ETV Bharat / state

ঘূৰ্ণিবতাহ ৰেমলৰ প্ৰভাৱক লৈ দিছপুৰত উচ্চ পৰ্যায়ৰ বৈঠক মুখ্য সচিব ৰবি কোটাৰ - Cyclone Remal impact

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 11:05 PM IST

Review meeting on Remal: ৰেমলৰ প্ৰভাৱত ৰাজ্যত ৩ জনৰ মৃত্যু, ১৭ জন আহত । ২৯ মে’ৰ দুপৰীয়া ১২ বজালৈকে ফেৰী সেৱা বন্ধ থাকিব ৷ ডিমা হাছাও জিলা আৰু বৰাক উপত্যকাত উদ্ধাৰ আৰু সাহাৰ্য অভিযান তীব্ৰতৰ কৰাৰ কৰাৰ নিৰ্দেশ মুখ্য সচিবৰ ।

CYCLONE REMAL IMPACT
Review meeting on Remal (ETV Bharat Assam)

গুৱাহাটী, ২৮ মে’: প্ৰচণ্ড বৰষুণ আৰু বতাহৰ সৈতে চলি থকা ৰেমল ঘূৰ্ণিবতাহৰ পৰিপ্ৰেক্ষিতত অসমৰ ক্ষতিগ্ৰস্ত জিলাসমূহত থকা তৎকালীন ব্যৱস্থা আৰু সঁহাৰিৰ বিষয়ে মঙলবাৰে সন্ধিয়া অসমৰ মুখ্য সচিব ড৹ ৰবি কোটাই দিছপুৰত এক বিশেষ বিস্তৃত পৰ্যালোচনা অনুষ্ঠিত কৰে । ৰেমলৰ প্ৰভাৱৰ ফলত ৰাজ্যখনত বৰষুণ আৰু বতাহৰ গতিবেগ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে জনসাধাৰণৰ সুৰক্ষা আৰু মংগল সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জিলাসমূহৰ লগতে সামগ্ৰিক পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি সকলো বিভাগ আৰু তৎকালীন সঁহাৰি সংস্থাৰ সৈতে সমন্বয় সাধন কৰি যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে ।

লগতে পঢ়ক: ধুমুহাৰ ফলত গুৱাহাটীত উভালি পৰিল ৩৪ জোপা গছ - Cyclone Remal impact

দিছপুৰত অনুষ্ঠিত এই উচ্চ পৰ্যায়ৰ বৈঠকখনত মুখ্য সচিব ড৹ ৰবি কোটাই ডিজিপি জি পি সিং আৰু বিভিন্ন গোটৰ জ্যেষ্ঠ সচিবসকলৰ উপস্থিতিত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ পৰা জিলা পৰ্যায়ৰ বিভাগ সমূহৰ প্ৰস্তুতি আৰু গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বুজ লয় ।

জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ মুখ্য সচিবগৰাকীয়ে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে যে সমগ্ৰ ৰাজ্যজুৰি কাইলৈ ২৯ মে’ৰ দুপৰীয়া ১২ বজালৈকে ফেৰী সেৱা বন্ধ কৰি ৰাখিব লাগিব । আনহাতে, বিশেষকৈ ডিমা হাছাও জিলা আৰু বৰাক উপত্যকাত উদ্ধাৰকৰ্মী আৰু যন্ত্ৰপাতি শক্তিশালী কৰি ক্ষতিগ্ৰস্ত জিলাসমূহত পথ যোগাযোগ পুনৰুদ্ধাৰ সুনিশ্চিত কৰিবলৈ এন এইচ এ আই আৰু এন এইচ আই ডি চি এলক নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: প্ৰচণ্ড ধুমুহা-বৰষুণত অসমত তিনিজনৰ মৃত্যু, আহত বহুজন - Cyclone Remal

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে ঘূৰ্ণিবতাহৰ প্ৰভাৱত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ কম কৰিবলৈ আগতীয়াকৈ গ্ৰহণ কৰা ৰাজ্যিক পৰ্যায়ৰ প্ৰস্তুতিৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়েও অৱগত কৰে ।

কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ডিমা হাছাও, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, নগাঁও, হোজাই আৰু গোলাঘাট ৰেড এলাৰ্ট ঘোষণা কৰা জিলা বুলি উল্লেখ কৰি বিদ্যালয় নিয়ন্ত্ৰণ, মাছ ধৰা, কৃষি কামত ওলাই যোৱাত বাধা দিয়া, বিপদজনক এলেকাৰ পৰা জনসাধাৰণক স্থানান্তৰ কৰা, তৎকালীনভাৱে এককালীন সাহায্য আৰু আঘাতপ্ৰাপ্তসকলৰ চিকিৎসা, যোগাযোগৰ ব্যৱস্থা মুকলি কৰি ৰখা, বিদ্যুত ব্যৱস্থাৰ তৎকালীন পুনৰুদ্ধাৰ আৰু ক্ষতিপূৰণৰ সময়মতে কাৰ্যকৰী কৰাত গুৰুত্ব দিয়া হয় ।

লগতে পঢ়ক: তিনিখনকৈ ৰে‘লৰ যাত্ৰা বাতিল উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ - NF Railways Cancelled Trains

উল্লেখ্য যে এতিয়ালৈকে ধুমুহাৰ ফলত ৰাজ্যখনত ৩ জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে ৷ মৰিগাঁও, কামৰূপ আৰু কামৰূপ মেট্ৰ’ জিলাত এজনকৈ লোকে ৰেমলৰ প্ৰভাৱত হোৱা বতাহ-বৰষুণত প্ৰাণ হেৰুৱাইছে । আনহাতে মৰিগাঁও আৰু শোণিতপুৰ জিলাত ১৭ জন আহত হৈছে । প্ৰশাসনৰ তৰফৰ পৰা কোৱা হৈছে যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অৱগত কৰা অনুসৰি বৰষুণ আৰু বতাহৰ গতি হ্ৰাসকে ধৰি অহা ২৪ ঘণ্টাৰ ভিতৰত পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে ।

ৰে’লৱে, চি ডব্লিউ চি, বি এছ এন এল, এন এইচ এ আই, এন এইচ আই ডি চি এল, এন ই পি চি অ’, নেছক আৰু এ পি ডি চি এলৰ প্ৰতিনিধিয়েও বৰ্তমানৰ পৰিস্থিতি আৰু তেওঁলোকে গ্ৰহণ কৰা ব্যৱস্থা আৰু তেওঁলোকৰ সুবিধা/আন্তঃগাঁথনিৰ তাৎক্ষণিক মেৰামতি আৰু পুনৰুদ্ধাৰৰ বাবে কাৰ্য পৰিকল্পনা সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপ সমূহো দাখিল কৰে এই বৈঠকত ।

লগতে পঢ়ক: ৰাজ্য়ত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতিসাধন, ডিমা হাছাওত বান - Cyclone Remal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.