হত্যাৰ অপৰাধত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড - LIFE TIME IMPRISONMENT - SESSIONS COURT HAILAKANDI

🎬 Watch Now: Feature Video

thumbnail
হত্যাৰ অপৰাধত অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 31, 2024 at 11:00 PM IST

1 Min Read
Choose ETV Bharat

কৰিমগঞ্জ, 31 মে’ : হত্যাৰ অপৰাধত অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান আদালতৰ ৷ পাঁচ বছৰ পুৰণি এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ শুকুৰবাৰে চূড়ান্ত ৰায়দান কৰে হাইলাকান্দি অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ড৹ মাহমুদুল হাছান বৰভূঞাই ৷ ভাৰতীয় দণ্ডবিধিৰ 302/34 ধাৰাত অভিযুক্ত বাহাৰ উদ্দিন বৰভূঞাক যাৱজ্জীৱন কাৰাদণ্ড আৰু 10 হাজাৰ টকা জৰিমনা বিহা হৈছে ৷

লাভ কৰা তথ্য অনুসৰি 2019 চনৰ 8 নৱেম্বৰৰ নিশা লালা আৰক্ষী থানাৰ অন্তৰ্গত জোছনাবাদ গাঁৱৰ নিবাসী জাকিৰ হুছেইন বৰভূঞাক অভিযুক্ত বাহাৰ উদ্দিন বৰভূঞাৰ লগতে আন দুজন লোকে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে ৷ কাষতে থকা কিয়া বাগানত সংঘটিত হৈছিল এই ঘটনা ৷ সংকটজনক অৱস্থাত ব্যৱসায়ী জাকিৰ হুছেইনে নিশা শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত প্ৰাণ হেৰুৱায় ৷ পৰৱৰ্তী সময়ত জাকিৰ হুছেইনৰ পত্নী খাদিজা বেগম মাজহৰভূঞাই এই সন্দৰ্ভত গোচৰ দাখিল কৰে ৷ এই গোচৰত আদালতে 19 জন ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰে ৷ শান্তনু শৰ্মা, দেৱজিৎ চক্ৰৱৰ্তী আৰু কাজী আবু ৰাইহানে চৰকাৰী পক্ষৰ হৈ যুক্তি আগবঢ়ায় ৷  

লগতে পঢ়ক : অবৈধ অস্ত্ৰ-ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ বিজেপি নেত্ৰীৰ পুত্ৰ - Hojai BJP Leaders Son Arrested

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details