ETV Bharat / state

ইনষ্টাগ্ৰামৰ কৃপাত তিনিগৰাকী পত্নী থকা পুৰুষৰ সৈতে পলাল যুৱতী - Girl eloped with married man

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 7:31 PM IST

Girl eloped with man in rangia : যেতিয়া প্ৰেমে মূৰত ধৰে, তেতিয়াই প্ৰেমে কালৰূপ লয় ৷ এইবাৰ প্ৰেম কৰি বিপদত পৰিল এগৰাকী যুৱতী ৷ এজনী দুজনী নহয় তিনিগৰাকী পত্নী থকা পুৰুষৰ সৈতে পলাল এগৰাকী যুৱতী ৷

Girl eloped with man in rangia
তিনিগৰাকী পত্নী থকা পুৰুষৰ সৈতে পলাল যুৱতী (ETV BHARAT ASSAM)

ৰঙিয়া, 30 মে’ : অসমীয়াত এষাৰ কথা আছে অচিন কাঠৰ থোৰা নলগাবা... এই আপ্তবাক্যশাৰী যেন প্ৰমাণিত হ’ল এই ঘটনাত ৷ আজিকালি সামাজিক মাধ্যমে আমাৰ পৃথিৱীখন তেনেই সৰু কৰি পেলাইছে ৷ আমি এটা ক্লিকতে এগৰাকী অচিনাকী মানুহ আপোন কৰি লোৱাৰ পৰা তেওঁৰ বিষয়ে সকলো তথ্য উলিয়াব পাৰো ৷

কিন্তু সামাজিক মাধ্যমত এজন লোকে দেখুওৱা সকলো তথ্য বিশ্বাসযোগ্য হয় জানো ? আমি আপোনালোকক ক’বলৈ ওলোৱা এই কাহিনীটো ঠিক তেনেধৰণৰে ৷ সামাজিক মাধ্যমত প্ৰেম কৰি তিনিগৰাকী পত্নী থকা যুৱকৰ সৈতে পলাই গ’ল ৰঙিয়াৰ এগৰাকী যুৱতী ৷

ঘটনাৰ বিৱৰণী অনুসৰি, ৰঙিয়াৰ পিতাম্বৰ হাট বজালীৰ যুৱতীগৰাকীয়ে (19) দুমাহ পূৰ্বে ইনষ্টাগ্ৰামত চিনাকি হৈছিল মনোজ তালুকদাৰ নামৰ এজন যুৱকৰ সৈতে ৷ তাৰ পিচতে দুয়োয়ে নিজ সম্পৰ্কক বিবাহলৈ পৰিৱৰ্তিত কৰিবলৈ সিদ্ধান্ত লয় ৷ সেই সিদ্ধান্ত অনুসৰি প্ৰায় দুমাহৰ প্ৰেমৰ পিচত প্ৰেমিক যুগলে অসম এৰি অন্য ঠাইলৈ যোৱাৰ সিদ্ধান্ত লয় । সেইমৰ্মে দুয়ো যোৱা 21 মে'ৰ দিনাখন পলাই যায় । আনকি যুৱতীগৰাকীয়ে প্ৰজ্ঞান ভাৰতী আঁচনিত লাভ কৰা স্কুটীখনো এজন চিনাকি লোকৰ হাতত গতাই থৈ যায় ।

তাৰ পিচতে যুৱতীগৰাকী ঘৰৰ পৰা নোহোৱা হোৱা বুলি গম পাই পৰিয়ালৰ লোকসকলে ছোৱালীজনীৰ বিচাৰ-খোচাৰ কৰে যদিও সম্ভেদ লাভ কৰিবলৈ সক্ষম নহয় ৷ উপায়হীন গৈ পৰিয়ালৰ লোকে ৰঙিয়া আৰক্ষীৰ কাষ চাপে । আৰক্ষীয়ে ফোনৰ লোকেশ্যনৰ জৰিয়তে যুৱতীগৰাকী অন্ধ্ৰ প্ৰদেশত আছে বুলি জানিব পাৰে ।

ইফালে আৰক্ষীয়ে অধিক তদন্ত কৰি গম পাই যে মনোজ তালুকদাৰে ইতিমধ্যে তিনিগৰাকী আন মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ তেওঁৰ বিৰুদ্ধে দুগৰাকী পত্নীয়ে পৃথকে পৃথকে হাজো আৰু নলবাৰী থানাত গোচৰ ৰুজু কৰি থৈছে ।

আনহাতে যুৱতীগৰাকীয়ে পলাই গৈ বিপদত পৰিছে বুলিও সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । কাৰণ যুৱতীগৰাকীয়ে শেহতীয়াকৈ বান্ধৱী এগৰাকীক বাৰে বাৰে ফোন কৰি ঘৰৰ পৰা 10000 হাজাৰ টকা পঠিয়াবলৈ টানি অনুৰোধ জনাইছে । কিন্তু তাৰ পিচত সেই একেটা নম্বৰত পৰিয়ালৰ আন লোকে ফোন কৰে যদিও কোনেও ফোনটো ৰিচিভ নকৰে ৷ ইয়াৰ পিচতে এতিয়া যুৱতীগৰাকীৰ চিন্তাত পৰিলায়ৰ লোকে চিন্তাত দিন অতিবাহিত কৰিছে ৷

লগতে পঢ়ক: এখন ফটো দেখি যুৱকৰ উঠিল খং, কামুৰি আহত কৰিলে চাৰিজনক - Attack on Aadhaar centre staff

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.