ETV Bharat / state

অসমৰ দিশে আহি আছে ৰেমল, ৰাজ্যত জাৰি ৰেড এলাৰ্ট - Red Alert in Assam

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 1:17 PM IST

Updated : May 27, 2024, 1:29 PM IST

CYCLONE REMAL : আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোম আৰু মঙলবাৰৰ দিনটোত অসমত জাৰি কৰিছে ৰেড এলাৰ্ট । এই সময়ত 65.4 মিলিমিটাৰৰ পৰা 204.6 মিলিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণৰ সম্ভাৱনা ।

Cyclone Remal
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ (Regional Meteorological Centre Assam)

গুৱাহাটী, ২৭ মে' : দেশৰ আন ৰাজ্য়ৰ লগতে অসমতো বিগত কিছুদিন ধৰি গ্ৰীষ্মপ্ৰবাহে জনজীৱন স্তব্ধ কৰাৰ পিচত দেওবাৰে নিশাৰে পৰা তাপমাত্ৰা কিছু সলনি হৈছে । ৰাইজে কিছু সকাহ পাইছে গ্ৰীষ্মপ্ৰবাহৰ পৰা ।

দেওবাৰে নিশা গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইত পাতলীয়া বৰষুণ এজাক অহাৰ পিছত জনসাধাৰণে কিছু পৰিমাণে সকাহ পাইছে । অসমত সোমবাৰৰ দিনটোত সৰ্বোচ্চ তাপমান প্ৰায় স্বাভাৱিক অৱস্থালৈ আহিছে । ইপিনে, বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোম আৰু মঙলবাৰৰ দিনটোত অসমত জাৰি কৰিছে ৰেড এলাৰ্ট ।

এই সময়চোৱাত অসমত ঠায়ে ঠায়ে প্ৰবলৰ পৰা প্ৰচুৰ বৰষুণ হোৱাৰ‌ সম্ভাৱনা আছে । এই সময়চোৱাত 65.4 মিলিমিটাৰৰ পৰা 204.6 মিলিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: সাৱধান ! আহিছে ৰেমল; সষ্টম বঙাইগাঁও জিলা প্ৰশাসন - Cyclone Remal

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানী সঞ্জয় শ্ব'ৱে উল্লেখ কৰা মতে, উত্তৰ বংগোপ সাগৰত থকা তীব্ৰ সাগৰীয় ঘূর্ণী বতাহ 'ৰেমল' উত্তৰ দিশলৈ ঘণ্টাত ১৩ কিল’মিটাৰ গতিবেগত আগবাঢ়ি কালি দিনৰ ১১.৩০ বজাত বাংলাদেশৰ খেপুপাৰাৰ পৰা ২২০ কিল’মিটাৰ দক্ষিণ-পশ্চিমত, মংলাৰ পৰা ২৬০ কিল’মিটাৰ দক্ষিণত আৰু পশ্চিমবংগৰ কেনিঙৰ পৰা ২০০ কিল’মিটাৰ দক্ষিণ, দক্ষিণ-পূৱ আৰু সাগৰীয় দ্বীপৰ পৰা ২১০ কিল’মিটাৰ দক্ষিণ, দক্ষিণ-পূৱত অৱস্থান কৰিছিল ।

পৰৱৰ্তী সময়ত ই উত্তৰ দিশে আগবাঢ়ি দেওবাৰে মাজনিশা পশ্চিমবংগৰ সাগৰদ্বীপ আৰু বাংলাদেশৰ খেপোপাৰা উপকূল অঞ্চলৰ মংলা স্পৰ্শ কৰিছে । এই সময়চোৱাত বতাহৰ গতিবেগ ঘণ্টাত ১১০-১২০ কিল’মিটাৰ হ'ব । ৰেমলৰ প্ৰভাৱত অসমত প্ৰচুৰ বৰষুণ (৬৪.৫ মিঃমিঃ- ২০৪.৪ মিঃমিঃ) আৰু ঠাই বিশেষে অতি প্রবল (২০৪.৫ মিঃমিঃ বা ততোধিক) বৰষুণৰ সম্ভাৱনা আছে ।

দেওবাৰে নিশালৈ প্রায় সকলোবোৰ ঠাইতে বিজুলী ঢেৰেকণিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই-এঠাইত বজ্ৰপাতৰ সৈতে লগতে ঠাইবিশেষে ঘণ্টাত ৪০-৫০ কিলোমিটাৰ গতিবেগত বতাহ বলিছিল ৷

ইপিনে, বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰৰ পৰা পাঁচখন জিলাত ৰেড এলার্ট ঘোষণা কৰিছে । সোমবাৰৰ দিনটোত প্ৰায়ে সকলোবোৰ ঠাইতে বিজুলী-ঢেৰেকণিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে গোৱালপাৰা, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ দুই এঠাইত প্ৰৱলৰ পৰা অতি প্ৰবল আৰু ঠাইবিশেষে অতি প্রবল বৰষুণৰ লগতে দুই-এঠাইত ঘণ্টাত ৪০-৫০ কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে ।

আনহাতে, তিনিখন জিলা ক্রমে ধুবুৰী, দক্ষিণ শালমাৰা আৰু বঙাইগাঁৱত আজি অৰেঞ্জ এলার্ট জাৰি কৰা হৈছে । ২৮ মে'তো ৰাজ্যৰ প্ৰায় সকলোবোৰ ঠাইতে বিজুলী ঢেৰেকণিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে চিৰাং, বাক্সা, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ দুই-এঠাইত বজ্ৰপাত হ'ব বুলি ভবিষ্যবাণী কৰি বতৰ বিজ্ঞান কেন্দ্রই জিলাকেইখনত ৰেড এলার্ট জাৰি কৰিছে ।

তদুপৰি আন ১১ খন জিলা ক্ৰমে কোকৰাঝাৰ, বঙাইগাঁও, বজালী, তামুলপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাত অৰেঞ্জ এলার্ট জাৰি কৰা হৈছে । অহা ৩০ মে' লৈকে ৰাজ্যৰ প্ৰায় সকলোবোৰ ঠাইতে বিজুলী-ঢেৰেকণিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই-এঠাইত বজ্ৰপাতৰ সৈতে প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে ।

গুৱাহাটীতো ৩০ মে' লৈকে আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণ অহাৰ সম্ভাৱনা আছে । ২৮ মে'ত মহানগৰখনত প্রবল বৰষুণ অহাৰ সম্ভাৱনা আছে । অহা সপ্তাহটোত বৰষুণৰ ফলত সর্বোচ্চ আৰু সর্বনিম্ন তাপমান যথেষ্ট হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ।

ইপিনে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ে সোমবাৰে 'এক্স'ত পোষ্ট কৰি ৰেমলৰ বাবে সৃষ্টি হ'ব পৰা সম্ভাব্য় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰশাসনৰ লগতে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ সাজু থকা বুলি কয় ।

লগতে পঢ়ক:প্ৰতি ঘন্টাত 135 বেগেৰে স্থলমণ্ডলত প্ৰৱেশ ৰেমলৰ - Cyclone Remal

Last Updated : May 27, 2024, 1:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.