পুৱা ৭.৩০ বজাৰ পৰা চলাচল মাজুলী নিমাতী মাজৰ ফেৰীসেৱা - Cyclone Remal

By ETV Bharat Assamese Team

Published : May 30, 2024, 9:53 AM IST

thumbnail
পুৱা ৭.৩০ বজাৰ পৰা চলাচল মাজুলী নিমাতী মাজৰ ফেৰীসেৱা (ETV Bharat Assam)

মাজুলী, ৩০ মে’ : আজিৰ (বৃহস্পতিবাৰ) পৰা পুনৰ আৰম্ভ মাজুলী নিমাতী ফেৰীসেৱা । আজি পুৱা ৭.৩০ বজাৰ পৰা চলাচল কৰিছে ফেৰীসমূহ । ৰেমলৰ বাবে জিলা প্ৰশাসনে বন্ধ কৰি দিছিল ফেৰীসেৱা । পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ অহাৰ বাবে আজি পুৱাৰে পৰা গুটীয়া ফেৰীৰ লগতে চৰকাৰী জাহাজসমূহ চলাচল কৰিছে ।

অৱশ্যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈয়ে আছে ৷ যদিহে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ থাকে, তেন্তে পুনৰ বন্ধ হ’ব পাৰে যোৰহাট নিমাতী ফেৰীসেৱা । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰীয়ে ৷

আনহাতে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে ফেৰী ৰখোৱা ৰেম্পসমূহ অলপ বেয়া হৈছে ৷ যাৰবাবে ৰেম্পসমূহ পুনৰ ভাল কৰাৰ বাবে ব্যস্ত হৈছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰীসকল ।

লগতে পঢ়ক : নিৰাপত্তাজনিত কাৰণত মহানগৰীত বুধবাৰে বন্ধ থাকিব ফেৰীসেৱা - Cyclone Remal

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.