ETV Bharat / state

ধুমুহাৰ ফলত গুৱাহাটীত উভালি পৰিল ৩৪ জোপা গছ - Cyclone Remal impact

Storm in Guwahati : প্ৰচণ্ড ধুমুহাৰ ফলত গুৱাহাটী মহানগৰীত উভালি পৰিল ৩৪ জোপা গছ ৷ উভালি পৰা প্ৰায়সমূহ গছেই আছিল কৃষ্ণচূড়াজাতীয় ৷

Storm in Guwahati
ধুমুহাৰ ফলত গুৱাহাটীত উভালি পৰিল ৩৪ জোপা গছ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 28, 2024 at 10:53 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ২৮ মে’ : বংগোপসাগৰত নিম্নচাপৰ ফলত সৃষ্টি হোৱা ৰেমল নামৰ বিধ্বংসী সামুদ্ৰিক ধুমুহাই ৰাজ্যৰ আন আন অঞ্চলৰ লগতে গুৱাহাটী মহানগৰীতো ব্যাপক ক্ষতিসাধন কৰে । সোমবাৰে মাজনিশাৰ পিচত আৰম্ভ হোৱা ধুমুহাজাকে মঙলবাৰৰ দুপৰীয়াপৰ্যন্ত তাণ্ডৱলীলা চলায় । ফলত মহানগৰীখনৰ বহু অঞ্চলত গছ-গছনি উভালি আৰু গছৰ ডাল ভাঙি পৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । ঠাই বিশেষে পথ বন্ধ হৈ পৰাৰ লগতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰে ।

তাৰ পিচত বন বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশত গুৱাহাটী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা পুৱাৰে পৰা গছ কটাৰ বাবে এক যৌথ অভিযান চলোৱা হয় । এই যৌথ অভিযানত বন বিভাগৰ উপৰিও এছ ডি আৰ এফ, ডি ডি এম এ, জি এম চি, মহানগৰ আৰক্ষী, এ পি ডি চি এল, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু স্থানীয় ৰাইজে সহযোগ কৰে ।

তেনেদৰে গুৱাহাটীৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাৰ তদাৰকতাত যৌথ অভিযানত খণ্ড বন বিষয়াৰ কাৰ্যালয় ক্ৰমে খানামুখ, ফটাশিল, কালাপাহাৰ, নাৰেংগী, চন্দ্ৰপুৰ, হেঙেৰাবাৰী, পাঞ্জাবাৰীৰ বনকৰ্মীৰ দলে পাঞ্জাবাৰী, নৰকাসুৰ পাহাৰৰ জি এম চি এইছ চৌহদ, ভঙাগড়, পানীখাইতি, আমচিং যোৰাবাট, শিল্পগ্ৰাম, খানাপাৰা, ভি আই পি ৰোড, চন্দ্ৰপুৰ, কালাপাহাৰ, দিছপুৰ সচিবালয় চৌহদ, জ্যোতিকুচি, ৰিহাবাৰি , নৱজ্যোতি নগৰ, কটন কলেজ ৰোডত মুঠ ৩৪ জোপা উভালি পৰা গছ কাটি যাতায়ত ব্যৱস্থা স্বাভাৱিক কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে সোমবাৰেও যৌথ অভিযানকাৰী দলটোৱে বিভিন্ন অঞ্চলত ছয়জোপা গছ কাটিছিল । অৱশ্যে কটা গছৰ বেছিভাগেই আছিল কৃষ্ণচূড়া প্ৰজাতিৰ ।

লগতে পঢ়ক: মৰিগাঁৱত ৰেমলৰ ব্যাপক প্ৰভাৱ : জিলা প্ৰশাসনৰ তৎপৰতা