ETV Bharat / sports

কিয় টি-20 বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলত স্থান লাভ নকৰিলে ৰিংকু সিঙে ! - T20 WC 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 9:33 AM IST

T20 WC 2024: দলৰ ভাৰসাম্যতা বজায় ৰখাৰ বাবেই আগন্তুক টি-20 বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ নকৰিলে অল ৰাউণ্ডাৰ ৰিংকু সিঙে ৷ বৃহস্পতিবাৰে মুখ্য নিৰ্বাচক অজিত আগৰকাৰে প্ৰকাশ কৰে এই মন্তব্য ৷

T20 WC 2024: Rinku Missed Out From Squad Because Of Team Balance, Remarks Ajit Agarkar
টি-20 বিশ্বকাপত অল ৰাউণ্ডাৰ ৰিংকু সিঙে স্থান লাভ নকৰাৰ কাৰণ উল্লেখ মুখ্য নিৰ্বাচক অজিত আগৰকাৰৰ (ETV Bharat Sports Team)

স্পৰ্টছ ডেস্ক, 3 মে’ : ভাৰতীয় পুৰষ ক্ৰিকেটৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে প্ৰকাশ কৰিছে যে দলৰ ভাৰসাম্যতা বজায়ৰ বাবেই অল ৰাউণ্ডাৰ ৰিংকু সিঙে আমেৰিকা আৰু কেৰিবিয়ানত অনুষ্ঠিত হ’বলগীয়া টি-20 বিশ্বকাপৰ বাবে নিৰ্বাচিত ভাৰতীয় দলত স্থান লাভৰ পৰা বঞ্চিত হয় ।

নিৰ্বাচন সমিতিয়ে 2 জুনৰ পৰা আৰম্ভ হ’বলগীয়া টি-20 বিশ্বকাপৰ বাবে 15 জনীয়া দলটোৰ নাম ঘোষণা কৰাৰ পিছতে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু অজিত আগৰকাৰে বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰে ৷ দলটো ঘোষণা কৰাৰ পাচত ৰিংকু সিঙৰ নাম বাদ পৰাটো চৰ্চাৰ কাৰণ হৈ পৰে ৷ কাৰণ বাওঁহাতৰ বেটছমেনগৰাকীয়ে ৰাষ্ট্ৰীয় দলটোৰ হৈ কম সময়তে 89 গড় আৰু 176.23 ষ্ট্ৰাইক ৰেটেৰে ৰান সংগ্ৰহ কৰি উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াইছিল ।

সিং বাদ পৰা সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত আগৰকাৰে কয় যে উত্তৰ প্ৰদেশৰ খেলুৱৈগৰাকীক ৰাষ্ট্ৰীয় দলৰ পৰা বাদ দিয়াৰ আঁৰৰ কাৰণ দলটোৰ ভাৰসাম্য ।

আগৰকাৰে কয়, "এয়া তেওঁৰ দোষ নহয় বুলি মই ভাবো । তেওঁ এতিয়াও দলৰ সৈতে ভ্ৰমণকাৰী সংৰক্ষিত খেলুৱৈসকলৰ ভিতৰত এজন । মই জানো যে তেওঁৰ বাবে ই অলপ কঠিন হ'ব পাৰে । মই ভাবো তেওঁ দলীয় ভাৰসাম্যৰ বাবেই খেলিব নোৱাৰিব । আমি অতিৰিক্তভাবে এজন স্পিনাৰক খেলাবলৈ বিচাৰিছো ।"

বিৰাট কোহলীয়ে গড়ে 71.43 ৰান কৰাৰ পিছতো সোঁহতীয়া বেটছমেনগৰাকীয়ে লেহেমীয়া গতিৰে খেলাৰ কথা চৰ্চা হৈছে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত এতিয়ালৈকে তেওঁৰ ষ্ট্ৰাইক ৰেট 147.49 । অৱশ্যে আগৰকাৰে কয় যে কোহলীৰ ষ্ট্ৰাইক ৰেট কোনো বিষয় নহয় ।

ভাৰতৰ প্ৰাক্তন স্পীডষ্টাৰগৰাকীয়ে ঠাট্টা কৰি কয়, "অভিজ্ঞতা বহুত গুৰুত্বপূৰ্ণ, বিৰাট কোহলীৰ ষ্ট্ৰাইক ৰেট সন্দৰ্ভত কেতিয়াও কোনো আলোচনা হোৱা নাছিল । অতিমাত্ৰা চিন্তা কৰাৰ কোনো অৰ্থ নাই ।" ঘোষণা কৰা তালিকাখনত চাৰিজন স্পিনাৰ আছে আৰু ৰোহিতে কয় যে তেওঁ তেনে কৰাৰ আঁৰৰ কাৰণ প্ৰকাশ কৰিব ।

ৰোহিতে কয়, "চাৰিজন স্পিনাৰৰ কাৰণ মই এতিয়া প্ৰকাশ নকৰো আৰু ৱেষ্ট ইণ্ডিজত প্ৰকাশ কৰিম । মই ব্যক্তিগতভাৱে চাৰিজন স্পিনাৰ আৰু হাৰ্দিক (পাণ্ডিয়া)ক ছিম অল ৰাউণ্ডাৰ হিচাপে বিচাৰিছিলো । অক্ষৰ, জাদেজা ভাল বেটছমেন আৰু কুলদীপ (যাদৱ) আৰু (যুজৱেন্দ্ৰ) চাহাল আক্ৰমণাত্মক স্পিনাৰ হোৱাৰ বাবে খেলত আমাক ভাল ফলাফল প্ৰদান কৰিব ।"

লগতে পঢ়ক: টি-20 বিশ্বকাপ ২০২৪ ৰ বাবে আফগানিস্তানৰ দল ঘোষণা; অধিনায়কৰ দায়িত্বত ৰছিদ খান - T20 WC 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.