ETV Bharat / bharat

হিট্ এণ্ড ৰাণ: নাবালকৰ গাড়ীৰ খুন্দাত নিহত প্ৰেমিক-প্ৰেমিকা; ৰাজ্যৰ ৰাজনীতি গৰম কৰিছে এই দুঘৰ্টনাই - Pune Porsche Accident

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 8:23 PM IST

Pune Hit and Run case: নিশা সংঘটিত হিট্ এণ্ড ৰাণৰ এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এজন বিখ্যাত বিল্ডাৰৰ নাবালক পুত্ৰৰ গাড়ীৰ খুন্দাত নিহত এহাল যুৱক-যুৱতী ৷ ঘটনাক লৈ ৰাজনৈতিক মহলতো উত্তেজনা ৷

PUNE PORSCHE ACCIDENT
PUNE PORSCHE ACCIDENT (ETV Bharat)

নিউজ ডেস্ক, 21 মে’: পুনে চহৰৰ কল্যাণী নগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । শনিবাৰে মাজনিশা কল্যাণীনগৰত পাৰ্টিলৈ গৈ থকা এজন কিশোৰে তীব্ৰবেগেৰে গাড়ী চলাই দুগৰাকী পথচাৰীক মহতিয়াই নিয়ে ৷ ফলত দুয়োৰে থিতাতে মৃত্যু হয় । পুনেৰ এই হিট এণ্ড ৰাণ গোচৰত জুভেনাইল আদালতে অভিযুক্ত নাবালকক জামিন প্ৰদান কৰিছে । সোতৰ বছৰীয়া কিশোৰজনৰ গাড়ীৰ খুন্দাত নিহত হোৱা দুই পথচাৰী হৈছে অনিছ দুডিয়া আৰু তেওঁৰ প্ৰেমিকা অশ্বিনী কষ্টা ।

চৰ্তৰ ভিত্তিত অভিযুক্তক জামিন প্ৰদান : অভিযুক্তজন যিহেতু নাবালক আৰু তেওঁৰ ওপৰত জাপি দিয়া দফা জামিনযোগ্য হোৱাৰ বাবে কিছুমান বিশেষ চৰ্তত আদালতে তেওঁক জামিন প্ৰদান কৰে । নাবালক অভিযুক্তই অহা ১৫ দিন পথত থিয় হৈ যান-বাহন বিভাগৰ কৰ্মচাৰীৰ সৈতে যান-বাহন চলাচলৰ পৰিকল্পনা কৰিব লাগিব ।

লগতে নাবালকজনে মনোৰোগ বিশেষজ্ঞৰ পৰা পৰামৰ্শ ল’ব লাগিব । ভৱিষ্যতে যদি তেওঁৰ হাতত কোনো দুৰ্ঘটনা সংঘটিত হয় তেন্তে তেওঁ দুৰ্ঘটনাগ্ৰস্তক সহায় কৰিব লাগিব । চিকিৎসকৰ ওচৰলৈ গৈ মদ্যপান বন্ধ কৰাৰ পাঠ ল’ব লাগিব বুলি চৰ্তত জামিন মঞ্জুৰ কৰা হৈছে অভিযুক্ত নাবালকজনক ।

দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি কয় ?

এই দুঘৰ্টনা সন্দৰ্ভত পুনেৰ আৰক্ষী আয়ুক্ত অমিতেশ কুমাৰে কয়, ‘‘অভিযুক্তক নাবালক হোৱাৰ বাবে জামিন মঞ্জুৰ কৰা হৈছে । কিন্তু আমি ইয়াৰ বিৰুদ্ধে সত্ৰ আদালতত আবেদন দাখিল কৰিবলৈ ওলাইছো । ল’ৰাটোৰ পিতৃ আৰু তেওঁ মদ্যপান কৰা পাবখনৰ মালিকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে ।’’

