ETV Bharat / sports

যশস্বী জয়ছোৱালসহ 8 গৰাকী খেলুৱৈ প্ৰথমবাৰলৈ নামিব টি-20 বিশ্বকাপৰ ক্ৰীজত - T20 World cup 2024

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 10:43 PM IST

First T20 World Cup of 8 players: ভাৰতীয় অনুৰাগীয়ে টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ যুৱ খেলুৱৈৰ প্ৰদৰ্শন চাব বিচাৰে । এইবাৰ বিশ্বকাপত আৰু বহু যুৱ খেলুৱৈ আছে যিয়ে নিজকে দলৰ বাবে ট্ৰাম্প কাৰ্ড বুলি প্ৰমাণ কৰিব পাৰে, কোন কোন যুৱ ক্ৰিকেটাৰে এইবাৰ প্ৰথমবাৰলৈ অংশ ল’ব টি-২০ বিশ্বকাপত ? পঢ়ক সম্পূৰ্ণ খবৰ...

PLAYER WHO WILL PLAY FIRST T20 WC
T20 WORLD CUP 2024 (IANS)

নিউজ ডেস্ক, ২৮ মে’: আৰম্ভ হৈছে আইচিচি টি-২০ বিশ্বকাপৰ কাউণ্টডাউন । এই প্ৰতিযোগিতাত বিভিন্ন দেশৰ প্ৰবীণ খেলুৱৈৰ লগতে যুৱ খেলুৱৈয়েও নিজৰ প্ৰদৰ্শন আগবঢ়াবলৈ সাজু হোৱা দেখা গৈছে । তাৰোপৰি এই বিশ্বকাপত প্ৰথমবাৰলৈ খোজ পেলাই নিজৰ বেট আৰু বলৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ ওলাইছে একাংশ নবাগত খেলুৱৈ । এই খেলুৱৈসকলে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি নিজকে প্ৰমাণ কৰাৰ সুযোগ পাব । এনে কেইগৰাকীমান নতুন খেলুৱৈৰ বিষয়ে চাওঁ আহক...

যশস্বী জয়ছোৱাল (ভাৰত): ভাৰতীয় ক্ৰিকেট দলৰ যুৱ বেটছমেন যশস্বী জয়ছোৱালে প্ৰথমবাৰলৈ টি-২০ বিশ্বকাপ খেলিব । তেওঁ দলৰ হৈ অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে ইনিংছ আৰম্ভ কৰিব পাৰে । যশস্বীয়ে যোৱা কেইবছৰমানৰ পৰা ক্ৰিকেটৰ খেলপথাৰত নিজৰ দক্ষতা প্ৰমাণ কৰি আহিছে । এতিয়া ২০২৪ চনৰ টি-২০ বিশ্বকাপত তেওঁক নিজৰ যাদু দেখুৱাবলৈ সাজু হৈছে । জয়ছৱালে এই পৰ্যন্ত ভাৰতৰ হৈ ১৭ খন খেলৰ ১৬ টা ইনিংছত ১ টা শতক আৰু ৪ টা অৰ্ধশতকৰে ৫০২ ৰান সংগ্ৰহ কৰিছে । এতিয়া তেওঁ বিশ্বকাপত ভাৰতৰ বাবে যাদুকৰী প্ৰদৰ্শন আগবঢ়াব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: মানসিক চাপৰ বাবে পাকিস্তানৰ পৰাজয় হয়: ভাৰত-পাক মেচৰ বিষয়ে কি ক’লে মিছবাহ উল হকে ? - T20 WORLD CUP 2024

হেৰী ব্ৰুক (ইংলেণ্ড): ইংলেণ্ড ক্ৰিকেট দলৰ শ্ৰেষ্ঠ বেটছমেন হেৰী ব্ৰুক ২০২৪ চনৰ টি-২০ বিশ্বকাপত দলটোৰ বাবে গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে প্ৰমাণিত হ’ব পাৰে । ২৫ বছৰীয়া এইগৰাকী বেটছমেন আগ্ৰাসী বেটিঙৰ বাবে পৰিচিত । ইংলেণ্ডৰ হৈ ব্ৰুকে বৰ্তমানলৈকে ৩০ খন খেলৰ ২৭ টা ইনিংছত ২ টা অৰ্ধশতকৰ সহায়ত ৫৪৫ ৰান সংগ্ৰহ কৰিছে ।

