বাসুকী ইণ্ডিকাছ : কোটি কোটি বছৰৰ পূৰ্বৰ পৃথিৱীত পোৱা আটাইতকৈ ডাঙৰ সাপৰ জীৱাশ্ম উদ্ধাৰ - Prehistoric snake discovered
47 নিযুত বছৰ পূৰ্বৰ 49 ফুট দৈৰ্ঘ্যৰ সাপৰ জীৱাশ্ম উদ্ধাৰ ৷ গুজৰাটৰ কচ্চৰ পাণ্ড্ৰাত লিগনাইট খনিৰ পৰা বাসুকীৰ জীৱাশ্ম আৱিষ্কাৰ হোৱাৰ কথা ঘোষণা কৰা হৈছে, যিটোৱে বিশ্বজুৰি দৃষ্টি আকৰ্ষণ কৰিছে ৷

Published : April 19, 2024 at 9:58 PM IST
নিউজ ডেস্ক, 19 এপ্ৰিল : গুজৰাটৰ কচ্চৰ প্ৰন্ধ্ৰ গাঁৱৰ ওচৰৰ লিগনাইট খনিত আটাইতকৈ ডাঙৰ সাপৰ জীৱাশ্ম পোৱা গৈছে ৷ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজী ৰুৰকী (IITR)ৰ পেলোণ্টোলজীৰ পোষ্ট ডক্টৰেল গৱেষক আৰু বৈজ্ঞানিক প্ৰতিবেদন আলোচনীত প্ৰকাশিত অধ্যয়নটোৰ মুখ্য লেখক দেবজিৎ দত্তই এই সন্দৰ্ভত তেওঁৰ প্ৰতিবেদন উপস্থাপন কৰিছে ৷ যাৰ অধীনত তেওঁ আটাইতকৈ ডাঙৰ সাপৰ জীৱাশ্ম বিচাৰি পোৱা বুলি দাবী কৰিছে ৷ যাৰ দৈৰ্ঘ্য 49 ফুট অৰ্থাৎ 15 মিটাৰ পৰ্যন্ত ৷ বিশ্বাস কৰা হয় যে এই জীৱাশ্ম 47 নিযুত বছৰ আগৰ ৷ সাপটোৰ মেৰুদণ্ডৰ প্ৰায় 27 টা অংশ উলিয়াই অনা হৈছে আৰু ইয়াৰ নাম বাসুকী ইণ্ডিকাছ ৰখা হৈছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
‘ছায়েন্টিফিক ৰিপ’ৰ্টছ’ নামৰ বিজ্ঞান আলোচনীখনত ওডিশাৰ ৰুৰকী আই আই টিৰ দেবজিৎ দত্ত আৰু সুনীল বাজপেয়ী নামৰ দুগৰাকী বিশেষজ্ঞ গৱেষকে প্ৰকাশ কৰা এক অধ্যয়নত কচ্চৰ পাণ্ড্ৰাত লিগনাইট খনিৰ পৰা বাসুকীৰ জীৱাশ্ম আৱিষ্কাৰ হোৱাৰ কথা ঘোষণা কৰা হৈছে, যিটোৱে বিশ্বজুৰি দৃষ্টি আকৰ্ষণ কৰিছে ৷ লাখ লাখ বছৰৰ আগতে কি ধৰণে জীৱৰ বিৱৰ্তন হ’ব পাৰে সেই বিষয়ে অধ্যয়ন কৰিবলৈ জীৱটোৰ বৈজ্ঞানিকভাৱে পৰীক্ষা কৰা হৈছে ৷
27 টা জীৱাশ্মৰ মেৰুদণ্ড পোৱা গৈছিল :
এই বিষয়ে অধিক তথ্য দি কচ্চ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ মুৰব্বী ড৹ সুভাষ ভাণ্ডাৰীয়ে জনোৱা মতে, 2005 চনত দেৱজিত দত্ত আৰু সুনীল বাজপেয়ীয়ে কচ্চৰ পাণ্ড্ৰ লিগনাইট খনিৰ পৰা প্ৰায় 27 টা বাসুকী নাগৰ জীৱাশ্ম উদ্ধাৰ কৰিছিল ৷ এই জীৱাশ্মসমূহৰ বৈজ্ঞানিক অধ্যয়নৰ অন্তত তেওঁলোকে এই সিদ্ধান্তত উপনীত হৈছে যে এই জীৱাশ্মসমূহ প্ৰায় 4.7 কোটি বছৰ পূৰ্বে পৃথিৱীত ঘূৰি ফুৰা বিশাল বাসুকী সাপৰ ৷
