ETV Bharat / state

ৰেমলৰ প্ৰভাৱ : সাময়িকভাৱে বন্ধ কৰা হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা - CYCLONE REMAL IMPACT

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 2:28 PM IST

Guwahati-North Guwahati Ferry Service: ৰেমলৰ প্ৰভাৱ অসমতো পৰাটো প্ৰায় নিশ্চিত হৈছে ৷ যাৰ ফলত ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই জাৰি কৰিছে কেতবোৰ সতৰ্কতা ৷ বন্ধ কৰা হৈছে বহুকেইখন ফেৰীৰ সেৱা ৷

REMAL CYCLONE IN ASSAM
অসমতো পৰিব ৰেমলৰ প্ৰভাৱ ! ৰাজ্য চৰকাৰে জাৰি কৰিছে সতৰ্কতা (ETV Bharat)

গুৱাহাটী, ২৭ মে’ : সামুদ্ৰিক ঘূৰ্মি ৰেমলক লৈ পশ্চিমবংগত ব্যাপক সতৰ্কতা জাৰি কৰাৰ সময়তে এই ধুমুহাৰ প্ৰভাৱ অসমতো পৰাটো একপ্ৰকাৰ নিশ্চিত হৈছে । দেওবাৰে নিশা পশ্চিমবংগক খুন্দা মৰা ৰেমলৰ প্ৰভাৱ নামনি অসম আৰু বৰাক উপত্যকাৰ জিলাসমূহত বাৰুকৈয়ে পৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই নিশ্চিত কৰিছে ।

ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই অসমতো জাৰি কৰিছে সতর্কতা । ইয়াৰ প্ৰতি সতৰ্ক ৰাখি গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰীসেৱা বন্ধ কৰা হৈছে । গুৱাহাটীৰ চাৰিটা ফেৰীঘাটৰ ১২ খন জাহাজ বাতিল কৰা হৈছে । গুৱাহাটী-উত্তৰ গুৱাহাটী, গুৱাহাটী-মধ্যমখণ্ড পাৰঘাট, গুৱাহাটী-ৰাজাদুৱাৰ পাৰঘাট আৰু গুৱাহাটী-কুৰুৱা পাৰঘাটলৈ চলাচল কৰা ১২ খন ফেৰীসেৱা বন্ধ কৰা হৈছে ।

Guwahati-North Guwahati Ferry Service
সাময়িকভাৱে বন্ধ কৰা হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা (ETV Bharat Assam)

দৈনিক কেইবাহাজাৰ যাত্ৰী অহা-যোৱা কৰা ঘাট কেইটাত ২৭ আৰু ২৮ মে'ত ফেৰী সেৱা বন্ধ থাকিব বুলি দেওবাৰৰ বিয়লি জাৰি কৰা জাননীৰ পিছতেই পুৱাৰে পৰা জাহাজঘাটত অসুবিধাত পৰিল যাত্ৰী । ইতিমধ্যে কামৰূপ জিলা প্রশাসনে সোমবাৰে সন্ধিয়া জাৰি কৰা এক নিৰ্দেশযোগে ব্ৰহ্মপুত্ৰত ব্যক্তিগত নাও আৰু ফেৰী সেৱা ২৭, ২৮ মে'ত বন্ধ কৰিবলৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগক নিৰ্দেশ দিছে ।

তদুপৰি দলং নির্মাণত ব্যৱহৃত নাওসমূহৰ চলাচলো বন্ধ ৰাখিবলৈ কৈছে জিলা প্ৰশাসনে । ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহত সেই সময়চোৱাত মৎস্য চিকাৰো নিষিদ্ধ কৰিছে । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই সম্ভাব্য ধুমুহা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি অহা দুটা দিন ৰাইজক সতর্ক হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে কৃষকসকলক খেতিপথাৰত নাথাকিবলৈও পৰামর্শ দিছে । দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই সংশ্লিষ্ট সকলো চৰকাৰী বিভাগক সম্ভাব্য ক্ষয়-ক্ষতিৰ মোকাবিলা কৰাৰ বাবে সষ্টম হোৱাৰ নিৰ্দেশ জাৰি কৰিছে ।

উল্লেখ্য যে সামুদ্ৰিক ঘূৰ্ণীৰ প্ৰভাৱত ২৭ আৰু ২৮ মে'ত অসমৰ কেবাখনো জিলাত প্ৰচণ্ড ধুমুহা-বৰষুণৰ আশংকা কৰা হৈছে । বিশেষকৈ ধুবুৰী, দক্ষিণ শালমাৰা, বঙাইগাঁও, বৰপেটা, বজালী, তামুলপুৰ, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলঙত হ'ব প্ৰৱল বৰষুণ ।

চিৰাং, গোৱালপাৰা, বাক্সা, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত ধাৰাসাৰ বৰষুণৰ ৰে'ড এলার্ট জাৰি কৰা হৈছে ।

বৰষুণৰ লগতে প্ৰতি ঘণ্টাত ৪০-৫০ কিলোমিটাৰ গতিবেগত অঞ্চলবিশেষে ধুমুহাও আহিব । সেয়ে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই সংশ্লিষ্ট জিলাসমূহক সতর্ক কৰি দিয়াৰ লগতে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ সাজু হোৱাৰ নিৰ্দেশ দিছে ।

কাছাৰ, বঙাইগাঁও আৰু ডিব্ৰুগড় জিলাত ইতিমধ্যে সাজু কৰিছে এন ডি আৰ এফক । অগ্নি আৰু আপদকালীন সেৱা বিভাগক এছ ডি আৰ এফক সাজু ৰখাৰ বাবে দিছে নিৰ্দেশনা । ২৭ আৰু ২৮ মে'ত ধুবুৰী, গোৱালপাৰা বঙাইগাঁও, বৰপেটা, কামৰূপৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক, কুচিয়াৰা নৈত নাৱৰ চলাচল বন্ধ ৰাখিবলৈ কৈছে ।

লগতে পঢ়ক: অসমৰ দিশে আহি আছে ৰেমল, ৰাজ্যত জাৰি ৰেড এলাৰ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.