বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে আছুৰ গৰ্জন - AASU PROTEST

By ETV Bharat Assamese Team

Published : May 30, 2024, 5:14 PM IST

thumbnail
শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি আছুৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

সৰুপথাৰ, ৩০মে’ : গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ ভিন্ন প্ৰান্তত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে । আছুৰ বিষয়ববীয়া-কৰ্মকৰ্তাসকলে শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি তোলে ধনশিৰিৰ বৰপথাৰ নগৰৰ লগতে উৰিয়ামঘাট সীমান্ত । ইয়াৰ সমান্তৰালকৈ সৰুপথাৰ নগৰতো ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

ৰাজ্যজুৰি বিদ্যুতৰ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে ৰাজ্যজুৰি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে ৷ এই কাৰ্যসূচীৰ অংশস্বৰূপে উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বৰপথাৰ-সৰুপথাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে বিদ্যুৎ বিভাগৰ প্ৰতিকৃতি দাহ কৰে । 

লগতে প্ৰতিবাদকাৰীসকলে বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ লগতে নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰিবলৈ দাবী উত্থাপন কৰে । প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, শক্তি বিভাগ হায় হায় ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে ৷

লগতে পঢ়ক: ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান; লখিমপুৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ - AASU protest in Lakhimpur

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.