‘‘আমি আবকাৰী বিভাগৰ সৈতে কাম কৰি কোৰেগাঁও পাৰ্ক এলেকাৰ কল্যাণী নগৰৰ পাব আৰু বাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম । কোনোৱেই ৰক্ষা নাপাব । নম্বৰ প্লেট নথকা গাড়ীখন দিয়া ডিলাৰৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব । এই গোচৰৰ তদন্ত সহকাৰী উপায়ুক্তৰ হাতত অৰ্পণ কৰা হৈছে আৰু এই গোচৰত থানাখনৰ চিচিটিভি ফুটেজৰো তদন্ত কৰা হ’ব । ইয়াৰ পৰাই গম পোৱা যাব কোনোবাই ৰাজনৈতিক হেঁচা দিছিল নেকি ।’’ তেওঁ লগতে কয় ৷

লগতে পঢ়ক: এখন, দুখন নহয় একেলগে জ্বলিল 19 খন চিতা - Terrible Road Accident

‘‘এই গোচৰত দুই বাৰ অপাৰেটৰ ক্ৰমে ক’জি বাৰ আৰু ব্লেক বাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব । ল’ৰাটো সঁচাকৈয়ে নাবালক নেকি সেই বিষয়ে তদন্ত আৰম্ভ কৰিছে বিদ্যালয়ে । কিন্তু, ল’ৰাজনে যে মদ্যপান কৰি গাড়ী চলাইছিল সেয়া স্পষ্ট হৈ পৰিছে ।’’ আৰক্ষী বিষয়াগৰাকীয়ে কয় ৷

নিশা বাৰ বন্ধ কৰাৰ দাবী ৰাজনৈতিক নেতাৰ: কল্যাণী নগৰ দুৰ্ঘটনা গোচৰ সন্দৰ্ভত আজি সকলো দলীয় প্ৰতিনিধি দলে সাক্ষাৎ কৰিছে আৰক্ষী আয়ুক্ত অমিতেশ কুমাৰক । ৰাতি খোলা হোটেল আৰু পাব বন্ধ কৰিবলৈ দাবী জনাইছে আটাইকেইজন দলৰ নেতাই । এই সন্দৰ্ভত কংগ্ৰেছ, বিজেপি, এমএনএছ, এনচিপি আদি সকলো দলীয় নেতাই আৰক্ষী আয়ুক্ত অমিতেশ কুমাৰক সাক্ষাৎ কৰি বিবৃতি দিছে ।

পুনেৰ য়েৰৱাডা থানাত প্ৰতিবাদ সাব্যস্ত কৰি এই হিট এণ্ড ৰাণ গোচৰত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ বিধায়ক ৰবীন্দ্ৰ ধংগেকাৰে । ‘‘পুনে চহৰৰ এজন বৃহৎ নিৰ্মাণ ব্যৱসায়ীৰ পুত্ৰই মদ্যপান কৰি গাড়ী চলাই মাজনিশা দুচকীয়া বাহনেৰে যোৱা দুই আৰোহীৰ প্ৰাণ ল’লে ৷ থিতাতে মৃত্যু হয় দুই নিৰীহৰ । অৱশ্যে আৰক্ষীয়ে বিল্ডাৰ আৰু তেওঁৰ পুত্ৰৰ পক্ষ লয় । যিবোৰ ধাৰা আৰোপ কৰিবলগীয়া হৈছিল, সেইবোৰ আৰোপ কৰা হোৱা নাছিল । গতিকে ল'ৰাটোৱে লগে লগে জামিন পালে ।’’ বিধায়কজনে কয় ৷

বিধায়ক ধংগেকাৰে কালি পুনেৰ য়েৰৱাদা থানাত কোটি কোটি টকাৰ লেনদেন সংঘটিত হোৱাৰ অভিযোগৰ লগতে ইয়াৰ উপযুক্ত তদন্ত কৰিবলৈ দাবী জনাইছে ।

