মাতৃগৃহলৈ ওলাই যোৱাৰ পিচৰে পৰাই চিলাপথাৰত পাঁচ দিনেই সন্ধানহীন মহিলা - Woman missing in Silapathar

By ETV Bharat Assamese Team

Published : May 1, 2024, 7:28 AM IST

thumbnail

জোনাই, ১ মে': ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিমেনমুখ গাঁও পঞ্চায়তৰ লামাবৰগঁড়া গাঁৱৰ এগৰাকী ৩৪ বছৰীয়া মহিলা বিগত পাঁচদিনে নিৰুদ্দেশ হৈ থকাত চিন্তিত হৈছে পৰিয়ালৰ লোকসকল । বুদ্ধেশ্বৰ দলেৰ পত্নী যোৱা ২৫ এপ্ৰিলত মাতৃৰ ঘৰলৈ বুলি দুপৰীয়া ১২ বজাত লামাবৰগঁড়া গাঁৱৰ ঘৰৰ পৰা ওলাই যায় যদিও পাঁচদিনে সন্ধানহীন হৈ আছে মহিলাগৰাকী ৷

মহিলাগৰাকীৰ স্বামী অৰুণাচল প্ৰদেশৰ পাছিঘাটত এজন গাড়ী চালক হিচাপে বহু বছৰ ধৰি কাম কৰি আহিছে । হঠাৎ পত্নীৰ নিৰুদ্দেশৰ খবৰ পাই কালি পাছিঘাটৰ পৰা ঘৰলৈ আহি মহিলাগৰাকীৰ বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান লাভ কৰিব পৰা নাই ।

স্বামীয়ে বহু ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও কোনো সন্ধান লাভ নকৰাত মঙলবাৰে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । পাঁচদিনে ঘৰলৈ উভতি নহা দেখি আৱেগিক হৈ পুত্ৰ-কন্য়াই কান্দি কান্দি মাতৃক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: 19 দিন ধৰি নিৰুদ্দিষ্ট 4 জনকৈ লোক ; শুংসূত্ৰ উলিওৱাত ব্যৰ্থ আৰক্ষী - Women And Child Missing In Jonai

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.