বোকাখাতত উদ্ধাৰ এটি আঘাতপ্ৰাপ্ত ধনেশ চৰাই - Hornbill

By ETV Bharat Assamese Team

Published : May 30, 2024, 4:23 PM IST

thumbnail
বোকাখাতত উদ্ধাৰ এটি আঘাতপ্ৰাপ্ত ধনেশ চৰাই (ETV BHARAT ASSAM)

গোলাঘাট, 30 মে’ :  গোলাঘাট জিলাৰ বোকাখাতৰ ৰজাবাৰীত এটা আঘাতপ্ৰাপ্ত ধনেশ চৰাই উদ্ধাৰ কৰে অজিত বৰা নামৰ এজন লোকে ৷ ধনেশ চৰাইটো বাঁওভৰিৰ একাংশ ছিগি যোৱা, এটা চকু ঘূণীয়া অৱস্থাত পোৱা গৈছে ৷  চৰাইটো উৰি যোৱা অৱস্থাতে হঠাতে মাটিত বাগৰি পৰে । অজিত বৰাই চৰাইটো উদ্ধাৰ কৰি ধৰি স্থানীয় যুৱ ব্যৱসায়ী অপূৰ্ব বৰঠাকুৰৰ দ্বাৰা বোকাখাতৰ পাণবাৰীস্থিত বন্যপ্ৰানী উদ্ধাৰ চিকিৎসা আৰু পুনঃসংস্থাপন কেন্দ্ৰক খবৰ দিয়ে । 

লগে লগে কেন্দ্ৰটোৰ এটা দল সেই স্থানত উপস্থিত হৈ অজিত বৰাৰ ঘৰৰ পৰা ধনেশ চৰাইটো চিকিৎসা কৰিবলৈ লৈ যায় । ধনেশ চৰাইটো সুস্থ হোৱাৰ পাচত উদ্ধাৰ হোৱা স্থানতে পুনৰ মুকলি কৰি দিয়া হ’ব বুলি কেন্দ্ৰটোৰ এজন কৰ্মচাৰীয়ে জানিবলৈ দিছে । সাধাৰণ লোকৰ এই সচেতনতাৰ বাবে ধন্যবাদ জনাইছে কেন্দ্ৰটোৰ লোকে ৷

লগতে পঢ়ক: চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ তিনিটাকৈ কাম চৰাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.