ধংগেকাৰে লগতে কয়, ‘‘মহানগৰীত বাৰ-পাব দেৰিলৈকে খোলা থাকিব নালাগে । যোৱা কেইদিনমানৰ পৰা এই কথা কৈ আহিছো । মই এইটোও কৈছোঁ যে এই পাব অপাৰেটৰসকলক গভীৰ নিশালৈকে পাব চলাবলৈ দিয়া উচিত নহয় । কিন্তু আৰক্ষী প্ৰশাসনে মোৰ কথা নুশুনিলে । পাব আৰু বাৰ গভীৰ নিশালৈকে খোলা থকাৰ বাবে বহু কু-কৰ্ম সংঘটিত হৈছে । দুৰ্ঘটনাও বাঢ়িছে । আমি যিহেতু জনপ্ৰতিনিধি, গতিকে বহু নাগৰিকে আমাৰ ওচৰত এই বিষয়ে অভিযোগ কৰিছিল ।’’

‘‘কল্যাণী নগৰত এই ঘটনা সংঘটিত হৈছে, কাৰণ পাব-বাৰবোৰ গভীৰ নিশালৈকে খোলা আছিল । চহৰ আৰু বাৰত সময় সলনি কৰি সেইবোৰ হ্ৰাস কৰক । এনে কৰিলেহে পুনেৰ সংস্কৃতি বাচি থাকিব । তদুপৰি দুৰ্ঘটনা আৰু দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰা হ’ব’’ বুলিও ধংগেকাৰে কয় ।

ন্যায়িক তদন্তৰ দাবী বিৰোধীৰ: পুনেৰ ভয়ানক দুৰ্ঘটনাৰ পিছত ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে । বিধানসভাৰ বিৰোধী দলৰ নেতা বিজয় ৱাডেট্টিৱাৰে এই বিষয়ত ন্যায়িক তদন্তৰ দাবী তুলিছে । শিৱসেনা থাকৰে গোটৰ মুখপাত্ৰ সঞ্জয় ৰাউতে আৰক্ষী আয়ুক্ত অমিতেশ কুমাৰক নিলম্বন কৰিবলৈ দাবী জনাইছে ।

বিৰোধী দলৰ নেতা বিজয় ৱাডেট্টিৱাৰে এক্সত পোষ্ট কৰি দুৰ্ঘটনাটোৰ তদন্ত সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে । পুনেৰ দুৰ্ঘটনাত অভিযুক্তৰ মদ্যপান পৰীক্ষাত নিগেটিভ পোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: বন্ধুৱে ডিঙি ৰেপি হত্যা কৰিলে বন্ধুক, কাৰণ শুনিলে চকু কপালত উঠিব আপোনাৰ - Man Slits Throat Of Friend

আনহাতে, চিচিটিভিৰ ফুটেজত দেখা গৈছে যে নাবালক অভিযুক্তই সুৰাপান কৰি আছিল । সেয়েহে আৰক্ষীৰ তদন্তক লৈ প্ৰশ্ন উত্থাপন হৈছে । নাবালক অভিযুক্তই কেনেকৈ সুৰাৰ সুবিধা লাভ কৰিলে ? পুনেত কেনেকৈ ৰাজপথলৈ আহিল পঞ্জীয়নবিহীন গাড়ী ? নিয়ম ভংগ কৰি বাৰ-পাব খোলে নেকি ? যদি খোলে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা কিয় নহয় ? এই প্ৰশ্নসমূহৰ তদন্ত নকৰাকৈয়ে যেন পুনে আৰক্ষীয়ে অভিযুক্তক নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ তদন্ত চলাইছে । অভিযুক্ত নাবালক, এই কথা জানিও কিয় ইমান সময় লাগিল দেউতাকক গ্ৰেপ্তাৰ কৰিবলৈ ? এনে কেতবোৰ প্ৰশ্ন উত্থাপন কৰি এই ঘটনাৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰা হয় । এই গোচৰত পুনে আৰক্ষীৰ বিৰুদ্ধেও তদন্ত কৰিব লাগে বুলি দাবী উত্থাপন কৰা হৈছে ।

