ETV Bharat / health

আপোনাৰ মৰমৰ চুমাটিয়ে ৰুগীয়া কৰিব পাৰে আপোনাৰ কণমানিক - Kissing a Baby

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 9:05 PM IST

Kissing a Baby: আমি প্ৰায়েই কণমানি শিশুক দেখিলে নিজৰ প্ৰেম প্ৰকাশৰ বাবে চুমা খাও ৷ কিন্তু আপুনি জানেনে মৰমত খোৱা চুমা এটিয়ে তেওঁলোকৰ স্বাস্থ্যক কেনেধৰণে ক্ষতিগ্ৰস্ত কৰিব পাৰে ? আজি এই বিষয়ে জানো আহক-

Kissing can make your newborns sick
আপোনাৰ মৰমৰ চুমাটিয়ে ৰুগীয়া কৰিব পাৰে আপোনাৰ কণমানিক (FREEPIK)

শিশু সকলোৰে প্ৰিয় ৷ তেওঁলোকক দেখিলেই একোলা লোৱাৰ হেঁপাহ জাগে ৷ বহুতেই আকৌ শিশুক কোলাত লৈ চুমা এটা খালেহে শান্তি পায় ৷ শিশুৰ কোমল ছাল, সৰু আঙুলি, উজ্জ্বল চকু, মৰম লগা চাৱনিয়ে এনেকৈ আকৰ্ষণ কৰে যে, তেওঁলোকক দেখিলে চুমা খোৱাটো স্বাভাৱিক হৈ পৰে ৷ কিন্তু আপুনি মৰমত খোৱা এটা চুমাই তেওঁলোকৰ স্বাস্থ্যক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিব পাৰে ৷ হয়, শিশুক কিয় চুমা খাব নালাগে, আজি জানো আহক-

বিয়পিব পাৰে বীজাণু

শাৰীৰিক সংস্পৰ্শৰ পৰাই আটাইতকৈ বেছি বীজাণু বিয়পে ৷ ইফালে, শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হয় ৷ যাৰ বাবে, যিকোনো ৰোগে তেওঁলোকক খুব সোনকালে আক্ৰমণ কৰিব পাৰে ৷ সেয়েহে, শিশুসকলক অপ্ৰয়োজনীয়ভাৱে স্পৰ্শ বা চুম্বন নকৰাটোয়েই হৈছে তেওঁলোকক বীজাণুৰ পৰা সুৰক্ষিত কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় ৷

শ্বাস-প্ৰশ্বাসৰ ৰোগৰ আশংকা

শিশুৰ শ্বাসতন্ত্ৰও দুৰ্বল হয় ৷ তেওঁলোকৰ হাঁওফাঁও সম্পূৰ্ণৰূপে বিকশিত হ'বলৈ প্ৰায় ৮ বছৰ সময় লাগে ৷ সেয়েহে, যদি শিশুৰ ওঁঠত চুমা খাই থাকোতে ভাইৰাছ হাঁওফাঁওলৈ যায়, তেওঁলোক ৰুগীয়া হ'ব পাৰে ৷

ছাল ৰঙা পৰা

শিশুৰ ছাল অতি কোমল আৰু সংবেদনশীল ৷ যদি আপুনি মেকআপ বা মুখত যিকোনো প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে, তেন্তে শিশুৰ সংস্পৰ্শলৈ নাহিব ৷ প্ৰসাধন সামগ্ৰীত থকা ৰাসায়নিক পদাৰ্থৰ ফলত শিশুৰ ছালত দাগ বা ৰঙা পৰাৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

ভাইৰাছৰ সংক্ৰমণ

কিছুমান শিশুৰ গালত সৰু সৰু ফোঁহাৰ দৰে হয় ৷ ই হাৰপিছ চিম্পলেক্স ভাইৰাছৰ প্ৰকাৰ ১ ৷ এই ভাইৰাছৰ ফলত মুখ বা ওঁঠত চুমা খালে সৰু-সৰু ফোঁহা হয় ৷ এই অৱস্থাত আকৌ চুমা খালে ক্ৰমান্বয়ে ই মুখৰ আন অংশলৈ বিয়পি ভয়াৱহ ৰূপ ল’ব পাৰে ৷

চুম্বন ৰোগ

বহুতেই হয়তো প্ৰথমবাৰৰ বাবে এই ৰোগৰ নাম শুনিছে ৷ চুম্বন ৰোগক চিকিৎসা বিজ্ঞানৰ ভাষাত মনোনিউক্লিঅচিছ বুলি কোৱা হয় ৷ চুম্বন কৰোঁতে মুখৰ লেলাৱতিৰ ফলত এনে হ'ব পাৰে ৷ এই ৰোগৰ ফলত, শিশুৰ খজুৱতি, নাকৰ পৰা পানী ওলোৱা আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যা হ'ব পাৰে ৷

লগতে পঢ়ক: প্ৰেম প্ৰকাশৰ মাধ্যমেই স্বাস্থ্যৰ পক্ষেও সমানে উপকাৰী চুমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.