ETV Bharat / state

জৰুৰীকালীন অৱস্থাৰ বাদে বাহিৰলৈ ওলোৱাটো পৰিহাৰ কৰক : ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ আহ্বান - CM Appeal on Remal

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 3:28 PM IST

Updated : May 28, 2024, 4:27 PM IST

Cyclone Remal Impact in Assam : সামুদ্ৰিক ধুমুহা ৰেমলৰ প্ৰভাৱ অব্যাহত ৷ সতৰ্কতামূলক নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ ৷ ২৮-২৯ মে’ত ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড, অৰেঞ্জ আৰু য়েল্ল' এলাৰ্ট ৷ মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক ঘৰৰ বাহিৰলৈ ওলোৱাত বাধা প্ৰদান কৰি সৰ্তকতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ৷

CM APPEAL ON REMAL
মুখ্যমন্ত্ৰীৰ জৰুৰী নিৰ্দেশনা (Source : Himanta Biswa Sarma Twitter Account)

গুৱাহাটী, 28 মে' : সাগৰীয় ঘূৰ্ণিবতাহ ৰেমলৰ প্ৰভাৱত সোমবাৰে নিশাৰে পৰা ৰাজ্যজুৰি অব্যাহত আছে ধুমুহা-বৰষুণৰ তাণ্ডৱ ৷ যাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৷ আনকি অঞ্চল বিশেষৰ পৰা মৃত্যুৰ খবৰো লাভ কৰা গৈছে ৷

শোণিতপুৰৰ ঢেকিয়াজুলি, মৰিগাঁও আদিত শিক্ষাৰ্থী কঢ়িয়াই অনা বাহনৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি পৰাৰো খবৰ পোৱা গৈছে ৷ ৰাজ্যজুৰি সৃষ্টি হোৱা এই দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি ইতিপূৰ্বেই ৰাজ্য চৰকাৰে জাৰি কৰিছিল ৰেড এলাৰ্ট ৷

লগতে পঢ়ক: ৰেমলৰ প্ৰভাৱ : সাময়িকভাৱে বন্ধ কৰা হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা - CYCLONE REMAL IMPACT

পুনৰ এই সন্দৰ্ভত এবাৰ সৰৱ হৈ পৰা দেখা যায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ সামাজিক মাধ্যম এক্সৰ জৰিয়তে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে বিশেষ আহ্বান ৷ পুনৰ এবাৰ সতৰ্কতা জাৰি কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়- "ৰাজ্যৰ কিছু অংশত প্ৰচণ্ড ধুমুহা আহিছে আৰু ই অব্যাহত থাকিব বুলি আশংকা কৰা হৈছে ৷ এইক্ষেত্ৰত আমাৰ বিষয়াসকলক অতি সোনকালে আৱশ্যকীয় সঁহাৰি জনোৱাৰ হেতু সতৰ্ক হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছোঁ ৷ নাগৰিকসকললৈ অনুৰোধ যে, জৰুৰীকালীন অৱস্থাৰ বাদে বাহিৰলৈ ওলোৱাটো পৰিহাৰ কৰক আৰু নিৰাপদে থাকক ৷ আমি নিৰন্তৰে পৰিস্থিতিৰ নিৰীক্ষণ কৰি আছোঁ" বুলি ৰাজ্যবাসীলৈ সুৰক্ষিত থকাৰ বাবে আহ্বান জনায় ৷

সামাজিক মাধ্যমত দিয়া আন এক বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "ঘূৰ্ণিবতাহ ৰেমলে অসমক প্ৰভাৱিত কৰিছে, যাৰ ফলত বহুতো অঞ্চলত ধুমুহা আহিছে ৷ অতি দুখজনকভাৱে মৰিগাঁৱত কৌশিক বৰদলৈ আম্ফি(১৭) নামৰ এজন ছাত্ৰৰ মৃত্যুৰ বাতৰি আমি লাভ কৰিছো ৷ আনহাতে, গছ বাগৰি পৰাৰ ফলত ঢেকিয়াজুলিত ১২ গৰাকী শিক্ষাৰ্থী আহত হৈছে ৷ গুৱাহাটীত কটন বিশ্ববিদ্যালয় আৰু জ্যোতি চিত্ৰবনৰ দৰে ঠাইত উভালি পৰা গছৰ বাবে মানুহ বা ঘৰৰ কোনো ক্ষতিসাধন হোৱা নাই ৷ গুৱাহাটীৰ লগতে অসমৰ নামনি ভাগৰ জিলাসমূহত বিদ্যুৎ যোগান ব্যাহত হৈছে ৷ আমি পৰিস্থিতি সতৰ্কতাৰে নিৰীক্ষণ কৰি আছো আৰু পৰিস্থিতি সুস্থিৰ নোহোৱালৈকে সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ অনুৰোধ জনাইছো ৷"

