ETV Bharat / health

থেকেৰা টেঙাৰ এইসমূহ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে ? - Thekera Tenga Benefits

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 10:47 PM IST

Thekera Tenga Benefits: থেকেৰাত ভালে পৰিমাণৰ ভিটামিন চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে । এই ফলবিধত এন্টিষ্ট্ৰেছ গুণ থাকে, যিয়ে মানসিক চাপ আৰু উদ্বেগৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব পাৰে । আজি ইয়াৰ অন্য উপকাৰিতাসমূহৰ বিষয়ে জানো আহক...

Amazing health benefits of mangosteen (Assamese Thekera)
থেকেৰা টেঙাৰ এইসমূহ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে ? (ETV BHARAT ASSAM)

থেকেৰা যিমানে পুৰণি হয় তাৰ ঔষধি গুণাগুণো সিমানেই বেছি হয় । অসমত বৰ থেকেৰা, কুজি থেকেৰা, ৰূপহী থেকেৰা আদি কেইবা প্ৰকাৰৰো থেকেৰা পোৱা যায় । ইয়াৰ ভিতৰত ঔষধি হিচাবে কুজি থেকেৰা সাধাৰণতে বেছিকৈ ব্যৱহাৰ হয় ৷ ককা আইতা আৰু আমি আমাৰ মাতৃসকলৰ পৰা নিশ্চয় শুনিছো যে পুৰণি কুজি থেকেৰা বহু ৰোগৰ চিকিৎসাত ব্যৱহাৰ হয় ।

  • ক্ৰনিক ডিচেন্টেৰী, কোষ্ঠকাঠিন্য, পেট কামোৰণি আদি পেটৰ যিকোনো সমস্যাত কুজি থেকেৰা বৰ উপকাৰী । ইয়াৰ বাবে দুই এচকল থেকেৰা এগিলাচ পানীত অকণমান তালমিছিৰি দি এৰাতি তিয়াই থব লাগে । পুৱা খালিপেটত চেকনিৰে চেকি লৈ সেইখিনি খাব লাগে । কিছুদিন এনেকৈ খালে পেটৰ ৰোগ নিৰাময় হয় ।
  • প্ৰসাৱ জ্বলা পোৰা কৰা, সঘনাই প্ৰসাৱ হোৱা বা প্ৰসাৱৰ সংক্ৰমণজনীত ৰোগত পুৰণি কুজি থেকেৰা মহৌষধস্বৰূপ । দুই তিনি ফুটা পুৰণি থেকেৰা এগিলাচ পানীত তালমিছিৰি দি এৰাতি তিয়াই পিচদিনা খালিপেটত কেইদিনমান চৰবত হিচাবে সেৱন কৰিলে পেচাবৰ যিকোনো সমস্যা সমাধান হয় ।
  • উচ্চ ৰক্তচাপত কুজি থেকেৰা অতি উপকাৰী । উচ্চ ৰক্তচাপৰ সমস্যাত ভোগা ৰোগীয়ে মাজে মাজে থেকেৰা চৰবত সেৱন কৰাটো উচিত । ইয়াৰোপৰিও দালি বা অন্য আঞ্জাৰ লগত দুই এফুটা থেকেৰা দি সেৱন কৰিলেও উপকৃত হ’ব ।
  • চৰ্দি বা শ্বাসজনিত ৰোগতো থেকেৰা উপকাৰী । থেকেৰাই ছালৰ সৌন্দৰ্য বঢ়ায় । ইয়াৰোপৰি ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে ।
  • ওজন হ্ৰাসৰ বাবে চাপ্লিমেন্ট আৰু পাউদাৰ গ্ৰহণ কৰাতকৈ থেকেৰা টেঙা আপোনাৰ স্বাস্থ্যৰ বাবে অধিক লাভদায়ক ৷ ইয়াত থকা হাইড্ৰক্সিচাইট্ৰিক এচিডে ওজন হ্ৰাস কৰাৰো কাম কৰে ৷
  • অন্ত্ৰ সুস্থ নোহোৱাৰ বাবে অন্ত্ৰৰ সৈতে জড়িত বহুতো সমস্যা যেনে প্ৰদাহজনিত অন্ত্ৰৰ ৰোগ, ক্ৰ’ন’ছ ডিজিজ আৰু অন্ত্ৰৰ আলচাৰ হ’ব পাৰে ৷ একে সময়তে ইয়াত থকা বহুতো ঔষধি গুণৰ বাবে থেকেৰা টেঙাই অন্ত্ৰক সুস্থ কৰি ৰাখিব পাৰে ৷ ইয়াতেই ইয়াৰ গেষ্ট্ৰ’প্ৰটেক্টিভ আৰু এন্টি-ইনফ্লেমেটৰী গুণে কাম কৰে ৷
  • থেকেৰা টেঙাত থকা গাৰ্চিনল এটা ফলপ্ৰসূ এন্টিঅক্সিডেন্ট, যিয়ে বেয়া কলেষ্টেৰল অক্সিডাইজ কৰে আৰু ইয়াক নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে । কেন্সাৰ প্ৰতিৰোধৰ বাবে আয়ুৰ্বেদিক চিকিৎসাৰ কথা আহিলে থেকেৰা টেঙা ব্যৱহাৰ কৰিব পাৰে ৷

লগতে পঢ়ক: কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ দিশতো সমানে উপকাৰী নেমু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.