তৌহিদ হৃদয় (বাংলাদেশ): বাংলাদেশ ক্ৰিকেট দলৰ বাওঁহতীয়া যুৱ বেটছমেন তৌহিদ হৃদয়ে এই টি-২০ বিশ্বকাপত দলত স্থান লাভ কৰিছে । বাংলাদেশ প্ৰিমিয়াৰ লীগত উজ্জ্বল প্ৰদৰ্শনৰ পিছত টি-২০ বিশ্বকাপ দলত অন্তৰ্ভুক্ত হৈছে খেলুৱৈগৰাকী । এতিয়া তেওঁ এই মেগা টুৰ্ণামেণ্টত দলৰ হৈ বিষ্ফোৰক প্ৰদৰ্শন কৰাৰ সুযোগ পাব । বাংলাদেশৰ হৈ ২১ খন টি-২০ মেচৰ ১৯ টা ইনিংছত ২ টা অৰ্ধশতকৰে ৪৫৪ ৰান সংগ্ৰহ কৰিছে তৌহিদে ।

লগতে পঢ়ক: T-২০ বিশ্বকাপ : ৰাওনা হ’ল প্ৰথমটো বেটচ, দ্বিতীয়টো বেটচৰ সৈতেও নাযায় বিৰাট কোহলী - T20 World Cup 2024

কনৱৰপাল তাথগুৰ (কানাডা): কানাডাৰ ক্ৰিকেট দলৰ সোঁহাতৰ বেগী বলাৰ কনৱৰপাল তাথগুৰ দ্ৰুত গতিৰ বাবে পৰিচিত । টি-২০ বিশ্বকাপ ২০২৪ত তেওঁ নিজৰ দলৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে । তেওঁৰ গতিবেগে আমেৰিকাৰ পিটচত বেটছমেনক বাৰুকৈয়ে বিপাঙত পেলাব পাৰে ।

উইল জেক (ইংলেণ্ড): ইংলেণ্ডৰ দুৰ্দান্ত অল ৰাউণ্ডাৰ উইল জেকে এই টি-২০ বিশ্বকাপত বেট আৰু বলৰ জৰিয়তে বিধ্বংসী ৰূপ ধাৰণ কৰিব পাৰে । ২৫ বছৰীয়া এইগৰাকী খেলুৱৈয়ে এতিয়ালৈকে ইংলেণ্ডৰ হৈ ১২ খন টি-২০ মেচৰ ১২ টা ইনিংছত ২১৮ ৰান সংগ্ৰহ কৰিছে । ইয়াৰ বাহিৰেও এই অফ স্পিনাৰজনৰ নামত ১ টা উইকেটো আছে ।

লগতে পঢ়ক: কিয় টি-20 বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলত স্থান লাভ নকৰিলে ৰিংকু সিঙে ! - T20 WC 2024

ৰাচিন ৰবিন্দ্ৰ (নিউজীলেণ্ড): নিউজীলেণ্ড ক্ৰিকেট দলৰ বাওঁহাতৰ তাৰকা বেটছমেন ৰাচিন ৰবিন্দ্ৰই ১ টা অৰ্ধশতকৰ সহায়ত ২০খন খেলত মুঠ ২১৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে বলিঙৰ দ্বাৰা ১১ টা উইকেট দখল কৰিছে ।

ট্ৰিষ্টান ষ্টাবছ (দক্ষিণ আফ্ৰিকা): দক্ষিণ আফ্ৰিকাৰ ২৩ বছৰীয়া বেটছমেন ট্ৰিষ্টান ষ্টাবছে দলটোৰ হৈ ১৭খন খেলত ১টা অৰ্ধশতকৰে ২৩৯ ৰান সংগ্ৰহ কৰিছে । এতিয়া এই বিশ্বকাপত তেওঁ দলৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে ।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতক সকীয়নি বাবৰ আজমৰ; কোহলীৰ সন্দৰ্ভতো কৰিলে ডাঙৰ মন্তব্য - T20 WORLD CUP 2024

দীপেন্দ্ৰ সিং আইৰি (নেপাল): নেপালৰ এইগৰাকী ক্ৰিকেটাৰে শেহতীয়াকৈ ৬ টা বলত ৬ টা ছয় কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । এতিয়া ২০২৪ চনৰ টি-২০ বিশ্বকাপত তেওঁ দলটোৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে । ৬৪ খন টি-২০ মেচত ১ টা শতক আৰু ৯ টা অৰ্ধশতকৰ জৰিয়তে ১৬২৬ ৰান সংগ্ৰহ কৰিছে কেলুৱৈগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.