ইফালে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তেও ৰাজ্যবাসীক সতৰ্ক কৰি দিয়া হৈছে ৷ প্ৰচণ্ড বতাহৰ ফলত গছ বাগৰি পৰাৰ আশংকা ব্যক্ত কৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে মাছ ধৰা বা অন্যান্য কৃষিকাৰ্যৰ বাবে বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ৷ তদুপৰি ২৮-২৯ মে’ত ৰাজ্যৰ কেইবাখনো জিলাত ৰেড, অৰেঞ্জ আৰু য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে ৷

লগতে পঢ়ক: ৰাজ্যত ৰেমলৰ বিধ্বংসীলীলা : দক্ষিণ কামৰূপত গছ পৰি প্ৰাণ হেৰুৱালে মহিলাই - CYCLONE REMAL

সেই অনুসৰি, ২৮ মে'ত কৰিমগঞ্জ, কাছাৰ, ডিমা হাচাও, গোৱালপাৰা জিলাত ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে ধুবুৰী, বৰপেটা, হাইলাকান্দি, দক্ষিণ শালমাৰা আদিত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ৷ বাকী আটাইকেইখন জিলাত জাৰি কৰা হৈছে হালধীয়া এলাৰ্ট ৷ একেদৰে ২৯ মে'ত চিৰাং, বাক্সা, কাছাৰ আৰু ডিমা হাচাওত ৰেড এলাৰ্ট আৰু বৰপেটা, নলবাৰীত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ৷ অৱশিষ্ট বাকী আটাইকেইখন জিলাতে আছে হালধীয়া এলাৰ্ট ৷

উল্লেখ্য যে, ধুমুহা-বৰষুণৰ বাবে বিদ্যুৎ সেৱা ব্যাহত হৈ পৰাত চাৰিওফালে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বিশেষকৈ মহানগৰবাসীয়ে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে ৷ প্ৰাকৃতিক এই দুৰ্যোগৰ বাবে সোমবাৰৰ নিশাৰে পৰা বিদ্যুৎ সেৱাৰ লগতে ব্যাহত হৈ পৰিছে ইণ্টাৰনেট সেৱা ৷ ইফালে ধুমুহাৰ বাবে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ডাঙৰ ডাঙৰ গছ উভালি পৰাত বন্ধ হৈ পৰিছে যাতায়াত ৷

বাকী অঞ্চল বাদেই দিছপুৰতো ধুমুহাৰ প্ৰভাৱ পৰা দেখা গৈছে ৷ দিছপুৰৰ ভি আই পি এলেকা হিচাপে খ্যাত বিধায়ক আৱাসত ধুমুহাৰ ফলত গছ বাগৰি বিদ্যুতৰ খুঁটাৰ ওপৰত পৰে ৷ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ আৱাসৰ সমীপতে সংঘটিত হয় এই ঘটনা ৷

আনহাতে, গুৱাহাটীৰ ভৰলুত প্ৰকাণ্ড গছ বাগৰি পৰাত দুখনকৈ বাহন ক্ষতিগ্ৰস্ত হয় ৷ মুঠৰ ওপৰত গুৱাহাটী মহানগৰীত ধুমুহা-বৰষুণৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে ৷ নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ ফলত একপ্ৰকাৰ ব্যাহত হৈ পৰিছে জনজীৱন ৷

লগতে পঢ়ক: অসমৰ দিশে আহি আছে ৰেমল, ৰাজ্যত জাৰি ৰেড এলাৰ্ট - Red Alert In Assam

Last Updated : May 28, 2024, 4:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.