অসমৰ ভূমিত সন্ত্ৰাস নগা দুৰ্বৃত্তৰ: বন্দুক লৈ নিধন পশু-পক্ষী

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 9:36 PM IST

Updated : Feb 18, 2024, 10:14 PM IST

thumbnail

সৰুপথাৰ, ১৮ ফেব্ৰুৱাৰী: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৱৰ্তী চুঙাজান অঞ্চলত পুনৰ নগা দুৰ্বৃত্তৰ সন্ত্ৰাস । চুঙাজান অঞ্চলৰ মাজগাঁও পঞ্চায়তৰ অন্তৰ্গত নাওকটা গাঁও, চুঙাজান এম.ভি, ইত্যাদি গাঁওসমূহত প্ৰায়ে মুক্ত বিচৰণ কৰে অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই ।

বিভিন্ন সময়ত হাতত উদ্যত মাৰণাস্ত্ৰ লৈ নগা দুৰ্বৃত্তৰ দলে অসমৰ গাঁৱত প্ৰৱেশ কৰি অসমীয়া লোকক ভয়-ভাবুকি প্ৰদান কৰি চৰাই-চিৰিকতি নিধন কৰি আহিছে ৷ নগা দুৰ্বৃত্তৰ দলে পশু-পক্ষী নিধন কৰাৰ দৃশ্য বন্দী হৈছে কেমেৰাত ৷ মুকলি পথাৰত দৌৰি যোৱাৰ দৃশ্যও আৱদ্ধ হৈছে ।

অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত নিৰাপত্তা বাহিনী হিচাপে থকা চি আৰ পি এফো নগা দুৰ্বৃত্তৰ মতে উঠা-বহা কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে । দিন-দুপৰতে অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই অসমৰ বহুমূলীয়া জীৱকুল হত্যা কৰি স্থানীয় লোকক ভয় ভাবুকি দিয়াক লৈ লাচিত সেনা অসম থলগিৰিয়ে প্ৰশ্ন উত্থাপিত কৰিছে ।

লগতে পঢ়ক: গৃহমন্ত্ৰী শ্বাহক সাক্ষাৎ অসম-নাগালেণ্ডৰ দুই মুখ্যমন্ত্ৰীৰ

Last Updated : Feb 18, 2024, 10:14 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.