ETV Bharat / state

ৰাজ্য়ত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতিসাধন, ডিমা হাছাওত বান - Cyclone Remal

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 10:53 PM IST

Cyclone Remal effect in Assam : ৰাজ্যজুৰি ৰেমলৰ প্ৰভাৱ ৷ ভিন্ন প্ৰান্তত ধুমুহা-বৰষুণৰ ফলত জনজীৱন ব্যাহত । বহুতো ক্ষয়-ক্ষতিৰ লগতে বহু লোকো হতাহত হৈছে ৷

Cyclone Remal effect in Assam
ৰাজ্য়ত ধুমুহাৰ তাণ্ডৱ (ETV BHARAT ASSAM)

নিউজ ডেস্ক,২৮ মে': ৰাজ্য়ত ধুমুহাৰ তাণ্ডৱ । ৰেমলৰ প্ৰভাৱত ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হোৱাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । গৃহহীন হৈছে বহুতো পৰিয়াল । বিদ্যুৎ যোগান ব্যাহত হোৱাত খোৱা পানীৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্য়াৰ সন্মুখীন হৈছে হাজাৰ হাজাৰ লোক । ঘূৰ্ণিবতাহৰ প্ৰভাৱত স্তব্ধ হৈ পৰিছে জনজীৱন ।

মহানগৰীত ৰেমলৰ প্ৰভাৱ

ধুমুহা-বৰষুণৰ ফলত মঙলবাৰে পুৱতি নিশাৰ পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত বিদ্যুৎ যোগান ব্যাহত হৈছে । বিদ্যুৎ সংযোগ ব্যাহত হোৱাৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে মহানগৰবাসী । পানীৰ সমস্যাত ভুগিছে মহানগৰবাসীয়ে । পানীৰ সমান্তৰালকৈ ম'বাইল চাৰ্জৰ সমস্যাত ভুগিছে । ফলত যোগাযোগ ব্যাহত হৈছে। ইপিনে, ধুমুহা-বৰষুণৰ ফলত কটন বিশ্ববিদ্যালয়ৰ চৌহদ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত, নাৰেঙ্গী চন্দ্ৰপুৰ পথ , বামুনী মৈদানত প্ৰকাণ্ড গছ বাগৰি পৰিছে । লগতে শান্তিপুৰত প্ৰকাণ্ড গছ বাগৰি দুখন বাহন চূৰ্চুমৈ হৈ পৰে । শান্তিপুৰৰ বাসন্তী মটৰ ৱ'ৰ্কশ্বপত ৰাখি থোৱা দুখন বাহন চূৰ্চুমৈ হয় ।আনহাতে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতি সুস্থিৰ নোহোৱালৈকে সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ অনুৰোধ জনাইছে।

প্ৰাথমিক বিদ্যালয়ত অঘটন

ৰেমলৰ ফলত কঠিয়াতলী ৰেংবেং প্ৰাথমিক বিদ্যালয়ত বাগৰি পৰিল প্ৰকাণ্ড গছ ৷ অৱশ্য়ে কথমপি প্ৰাণ ৰক্ষা পৰে ছাত্ৰ-ছাত্ৰীৰ ৷ গছ বাগৰাৰ সময়ত বিদ্যালয় ভিতৰত আছিল কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী ৷ পিচত স্থানীয় লোকে বিদ্যালয়খনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে ছাত্ৰ ছাত্ৰীসকলক ৷

গোলাঘাটত ৰেমলৰ প্ৰভাৱ

গোলাঘাট জিলাত ধুমুহাত তচনচ হৈ পৰে নুমলীগড় আৰু মৰঙিৰ বিভিন্ন অঞ্চল ৷ প্ৰচণ্ড বতাহৰ ফলত গছ বাগৰি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখনকৈ ই-ৰিক্সাৰ বিস্তৰ ক্ষতি হয় । লগতে নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ সন্মুখত ৰখাই থোৱা এখন বিলাসী বাহন । তেলগৰমত ১১ কেভি বিদ্যুতৰ খুটা পথৰ ওপৰতে বাগৰি পৰে ৷ পিচত নুমলীগড় আৰক্ষী প্ৰশাসনে তৎপৰতাৰে পথ মুকলি কৰাৰ ব্যবস্থা কৰিছে ৷ আনহাতে,পথ মুকলি কৰি থকা অবস্থাতে নুমলীগড় আৰক্ষী থানাৰ ৰাজীৱ বৰা নামৰ এজন সহকাৰী উপ-পৰিদৰ্শক আঘাতপ্ৰাপ্ত হৈ নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত চিকিৎসাধীন হ'বলগীয়া হৈছে ।

