নাই সুৰক্ষামূলক ব্যৱস্থা: নিৰ্মীয়মান উৰণ সেতুৰ পৰা পৰি আহত শ্ৰমিক - Labourer injured in Kaliabor

By ETV Bharat Assamese Team

Published : May 21, 2024, 6:38 PM IST

Updated : May 21, 2024, 7:54 PM IST

thumbnail
সুৰক্ষামূলক ব্যৱস্থাৰ অভাৱ (Source : Etv Bharat Assam)

কলিয়াবৰ, 21 মে’: কলিয়াবৰৰ নিৰ্মাণৰত অৱস্থাত থকা উৰণ সেতুত অঘটন । 20 ফুট উচ্চতাৰ অৰ্ধনিৰ্মিত উৰণ সেতুৰ পৰা পৰি গুৰুতৰভাৱে আহত শ্ৰমিক । আহত শ্ৰমিকজন ধুবুৰীৰ তফিকুৰ ৰহমান বুলি জানিব পৰা গৈছে । শ্ৰমিকজনক ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসাধীন হৈ আছে তেজপুৰৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷

উল্লেখ্য় যে, ছিমপ্লেক্স কোম্পানীৰ অধিনস্থ নিৰ্মীয়মান উৰণ সেতুত নাই শ্ৰমিকৰ বাবে কোনো সুৰক্ষাৰ ব্যৱস্থা ৷ সমান্তৰালকৈ দলংখনৰ নিৰ্মাণকাৰ্য লেহেমীয়া গতিত চলাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে । এই অৱস্তাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰৰ পৰা শ্ৰমিকৰ সুৰক্ষা ব্যৱস্থাত গুৰুত্ব নিদিলে কাম বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় লোকে ।

তাৎপৰ্যপূৰ্ণভাৱে 2008 বৰ্ষতে কাম আৰম্ভ কৰা এই উৰণ সেতুৰ আজিকোপতি নিৰ্মাণকাৰ্য শেষ নহ’ল ৷ যাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে দৈনন্দিন যাত্ৰীসকলৰ লগতে যান-বাহনৰ চালকসকল ৷

লগতে পঢ়ক: Dilapidated Road In Manikpur: উৰণীয়া সেঁতু নিৰ্মাণকাৰী সংস্থাৰ বাবে মাণিকপুৰত কৃত্ৰিম বান

Last Updated : May 21, 2024, 7:54 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.