mandanna On Deepfake Video: ৰশ্মিকা মন্দন্নাই নিজৰ ছবিৰ বাবে সদায় শিৰোনামত থাকে । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ এটা ডিপফেক ভিডিঅ’ ভাইৰেল হৈ পৰিছিল । এতিয়া এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে মুকলিকৈ প্ৰকাশ কৰিছে ৷

Rashmika Mandanna scared by Deepfake video, so she decided to speak out against it
ডিপফেক ভিডিঅ’ক লৈ ৰশ্মিকা মন্দন্নাৰ প্ৰতিক্ৰিয়া
author img

By ETV Bharat Assamese Team

Published : February 1, 2024 at 1:10 PM IST

3 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ১ ফেব্ৰুৱাৰী: বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যা যিমান আগবাঢ়ি গৈছে, সিমান মানুহৰ কাম সহজ হৈ পৰিছে ৷ কিন্তু প্ৰযুক্তিবিদ্যাই মানুহৰ কাম যিমানেই সহজ কৰিছে, সিমানেই এই প্ৰযুক্তিবিদ্যাৰ দূৰ্ব্যৱহাৰে মানুহৰ জীৱন বিপদাপন্নও কৰি তুলিছে ৷ সকলো বস্তুৰে যেনকৈ ভাল বেয়া গুণ দুয়োটাই থাকে, ঠিক তেনেকৈয়ে প্ৰযুক্তিবিদ্যাৰো ভাল বেয়া দুয়োটা গুণেই আছে ৷ শেহতীয়াকৈ কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ সহায়ত মানুহৰ কাম বহু গুণে সহজ হৈ পৰিছে, কিন্তু AI য়ে মানুহৰ জীৱন বিপদাপন্নও কৰিছে ৷ তাৰেই এক উদাহৰণ শেহতীয়াকৈ দেখা পোৱা গৈছিল চেলিব্ৰিটিসকলৰ ক্ষেত্ৰত ৷

এতিয়া আহিছো ঘটনাৰ বিৱৰণীলৈ, ২০২৩ চনৰ নৱেম্বৰ মাহত ভাইৰেল হৈছিল অভিনেত্ৰী ৰশ্মিকা মন্দন্নাৰ এটা ভিডিঅ’ । যিটো ভিডিঅ’ আছিল ডিপফেক ভিডিঅ’ ৷ অৰ্থাৎ যেতিয়া কোনো এগৰাকী ব্যক্তিৰ মুখত আন এগৰাকীৰ মুখ লগাই দিয়া হয় তাকেই ডিপফেক ভিডিঅ’ বুলি কয় ৷

উল্লেখ্য যে, ৰশ্মিকাৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত মুহূৰ্ততে ভাইৰেল হৈ পৰিছল ৷ যাৰ বাবে সকলো চিন্তিত হৈ পৰিছিল ৷ আনকি ৰশ্মিকায়ো এই ভিডিঅ’টোৰ বিৰুদ্ধে মাত মাতিছিল । অৱশ্যে এতিয়া ডিপফেক ভিডিঅ’ বনোৱা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হৈছে । এতিয়া ৰশ্মিকাই এই ভিডিঅ’টোৰ বিৰুদ্ধে মুকলিকৈ কোৱাৰ সিদ্ধান্ত লৈছে । শেহতীয়াকৈ ৰশ্মিকাই এক সাক্ষাৎকাৰত ডিপফেক ভিডিঅ’ৰ কথা মুকলিকৈ কৈছিল । ৰশ্মিকাই কয় যে সজাগতা বিয়পোৱাৰ বাবে এনে ঘটনাৰ বিষয়ে মাত মতাটো গুৰুত্বপূৰ্ণ ।

এই বিষয়ে কথা পাতি ৰশ্মিকাই ক’লে, ‘‘বহুবাৰ এনেকুৱা হয়, আৰু মানুহে কয়, ‘‘কিন্তু আপুনি নিজেই এই কৰ্মটো বাছি লৈছে !’’ বা আপুনি জানে, ‘‘ এই পেছাত এনেকুৱাই হ’ব ।’’ কিন্তু মোৰ মনত মাথোঁ চলি আছিল যে যদি কলেজীয়া জীৱনত মোৰ লগত এনেকুৱা হোৱা হেতেন তেতিয়া মোক সহায় কৰিবলৈ কোনো নাথাকিলহেঁতেন । কোনেও হয়তো মোক বিশ্বাস নকৰিলেহেতেন ৷’’

ৰশ্মিকাই লগতে ক’লে,‘‘ আমাৰ সংস্কৃতিত আছে যে সমাজে আমাৰ বিষয়ে যি চিন্তা কৰে আমি তাকেই বিশ্বাস কৰোঁ । যেনে আমি সমাজে বিচৰা ধৰণে হ’ব লাগিব আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিব ৷’’

মই ভয় খাইছিলো- ৰশ্মিকা

ৰশ্মিকাই আৰু ক’লে- কল্পনা কৰকচোন যদি কলেজত যোৱা ছোৱালী এজনীৰ লগত এনেকুৱা হ'লহেঁতেন ? মই কলেজীয়া ছোৱালীজনীৰ বিষয়ে চিন্তা কৰি ভয় খাইছিলো । যদি মই এই বিষয়ে কওঁ, তেন্তে কমেও ৪ কোটি ১০ লাখ মানুহে গম পাব যে ডিপফেক বুলি কিবা এটা আছে আৰু সেয়া ঠিক নহয় । সাধাৰণতে মানুহৰ আৱেগক প্ৰভাৱিত কৰি মানসিক চাপৰ সৃষ্টি কৰি আছে । গতিকে মই ভাবো মোৰ বাবে সজাগতা অনাটো গুৰুত্বপূৰ্ণ আছিল ।’’

উল্লেখ্য যে, ভাইৰেল হোৱা ৰশ্মিকাৰ ডিপফেক ভিডিঅ’টোত লিফ্টত যোৱা দেখা গৈছিল আৰু পৰিধান কৰিছিল অতি ফিটিং কাপোৰ । অৱশ্যে পিচত স্পষ্ট হৈ পৰে যে এই ভিডিঅ’টো কেৱল ভুৱা ।

লগতে পঢ়ক: টেইলৰ চুইফটৰ আপত্তিজনক AI ভিডিঅ’ ভাইৰেল, ইলন মাস্কে ল’লে ডাঙৰ পদক্ষেপ