ETV Bharat / state

অন কেমেৰা সৰ্প দংশনত গোলাঘাটৰ ব্যক্তিৰ মৃত্যু - MAN DIES FROM SNAKE BITE

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 7:22 AM IST

Updated : May 16, 2024, 9:21 AM IST

অন কেমেৰা সৰ্প দংশনত মৃত্যু গোলাঘাটৰ ব্যক্তিৰ ৷ এডাল বিষাক্ত ফেঁটী সাপৰ সৈতে এজন ব্যক্তিয়ে ধেমালি কৰি থকাৰ সময়তে সাপে খোঁটাত মৃত্যু ঘটে তেওঁৰ ৷ ব্যক্তিগৰাকী মিছামৰা অঞ্চলৰ বাসিন্দা ৰাজেন ভূঞা ৷

DIES FROM SNAKE BITE
অন কেমেৰা সৰ্প দংশন (Source : Internet)

গোলাঘাট, 16 মে’: গোলাঘাটত এগৰাকী ব্যক্তিৰ সৰ্প দংশনত মৃত্যু ৷ জিলাখনৰ দেৰগাঁও মিছামৰা অঞ্চলৰ বাসিন্দা 65 বছৰীয়া ৰাজেন ভূঞা নামৰ এগৰাকী ব্যক্তিৰ এই সৰ্প দংশনত মৃত্যু ঘটে ৷

জানিব পৰা মতে, বাগিচাৰ মাজত ওলোৱা এডাল বিষাক্ত ফেঁটী সাপৰ সৈতে লোকজনে বহু সময় ধৰি ধেমালি কৰি আছিল ৷ পিছে বিধিৰ লিখন নাযায় খণ্ডন ৷ আকস্মিকভাৱে সাপডালে ব্যক্তিগৰাকীক দংশন কৰে ৷ এই সকলো দৃশ্য বন্দী হৈ ৰয় কেমেৰাত ৷ ঘটনাটোৰ পিছতে ৰাজেন ভূঞাক ততাতৈয়াকৈ বাগিচাৰ এম্বুলেঞ্চৰ সহায়ত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

পৰৱৰ্তী সময়ত ব্যক্তিগৰাকীক উন্নত চিকিৎসাৰ খাতিৰত লৈ যোৱা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ চিকিৎসাধীন অৱস্থাতে ব্যক্তিগৰাকীয়ে মৃত্যুক আঁকোৱালি লয় ৷ জানিব পৰা মতে, ব্যক্তিগৰাকীক চিকিৎসালয়লৈ নিওঁতে কিছু পলম হৈছিল ৷ সঠিক সময়ত উপযুক্ত চিকিৎসা লাভ নকৰাৰ ফলতে ব্যক্তিগৰাকীৰ মৃত্যু ঘটা বুলি একাংশই ক’ব খোজে ৷

উল্লেখ্য যে, ইণ্টাৰনেটত পোৱা তথ্য অনুসৰি, সজাগতাৰ অভাৱতেই হওঁক বা আন কোনো কাৰণতে হওঁক, সৰ্প দংশনত প্ৰতিবছৰে দেশৰ ভিতৰত সৰ্বাধিক ভাৰততে ২৫,০০০-৩০,০০০ লোকৰ মৃত্যুৰ ঘটনা ঘটে । ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰতে ২,০০০ মান সৰ্পদংশনৰ ঘটনা ঘটে ।

বিশেষকৈ গৰমৰ দিনত এই ঘটনা বেছি সংঘটিত হোৱা দেখিবলৈ পোৱা যায় ৷ প্ৰখৰ ৰ’দৰ বাবেই মানুহৰ সমানে অধিকাংশ সাপকো বাহিৰত ঘূৰি ফুৰা দেখা যায় ৷ সেয়ে কোনো লোকে সাপ দেখিলেও উপযুক্ত অভিজ্ঞতা নাথাকিলে তাক ধৰিব যোৱাতো অনুচিত ৷

লগতে পঢ়ক: International Snake Bite Awareness Day: আন্তৰাষ্ট্ৰীয় সৰ্প দংশন সজাগতা দিৱস পালন

Last Updated :May 16, 2024, 9:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.