ETV Bharat / health

সাৱধান : আপুনি Covishield ভেকছিন লৈছিল নেকি ? - Covid vaccine side effects

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 12:00 PM IST

Covid vaccine side effects
সাৱধান: আপুনি Covishield ভেকছিন লৈছিল নেকি ?

Covid vaccine side effects: ক'ভিড ভেকছিনৰ পাৰ্শ্বক্ৰিয়াক লৈ বিভিন্ন সংস্থা তথা ব্যক্তি বিশেষে দাবী কৰি আহিছে । তাৰ মাজতে খোদ ভেকছিন প্ৰস্তুতকাৰী কোম্পানীয়ে স্বীকাৰ কৰিলে ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ কথা । আদালতত কোম্পানীটোৰ ভয়ংকৰ স্বীকাৰোক্তিৰ পিচতে বিশ্বজুৰি তীব্ৰ উত্তেজনা ।

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল : ক'ভিডৰ প্ৰতিষেধক প্ৰস্তুতকাৰী এটা কোম্পানীৰ ভয়ংকৰ স্বীকাৰোক্তিয়ে বিশ্বত আলোড়নৰ সৃষ্টি কৰিছে । AstraZeneca নামৰ কোম্পানীটোৱে আদালতত স্বীকাৰ কৰিছে যে ক'ভিড ভেকছিন বা প্ৰতিষেধকে দেহত ভয়ংকৰ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে ।

দ্য টেলিগ্ৰাফে প্ৰকাশ কৰা মতে, কোম্পানীটোৱে ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আইনী দস্তাবেজত স্বীকাৰ কৰিছে যে তেওঁলোকৰ ক'ভিড ভেকছিন বা প্ৰতিষেধকে অতি বিৰল টিটিএছ সৃষ্টি কৰিব পাৰে ।

সমগ্ৰ বিষয়টো কি ?

অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ সহযোগত কোম্পানীটোৱে প্ৰস্তুত কৰা ক'ভিড-১৯ ভেকছিনৰ ফলত বহু লোকে টিটিএছৰ লগতে মৃত্যু আৰু গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে বুলি এক অভিযোগ উত্থাপন হৈছিল । আদালতত এই বিষয়ক লৈ অভিযোগ উত্থাপন কৰা হৈছিল । ফলস্বৰূপে কোম্পানীটোৱে মোকৰ্দমাৰ সন্মুখীন হৈছে ।

AZD1222 নামেৰে জনাজাত এই ভেকছিনটো ২০২০ চনত ক'ভিডৰ প্ৰাদুৰ্ভাৱৰ পাচত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অংশীদাৰিত্বত AstraZeneca নামৰ কোম্পানীটোৱে প্ৰস্তুত কৰিছিল । ভাৰত আৰু অন্যান্য নিম্ন আৰু মধ্য-আয়ৰ দেশবোৰত ইয়াক বিশ্ববিদ্যালয় আৰু চুইডিছ-ব্ৰিটিছ ড্ৰাগমেকাৰৰ অনুজ্ঞাপত্ৰৰ জৰিয়তে চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া (এছআইআই)ৰ দ্বাৰা 'Covishield' নামেৰে প্ৰস্তুত আৰু যোগান ধৰা হৈছিল ।

আদালতৰ মজিয়াত কোম্পানীটোৱে স্বীকাৰ কৰিছে যে এই ভেকছিনে অতি বিৰল ক্ষেত্ৰত টিটিএছ সৃষ্টি কৰিব পাৰে । এই ভেকছিন (বা যিকোনো ভেকছিন)ৰ অনুপস্থিতিত টিটিএছ হ'ব পাৰে । যিকোনো ব্যক্তিগত ক্ষেত্ৰত কাৰণ বিশেষজ্ঞৰ প্ৰমাণৰ বিষয় হ'ব বুলি কোম্পানীটোৱে উল্লেখ কৰিছে ।

জেমি স্কট নামৰ এজন অভিযোগকাৰীৰ মতে তেওঁ ২০২১ চনৰ এপ্ৰিলত ভেকছিনটো গ্ৰহণ কৰিছিল । যাৰ ফলত তেজ গোট মৰাৰ পিচত তেওঁৰ মগজুত স্থায়ী আঘাতৰ দৰে সমস্যা হৈছিল । যাৰ দ্বাৰা তেওঁক কাম কৰিব পৰা নাছিল আৰু চিকিৎসালয়খনে আনকি তেওঁৰ পত্নীক কৈছিল যে তেওঁ মৃত্যুৰ মুখলৈ গৈ আছে ।

টিটিএছ কি ?

থ্ৰম্বোচাইটোপেনিয়া চিণ্ড্ৰোম (টিটিএছ) হৈছে এক বিৰল আৰু গুৰুতৰ স্থিতি যাৰ বিশেষত্ব হৈছে তেজ গোট মৰা (থ্ৰম্বোচিছ) আৰু লগতে প্লেটলেট কমি যোৱা (থ্ৰম্বোচাইটোপেনিয়া)।

ইয়াৰ ফলত তেজ গোট খায় আৰু মানুহৰ তেজৰ প্লেটলেটৰ সংখ্যা কমি যায় । টিটিএছ হাড়ৰ মজ্জাৰ বিকাৰ বা ৰোগ প্ৰতিৰোধ প্ৰণালীৰ সমস্যাৰ ফলত হ'ব পাৰে । ই কিছুমান ঔষধ গ্ৰহণ কৰাৰ ফলত পাৰ্শ্বক্ৰিয়া হিচাপেও হ'ব পাৰে । টিটিএছে শিশু আৰু প্ৰাপ্তবয়স্ক দুয়োকে প্ৰভাৱিত কৰিব পাৰে ।

টিটিএছৰ লক্ষণসমূহ :

তীব্ৰ মূৰৰ বিষ, পেটৰ বিষ, উশাহ চুটি হোৱা, ভৰি ফুলা আৰু স্নায়বিক সমস্যা হৈছে টিটিএছৰ প্ৰাথমিক লক্ষণ ।

টিটিএছৰ চিকিৎসা :

টিটিএছৰ চিকিৎসাত এক বহুমুখী পদ্ধতি অন্তৰ্ভুক্ত থাকে । যাৰ ভিতৰত আছে চিকিৎসালয়ত ভৰ্তি হোৱা, তেজ অধিক গোট মৰা প্ৰতিহত কৰিবলৈ এণ্টিকোৱাগুলেচন থেৰাপী আৰু সহায়ক যত্ন । প্লেটলেটৰ স্তৰ স্থিৰ কৰিবলৈ আৰু ৰোগ প্ৰতিৰোধ-মধ্যস্থতাকাৰী প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰিবলৈ ইণ্ট্ৰাভেনাছ ইমিউনোগ্লোবিউলিন (আইভিআইজি) আৰু প্লাজমা বিনিময় ব্যৱহাৰ কৰিব পাৰি ।

লক্ষণীয়ভাৱে কোম্পানীটোৱে প্ৰস্তুত কৰা ভেকছিন ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ কোটি কোটি লোকে গ্ৰহণ কৰিছিল । তেনে পৰিস্থিতিত কোম্পানীটোৰ স্বীকাৰোক্তিয়ে নিশ্চিতভাৱে বিশ্ববাসীক আতংকিত কৰি তুলিছে ।

লগতে পঢ়ক :এইসমূহ লক্ষণে দেখা দিলে ততালিকে চিকিৎসকৰ পৰামৰ্শ লওক... - BIRD FLU

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.