ETV Bharat / entertainment

টেইলৰ চুইফটৰ আপত্তিজনক AI ভিডিঅ’ ভাইৰেল, ইলন মাস্কে ল’লে ডাঙৰ পদক্ষেপ

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 1:49 PM IST

Taylor Swift AI Deepfake Pictures: ভাৰতৰ চেলিব্ৰিটিৰ ডিপফেক ভিডিঅ’ৰ পিচত এইবাৰ হলিউডতো ইয়াৰ প্ৰভাৱ দেখা গ’ল ৷ আৰ্টিফিচিয়েল ইনটেলিজেন্স (AI)ৰ সহায়ত নিৰ্মিত বিখ্যাত আমেৰিকান গায়ক টেইলৰ চুইফটৰ আপত্তিজনক ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । এই ছবিবোৰক লৈ এতিয়া ইলন মাস্কে এটা ডাঙৰ পদক্ষেপ লৈছে । সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

X Blocks Searches For Taylor Swift After Her Deepfake Saga
টেইলৰ চুইফট এ আই ডিপফেক

চিটাৰা ডেস্ক, ২৯ জানুৱাৰী: শেহতীয়াকৈ ভাৰতৰ বহু চেলিব্ৰিটি ডিপফেক ভিডিঅ’ৰ বলি হৈছিল ৷ ডিপফেক ভিডিঅ’ ভাইৰেল হোৱা ভাৰতীয় চেলিব্ৰিটিৰ ভিতৰত আছিল ৰশ্মিকা মন্দন্না, কেটৰিণা কাইফ, নোৰা ফাতেহী আৰু শচীন টেণ্ডুলকাৰ । এতিয়া ইয়াৰ প্ৰভাৱ হলিউডতো পৰিছে । বিখ্যাত আমেৰিকান গায়ক টেইলৰ চুইফটৰ আপত্তিজনক ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । যিবোৰ AI ৰ সহায়ত সৃষ্টি কৰা হৈছিল আৰু মাইক্ৰ’ব্লগিং প্লেটফৰ্ম X ত শ্বেয়াৰ কৰা হৈছিল । অভিযোগ লাভ কৰাৰ পিচতেই আমেৰিকাৰ ব্যৱসায়ী ইলন মাস্কৰ মালিকানাধীন প্লেটফৰ্মে এই ছবিসমূহ আঁতৰাই পেলায় ।

উল্লেখ্য যে, টেইলৰ চুইফটৰ আপত্তিজনক ছবি এক্সত শ্বেয়াৰ কৰা হৈছিল । খবৰ অনুসৰি এই ছবিসমূহ ৪.৫ কোটি লোকে চালে, ২৪ হাজাৰৰো অধিক ছবি পুনৰ পোষ্ট কৰা হয় আৰু কেইবা হাজাৰ লাইক আৰু বুকমাৰ্ক লাভ কৰে । কিন্তু ব্যৱহাৰকাৰীৰ অভিযোগৰ পিচত এতিয়া এই পোষ্টসমূহ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ পৰা আঁতৰাই দিয়া হৈছে ।

ইলন মাস্কে ল’লে এই ডাঙৰ পদক্ষেপ

টেইলৰ চুইফটৰ ছবি ওলোৱাৰ পিচত এক্সত ‘টেইলৰ চুইফট এ আই’ ট্ৰেণ্ড কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পিচতেই ইলন মাস্কে এই ছবিবোৰ নিজৰ প্লেটফৰ্মৰ পৰা আঁতৰাই দিয়ে । ইয়াৰ উপৰিও মাস্কে আন এটা পদক্ষেপ লয়, যিটো একেবাৰে বেলেগ বুলি গণ্য কৰা হৈছে । X ত 'Taylor Swift' বুলি চাৰ্চ কৰিলে একোৱে নাহে ।

'Taylor Swift AI' টাইপ কৰি চাৰ্চ কৰিলেও একোৱেই নাহে । এক্সে এনে শব্দ নিষিদ্ধ কৰিছে, যাতে টেইলৰ চুইফটৰ আপত্তিজনক ফটোসমূহ দেখা নাপায় ।

আপত্তিজনক বিষয়বস্তু নিষিদ্ধ

X ৰ পৰা নিৰ্বাচিত শব্দ নিষিদ্ধ কৰাটো সঁচাকৈয়ে এটা ডাঙৰ পদক্ষেপ । যিসকলে এনে শব্দ লিখি এআইৰ দ্বাৰা নিৰ্মিত টেইলৰ চুইফটৰ ভাইৰেল ফটো চাব বিচাৰে তেওঁলোকে চাব নোৱাৰিব । কিন্তু যদি আপুনি মাত্ৰ 'টেইলৰ' বা 'চুইফট' টাইপ কৰে তেন্তে টেইলৰ চুইফটৰ সৈতে জড়িত পোষ্টসমূহ চাৰ্চত দেখা যাব । উল্লেখ্য যে, Swift ৰ AI ফটোসমূহ বৰ্তমান আঁতৰোৱা হৈছে এক্স একাউন্টৰ পৰা ।

লগতে পঢ়ক: ডিপফেক ভিডিঅ’ক লৈ ছানী লিয়নীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.