ETV Bharat / state

সাৱধান ! আহিছে ৰেমল; সষ্টম বঙাইগাঁও জিলা প্ৰশাসন - Cyclone Remal

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 5:32 PM IST

Updated : May 27, 2024, 9:28 AM IST

144 Imposed in Bongaigaon : বঙাইগাঁৱত ঘূৰ্ণীবতাহ ৰেমলৰ বাবে ১৪৪ ধাৰা জাৰি কৰা হৈছে ৷ ইতিমধ্যে নাও চলাচলতো নিষেধাজ্ঞা জাৰি কৰা হৈছে । এক প্ৰেছ বিবৃতিযোগে এই তথ্য সদৰী কৰিলে জিলাৰ জনসংযোগ বিষয়াই ।

Cyclone Remal
ঘূৰ্ণীবতাহ ৰেমলৰ বাবে বঙাইগাঁৱত জাৰি ১৪৪ ধাৰা (Etv Bharat)

বঙাইগাঁও, ২৬ মে’ : পশ্চিম বংগত তীব্ৰ বেগত গতি কৰিছে ঘূৰ্ণীবতাহ ৰেমালে ৷ দেওবাৰে পশ্চিম বংগৰ উপকূলত ঘূৰ্ণীবতাহ ৰেমলে খুন্দা মৰাৰ সম্ভাৱনা আছে । এনে পৰিপ্ৰেক্ষিতত উত্তৰ-পূব অঞ্চল আৰু বাংলাদেশৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে । ভাৰত চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ অধীনৰ বতৰ বিজ্ঞানেও উত্তৰ বংগোপসাগৰৰ পৰা সামুদ্ৰিক ঘূৰ্ণীবতাহ ৰেমল সন্দৰ্ভত আগজাননী দিছে ।

Cyclone Remal
ঘূৰ্ণীবতাহ ৰেমলৰ বাবে বঙাইগাঁৱত জাৰি ১৪৪ ধাৰা (ETV Bharat)

এই সাগৰীয় ঘূৰ্ণীবতাহ উত্তৰ বংগোপসাগৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ফালে প্ৰচণ্ড ৰূপত বৈ অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে । এই সামুদ্ৰিক ঘূৰ্ণীবতাহৰ ফলত বঙাইগাঁও জিলাৰ ব্ৰহ্মপুত্ৰ, আই আৰু মানাহ নদীতো প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ৷ যাৰ ফলত নদীসমূহত নাও চলিলে বা যাত্ৰীৰ বাবে ই বিপদজনক হ'ব পাৰে ।

লগতে পঢ়ক : ঘূৰ্ণীবতাহ ৰেমলৰ বাবে বাতিল বিমান সেৱা - Cyclonic Storm Remal

সাগৰীয় ঘূৰ্ণীবতাহ ৰেমল সন্দৰ্ভত অসমৰ মুখ্য সচিবৰ তৰফৰ পৰাও সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে । গতিকে ৰেমলৰ ফলত হ’ব পৰা সাম্ভাব্য নাও দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে বঙাইগাঁও জিলাৰ জিলা দণ্ডাধীশ নৱদ্বীপ পাঠকে আজি (দেওবাৰ) বিয়লিৰ পৰা ব্ৰহ্মপুত্ৰ, আই আৰু মানাহ নদীত নাও চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে ৷ লগতে ভাৰতীয় ফৌজদাৰী আইনৰ অধীনত ১৪৪ ধাৰা জাৰি কৰিছে ।

144 Imposed in Bongaigaon
বঙাইগাঁৱত জাৰি ১৪৪ ধাৰা (ETV Bharat)

সেই নিষেধাজ্ঞা অনুসৰি জিলাখনৰ আওতাৰ ভিতৰত পৰা ব্ৰহ্মপুত্ৰ, আই আৰু মানাহ নদীত যন্ত্ৰচালিত বা সাধাৰণ নাও চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে । এই নিষেধাজ্ঞা আজি বিয়লিৰ পৰা ৩১ মে', ২০২৪ তাৰিখলৈ বাহাল থাকিব বুলি উক্ত নিৰ্দেশনাত উল্লেখ কৰা হৈছে ।

আনকি উক্ত নিষেধাজ্ঞা উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰা আৰু সংশ্লিষ্ট আন আন বিধিৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে ।

লগতে পঢ়ক : ৰেমালক লৈ কলকাতাত সতৰ্কবাণী, উত্তৰ-পূৱৰ ৰাজ্যতো পৰিব প্ৰভাৱ - Cyclone Remal

Last Updated : May 27, 2024, 9:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.