ETV Bharat / state

ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান; লখিমপুৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ - AASU protest in Lakhimpur

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 2:08 PM IST

Protest in Lakhimpur : অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যজুৰি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । লখিমপুৰ নগৰতো উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই নগৰৰ মাজ মজিয়াত বিদ্যুৎ বিভাগৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

AASU protest in lakhimpur against APDCL
লখিমপুৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ (Etv Bharat)

লখিমপুৰ, ৩০ মে’ : লখিমপুৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ । অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে আজি অৰ্থাৎ বৃহস্পতিবাৰে ৰাজ্যজুৰি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ছাত্ৰ সন্থাৰ প্ৰতিখন আঞ্চলিক সমিতিয়ে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

ৰাজ্যৰ আন ঠাইৰ লগতে লখিমপুৰ সদৰটো উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । নগৰৰ মাজ মজিয়াৰ লখিমী চাৰিআলিত বিদ্যুৎ বিভাগৰ প্ৰতিকৃতি দাহ কৰে এই উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ প্ৰতিবাদকাৰীসকলে ।

প্ৰতিকৃতি দাহ কৰি তেওঁলোকে বিদ্যুৎ বিভাগ হায় হায়, বিদ্যুৎ বিভাগ কাম নাই, বিদ্যুৎ বিভাগ হুচিয়াৰ, অনিয়মীয়া বিদ্যুৎ যোগান নিয়মীয়া কৰক আদি শ্ল’গান দি উত্তাল পৰিৱেশ সৃষ্টি কৰে । এই প্ৰতিবাদত অংশগ্ৰহণ কৰি উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি পিংকু বৰদলৈ, সম্পাদক অভিজিৎ বুঢ়াগোঁহাইৰ লগতে কেবাগৰাকীও প্ৰতিবাদকাৰীয়ে কেতবোৰ মন্তব্য কৰে ৷

প্ৰতিবাদকাৰীসকলে কয়, ‘‘বিদ্যুৎ বিভাগে কেৱল মাচুল বৃদ্ধি কৰাৰ বাদে বিদ্যুৎ যোগান নিয়মীয়া কৰাত গুৰুত্ব দিয়া নাই । দিনটোৰ ১৬/১৭ ঘন্টা পৰ্যন্ত বিদ্যুৎ সেৱা ব্যাহত কৰি ৰাখে বিভাগটোৱে । উৎকট গৰমত জনসাধাৰণে ছাটিফুটি কৰি থকাৰ সময়তো বিভাগটোৱে বিদ্যুৎ যোগান সুচল নকৰে ।’’

লগতে তেওঁলোকে কয় যে ছাত্ৰ-ছাত্ৰীৰ পঢ়াতো ব্যাঘাত জন্মাইছে অনিয়মীয়া বিদ্যুৎ যোগানে । বিভাগটোৱে অচিৰেই বিদ্যুৎ যোগান নিয়মীয়া নকৰিলে বিভাগটোৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢি তোলা হ’ব বুলি প্ৰতিবাদকাৰী উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সদস্যসকলে বিভাগটোক সকীয়াই দিয়ে ।

লগতে পঢ়ক : বিগত তিনিদিনে সন্ধানহীন নৱম শ্ৰেণীৰ ছাত্ৰ সৌৰভ; চিন্তিত অভিভাৱক - Dhemaji Student Missing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.