ইফালে,যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ লগতে ধুমুহাত গছ বাগৰি ভাগিছে খতিয়াখলি এম ই স্কুলৰ ডিজিটেল শ্ৰেণীকোঠা । লগতে বোকাখাত নগৰত গছ ভাগি ক্ষতি হৈছে কেইবাখনো যান-বাহনৰ । আনহাতে, গোলাঘাটৰ মইপাৰত গছৰ ডাল ভাঙি এখন বাহনৰ ওপৰত পৰি যোৱাত বাহনখনত থকা আৰোহী আহত হোৱাৰ লগতে বাহনখনৰ বিস্তৰ ক্ষতি সাধন হয় । গোলাঘাট জিলা প্ৰশাসনে এক জৰুৰী নিৰ্দেশ যোগে তাৎক্ষণিকভাৱে জিলাখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় ছুটী দিবলৈ নিৰ্দেশ দিয়ে ।

বন্ধ মাজুলীৰ বিদ্যালয়

ৰেমলক লৈ মাজুলীত বিশেষ নিদের্শনা । তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ জিলা আয়ুক্তই জাৰি কৰিছে এই নিৰ্দেশ ৷ অহা ২৯ মে'ত মাজুলীৰ সকলো চৰকাৰী, বেচৰকাৰী বিদ্যালয় বন্ধ ঘোষণা কৰিছে । ইফালে,আজি পুৱাৰ ভাগৰ পৰা মাজুলী আৰু নিমাটীৰ মাজত চলাচল কৰা গুটীয়া ফেৰী সেৱাও বন্ধ কৰা হৈছে ।

ডিমা হাছাওত বান

ৰেমলৰ তাণ্ডৱত প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিছে ডিমা হাছাও জিলা । ধাৰাসাৰ বৰষুণৰ ফলত লামডিং শিলচৰ ৰে'লপথ বন্ধ হৈ পৰিছে । তদুপৰি হাফলং-শিলচৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হোৱাত যোগাযোগ বিছিন্ন হৈ পৰিছে । ইপিনে ,হাফলং-শিলচৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাপোৰচৰা আৰু হাৰেংগাজাও অংশত ডিম্বৰু চৰা নৈৰ পানীৰ সোঁতে ৰাষ্ট্ৰীয় ঘাইপথৰ এক বৃহৎ অংশ ছিগি লৈ যোৱাৰ ফলত ঘাইপথত দুই প্ৰান্তত বহু যানবাহন আবদ্ধ হৈ পৰিছে। :লামডিং-শিলচৰ ৰে'লপথৰ 14 নম্বৰ টানেলত পাহাৰৰ পৰা নামি অহা পানীয়ে বানৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । ইয়াৰোপৰি নিউ হাফলং আৰু হাৰেংগাজাওৰ মধ্যৱৰ্তী বিভিন্ন স্থানত ৰে'লপথৰ ওপৰত পাহাৰৰ পৰা নামি অহা পানী ৰে'ল লাইনৰ ওপৰৰে বাগৰিছে । ফলত লামডিং শিলচৰ পাহাৰ লাইনত বৰ্তমানত ৰে'ল চলাচল বন্ধ হৈ পৰিছে ।

ইপিনে, ৰে'লপথ বন্ধ হোৱা বাবে তিনিখনকৈ যাত্ৰীবাহী ৰে'ল আবদ্ধ হৈ আছে মাইবাং নিউহাফলং আৰু দামচৰা ষ্টেচনত । যোৱা দেওবাৰৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত ডিমা হাছাও জিলাত ব্যাপক ক্ষতিসাধন হৈছে। জিলাৰ সদৰ চহৰত বিভিন্ন স্থানত প্ৰকাণ্ড গছ বাগৰি পৰে পথৰ ওপৰত । বতাহৰ বাবে বিদ্যুতৰ খুঁটা বাগৰি পৰাত বিদ্যুৎ সেৱাত ব্য়াঘাত জন্মিছে ।

সৰুপথাৰ নগৰত পথৰ মাজতেই স্কুল বাছ আৱদ্ধ

মঙলবাৰে সৰুপথাৰৰ দয়ানন্দ বিদ্যা নিকেতনলৈ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা বাছ পথৰ মাজতেই আৱদ্ধ হৈ পৰে । বিদ্যালয় পোৱাৰ পূৰ্বেই পথৰ মাজতেই আৱদ্ধ হ'ল বাহনখন । গোলাঘাট জিলাত পুৱা ৮ বজাৰ পৰা বিদ্যালয়ৰ পাঠদানৰ আৰম্ভ হোৱাৰ পিচতেই আজি আৰম্ভ হৈছে বিপৰ্যয় ।

লগতে পঢ়ক:ৰেমলক লৈ মাজুলী জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা

জৰুৰীকালীন অৱস্থাৰ বাদে বাহিৰলৈ ওলোৱাটো পৰিহাৰ কৰক : ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ আহ্বান - CM Appeal On Remal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.