আৰক্ষীৰ বিৰুদ্ধে অভিযোগ: শিৱসেনা থাকৰে গোটৰ সাংসদ সঞ্জয় ৰাউতে পুনেৰ দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষী আয়ুক্তক নিলম্বন কৰিব লাগে বুলি কয়, "পুনে আৰক্ষী আয়ুক্তক নিলম্বন কৰিব লাগে । তেওঁ অভিযুক্তক সুৰক্ষা দিবলৈ চেষ্টা কৰিছিল । এহাল যুৱক-যুৱতীৰ মৃত্যু হৈছে । অৱশ্যে নাবালক অভিযুক্তই 2 ঘণ্টাৰ ভিতৰত জামিন লাভ কৰে । ভিডিঅ'টোত নাবালক অভিযুক্তজনে মদ্যপান কৰি আছিল । কিন্তু তেওঁৰ মেডিকেল ৰিপ’ৰ্ট নেগেটিভ আহিল ।’’

এন চি পিৰ বিধায়কৰ বিৰুদ্ধে হস্তক্ষেপৰ অভিযোগ: অভিযোগ উত্থাপন হৈছে যে এন চি পি (অজিত পাৱাৰ গোট)ৰ বিধায়ক সুনীল টিংগ্ৰেই পুনেৰ এই দুৰ্ঘটনাত পুনে আৰক্ষীক হেঁচা প্ৰয়োগ কৰিছিল । এই সন্দৰ্ভত সোমবাৰে নিশা এক্সত পোষ্ট কৰি বিধায়ক সুনীল টিংগ্ৰেই এই অভিযোগ খাৰিজ কৰিছে ।

পোষ্টটোত তেওঁ কয়, "যদিও মোৰ এই দুৰ্ভাগ্যজনক দুৰ্ঘটনাটোৰ লগত কোনো সম্পৰ্ক নাই, তথাপিও মোৰ সম্পৰ্কে ভুল আৰু মানহানিকাৰক তথ্য কালিৰে পৰা ছ'চিয়েল মিডিয়াত একাংশই প্ৰচাৰ কৰি আহিছে । মোৰ কৰ্মীসকলে মোক পুৱতি নিশা প্ৰায় ৩ বজাত সমষ্টিটোত সংঘটিত এক বৃহৎ দুৰ্ঘটনা সম্পৰ্কে ফোন কৰিছিল । লগতে মোৰ চিনাকি এজন বিল্ডাৰে মোক ফোন কৰে । মই ক’লো যে দুৰ্ঘটনাটো ল’ৰাটোৰ লগত হৈছে । সেই অনুসৰি ৰাতিপুৱা ঘটনাস্থলীলৈ গৈ আমি দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি নিৰ্দেশ দি তাৰ পৰা ওলাই আহিলোঁ । সেই কথা আৰক্ষী বিষয়াসকলে স্বীকাৰ কৰিব৷’’

তদুপৰি, বিধায়ক টিংগ্ৰেই পোষ্টটোত কয়, " তেওঁ এই 'নৈশ জীৱন'ৰ বিৰোধী আৰু মাজে মাজে মাত মাতি আহিছে । বিমনগৰ, কল্যাণীনগৰ, খাৰাদী আৰু লগতে অভিজাত এলেকাত অবৈধ পাব, বাৰ আৰু টেৰেচ হোটেল গভীৰ নিশালৈকে খোলা থাকে । সুৰা বিক্ৰী, মাটকা ব্যৱসায়, হোকা পাৰ্লাৰ ড্ৰাগছ বিক্ৰী আৰু মালিচ পাৰ্লাৰৰ দৰে অবৈধ ব্যৱসায়ৰ সন্দৰ্ভতো আৰক্ষী আয়ুক্তক এখন পত্ৰ দিয়া হৈছে । বিধানসভাতো ইয়াক উত্থাপন কৰা হৈছে ।’’

লগতে পঢ়ক: ছিংগাপুৰত কিয় গ্ৰেপ্তাৰ হ'ল ভাৰতীয়মূলৰ লোক ? - Indian origin man sentenced to jail

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.