49 ফুট দীঘল আৰু 1000 কিলোগ্ৰাম ওজনৰ সাপ বুলি অনুমান কৰা হৈছে :
উদ্ধাৰ কৰা অৱশিষ্টৰ ভিত্তিত অনুমান কৰিব পাৰি যে এই সাপটো প্ৰায় 15 মিটাৰ বা 49 ফুট দীঘল আৰু ইয়াৰ ওজন প্ৰায় 1000 কিলোগ্ৰাম ৷ ওচৰৰ সাগৰৰ পাৰ থকা বোকাময় ভূমিত হয়তো জীৱটোৱে বাস কৰিছিল ৷ অত্যন্ত বিশাল আকাৰৰ হোৱাৰ বাবে ই নিশ্চয় লাহে লাহে গতি কৰিছিল ৷ ইয়াৰ উপৰিও অনুমান কৰা হৈছে যে বাসুকী এটা অবিষাক্ত সাপ আছিল আৰু আজিৰ পাইথন বা আনাকোণ্ডাৰ দৰে সাপৰ দৰেই নিজৰ চিকাৰৰ চাৰিওফালে নিজকে কুণ্ডলীবদ্ধ কৰি চিকাৰ কৰিছিল ৷
2009 চনত কলম্বিয়াৰ কয়লা খনিতো এনে অৱশিষ্ট পোৱা গৈছিল-
মন কৰিবলগীয়া যে সাপৰ কংকালৰ অৱশিষ্টৰ আধাহে পোৱা গৈছে আৰু ইয়াৰ পৰা ইয়াৰ দৈৰ্ঘ্য আৰু ওজন গৱেষকসকলে অনুমান কৰিছে ৷ 2009 চনত উত্তৰ কলম্বিয়াৰ কয়লাখনিত 13 মিটাৰ দীঘল আৰু অনুমানিক 6 কোটি বছৰ পুৰণি টিটানোব’য়া নামৰ এটা বিশাল সাপৰ অৱশিষ্টও পোৱা গৈছিল ৷ যিটো বাসুকীৰ পূৰ্বপুৰুষ আছিল ৷
বাসুকী সাপৰ মূৰৰ অৱশিষ্ট পোৱা নগ’ল-
পাণ্ড্ৰ’ খনিৰ পৰা পোৱা অৱশিষ্ট আৰু কলম্বিয়াৰ পৰা উদ্ধাৰ কৰা অৱশিষ্টৰ মাজত তুলনা কৰা হৈছে ৷ ড৹ সুনীল বাজপেয়ীয়ে কৈছে যে সাপ দুটাৰ ভিতৰত কোনটো দৈত্যকায় হ’ব সেয়া ভৱিষ্যদ্বাণী কৰাটো কঠিন ৷ উদ্ধাৰ হোৱা অৱশিষ্টসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱাস্মটো 17 ইঞ্চি দীঘল ৷ বাসুকী সাপৰ মূৰৰ অৱশিষ্ট এতিয়াও পোৱা নাই ৷
জীৱাশ্মক লৈ অধিক গৱেষণা-
হিন্দু দেৱতা শিৱৰ লগত জড়িত সাপৰ ৰজাৰ নামেৰে বাসুকীৰ নামকৰণ কৰা হৈছে ৷ বাসুকী সাপটো ইমানেই ডাঙৰ যে ই 2009 চনত কলম্বিয়াৰ কয়লাখনিত উদ্ধাৰ হোৱা টিটানোব’য়া নামৰ আন এটা প্ৰাগঐতিহাসিক সাপক প্ৰতিদ্বন্দ্বিতা কৰে ৷ টিটানোব’য়া 42 ফুট দীঘল আৰু 6 কোটি বছৰ আগতে জীয়াই আছিল বুলি অনুমান কৰা হৈছে ৷ অদূৰ ভৱিষ্যতে বাসুকীৰ অৱশিষ্টৰ পৰা পোৱা তথ্যৰ ওপৰত গৱেষণা কৰা হ’ব যে এনে সাপ কেনেকৈ জীয়াই আছিল, কি খাদ্য খাইছিল, কেনেকৈ চিকাৰ কৰিছিল, কেনেকুৱা পৰিৱেশত বাস কৰিছিল ইত্যাদি ৷
লগতে পঢ়ক : গভীৰ সাগৰৰ খনন কিয় খৰখেদাকৈ কৰিব নালাগে ? - DEEP SEA MINING

